অসম

assam

ETV Bharat / state

বানৰ কৱলত ৰাজ্যৰ 25 খন জিলা

ৰাজ্যৰ 25 খনকৈ জিলা বানৰ কৱলত ৷ বৰ্তমানলৈ 14,06,711 গৰাকী লোক বানপানীৰ দ্বাৰা প্ৰভাৱিত ৷ বিপদ সীমাৰ ওপৰত কেইবাখনো গাঁও ৷

বানৰ কবলত ৰাজ্যৰ 25 খন জিলা

By

Published : Jul 13, 2019, 8:26 PM IST

গুৱাহাটী,13 জুলাই : ৰাজ্যত অব্যাহত বানৰ সংহাৰী ৰূপ ৷ বানৰ ফলত বৰ্তমানলৈকে নিহত হৈছে 6 গৰাকীকৈ ব্যক্তি । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ধেমাজি,লখিমপুৰ,বিশ্বনাথ,শোণিতপুৰ,দৰং,বাক্সা,বৰপেটা,নলবাৰী,চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ,মৰিগাঁও, নগাঁও,গোলাঘাট,মাজুলী,যোৰহাট,ডিব্ৰুগড়ৰ,হোজাই,গোৱালপাৰা,তিনিচুকীয়া,কামৰূপ,দক্ষিণ কাৰ্বি আংলং,কাছাৰ আৰু ধুবুৰী জিলাকে ধৰি ৰাজ্যৰ 25 খনকৈ জিলা বানৰ কৱলত পৰিছে ।

বানৰ কবলত ৰাজ্যৰ 25 খন জিলা

25 খন জিলাৰ মুঠ 14,06,711 গৰাকী লোক বৰ্তমানলৈকে বানৰ দ্বাৰা প্ৰভাৱিত হৈছে । ব্ৰহ্মপুত্ৰ নদী বৰ্তমান যোৰহাট,শোণিতপুৰ,কামৰূপ, গোৱালপাৰা আৰু ধুবুৰী জিলাত বিপদ সীমাৰ ওপৰেদি বৈছে । বুঢ়ীদিহিং নৈ ডিব্ৰুগড়ত,দিচাং নৈ শিৱসাগৰত,কপিলী নৈ নগাঁৱত,কাতাশাল নৈ হাইলাকান্দিত,কুছিয়াৰা নৈ কৰিমগঞ্জত,সোৱণশিৰী নৈ লখিমপুৰত,ধানশিৰী নৈ গোলাঘাটত,জীয়া ভৰালী নৈ শোণিতপুৰত আৰু বৰাক নৈ কাছাৰত বিপদ সীমাৰ ওপৰেদি বৈছে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details