পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি-
1.পুনৰ সংস্থাপনৰ দাবীত লাইকা-দধিয়াবাসীৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট
মঙলবাৰৰে পৰা বৰগুৰিত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে লাইকা-দধিয়াবাসীয়ে ৷ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা আৰু লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ দাবীত ৰূপায়ন এই প্ৰতিবাদী কাৰ্যসূচী ৷
2. জানুৱাৰী পৰা খুলিব প্ৰাথমিক বিদ্যালয়ঃধেমাজিত বিদ্য়ালয় কৰ্তৃপক্ষৰ তৎপৰতা
ক'ৰণা ভাইৰাছৰ বাবে দীঘলীয়া বন্ধৰ অন্তত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পৰ্যায়ক্ৰমে আৰম্ভ হৈছে পাঠদান প্ৰক্ৰিয়া ৷ এইবাৰ দীৰ্ঘদিন ধৰি শিক্ষাৰ পৰা বঞ্চিত হৈ থকা কণ কণ শিক্ষাৰ্থীৰ বাবে প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ ঘোষণা কৰিছে শিক্ষা বিভাগে ৷ সেয়ে প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান প্ৰক্ৰিয়া পুনৰ আৰম্ভ হোৱাৰ খবৰে কণ কণ শিক্ষাৰ্থী, অভিভাৱকৰ সমানেই উৎফুল্লিত কৰি তুলিছে শিক্ষকসকলকো ৷
3.আদ্ৰ বায়ুৰ পৰা পানী সংগ্ৰহ কৰিবলৈ ন-পদ্ধতিৰ উদ্ধাৱন আইআইটি গুৱাহাটীৰ গৱেষকৰ
পানীৰ অপাৰস্পৰিক উৎস আদ্ৰ বায়ুৰ পৰা পানী সংগ্ৰহ কৰাৰ লক্ষ্যৰে এক নতুন পদ্ধতিৰ বিকাশ সাধন কৰে আইআইটি গুৱাহাটীৰ গৱেষকৰ এটা দলে ৷ এই পদ্ধতিয়ে দেশত খোৱাপানীৰ সমস্যা নিৰ্মূল কৰিব বুলি মন্তব্য কৰে গৱেষকৰ দলটোৱে ৷
4.অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী লুৰিণজ্যোতি গগৈৰ
অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব লৈ প্ৰথমবাৰৰ বাবে নগাঁৱত উপস্থিত হয় সদ্য প্ৰাক্তন আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। আঞ্চলিক দলটোৰ নেতাগৰাকী উপস্থিত হোৱাৰ লগে লগে ফটকা আতচবাজিৰে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে নগাঁও চহৰত। আনহাতে,কৃষক নেতা অখিল গগৈক চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰখা বুলি মন্তব্য কৰি অতি শীঘ্ৰে অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী উত্থাপন কৰে লুৰিণজ্যোতি গগৈয়ে।
5.নগাঁও মহাবিদ্যালয়লৈ অটোন'মাছ কলেজৰ স্বীকৃতি
বিশ্ববিদ্যালয় অনুদান আয়োগে ১০ বছৰৰ বাবে নগাঁও মহাবিদ্যালয়ক অটোন'মাছ কলেজৰ স্বীকৃতি প্ৰদান কৰিছে ৷ মঙলবাৰে সন্ধিয়া এই খবৰ লাভ কৰাৰ পাচৰে পৰা উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষকসকলে ৷