গুৱাহাটী, ২ এপ্ৰিলঃ যোৱা নিশা ৯ বজা পৰ্যন্ত অসমত COVID 19 পজিটিভ ৰোগীৰ সংখ্যা ১৩ জন আছিল যদিও মাজনিশা আৰু তিনিজনৰ শৰীৰত এই ৰোগৰ বীজানু থকা বুলি ৰাজ্যৰ স্বাস্থ্য বিভাগ নিশ্চিত হয় । ইয়াৰ লগে লগে অসমত এই ৰোগত আক্ৰান্তৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পালে । যোৱা নিশা ১২:১৫ বজাত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত কৰে এই কথা । নতুনকৈ COVID 19 পজিটিভ বুলি ধৰা পৰা তিনিওজন লোক গোৱালপাৰাৰ বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে । লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে এই তিনিওজনেই নিজামুদ্দিনত তবলিগী জামাতত ভাগ লৈ অসমলৈ ঘূৰি আহিছিল ।
অসমত ১৬ জনলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা - অসমত ১৬ জনলৈ বৃদ্ধি পালে
COVID 19ত আক্ৰান্ত ৰোগীৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পালে অসমত ৷ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত কৰে এই কথা ৷
![অসমত ১৬ জনলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা ১৬ জনলৈ বাঢ়িল আক্ৰান্তৰ সংখ্যা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6628546-631-6628546-1585799850725.jpg)
১৬ জনলৈ বাঢ়িল আক্ৰান্তৰ সংখ্যা