অসম

assam

ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি - দহটা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

দহটা বাতৰি
দহটা বাতৰি

By

Published : Dec 20, 2020, 8:58 AM IST

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি-

1. আইচিইউ কক্ষত সংঘটিত অগ্নিকাণ্ডত মৃত্যুক সাৱটিলে 9 গৰাকী ক'ভিড-19 আক্ৰান্তই

তুৰ্কীৰ স্বাস্থ্যমন্ত্ৰী ফাহৰেট্টিন ক'চাই জনাইছে যে অক্সিজেন চালিত উচ্চ চাপযুক্ত যন্ত্ৰৰ বিস্ফোৰণ ঘটি তুৰ্কীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আইচিইউ কক্ষত অগ্নিকাণ্ড সংঘটিত হৈছে ৷ অগ্নিকাণ্ডৰ ফলত আইচিইউত চিকিৎসাধীন হৈ থকা 9 গৰাকী ক'ভিড-19 আক্ৰান্ত ৰোগীয়ে দুৰ্ভাগ্যজনক ভাৱে মৃত্যুক আঁকোৱালি লয় ৷

2.2021 বৰ্ষত প্ৰতিমাহে 850 টন Covax প্ৰদান কৰিব UNICEFয়ে

UNICEFয়ে আগন্তুক বৰ্ষত প্ৰতিমাহে মুঠ 850 টন ক’ভিড-19ৰ প্ৰতিষেধক Covax প্ৰদান কৰাৰ সম্ভাৱনা ৷ এই পদক্ষেপক এক ঐতিহাসিক পদক্ষেপ আখ্যা UNICEFৰ কাৰ্যবাহী নিৰ্দেশক হেনৰিটা ফ’ৰৰ ৷

3.তিৱা পৰিষদৰ নিৰ্বাচনৰ সফল সমাপ্তিত জিলা প্ৰশাসনৰ ধন্যবাদ জ্ঞাপন

শনিবাৰে শান্তি পূৰ্ণ ভাৱে সম্পন্ন হ'ল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচন ৷ প্ৰায় এমাহজোৰা নিৰ্বাচনী প্ৰস্তুতিৰে সম্পন্ন হোৱা তিৱা পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচতে নিৰ্বাচনী বিষয়া তথা স্থানীয় ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

4.ভাৰতীয়-আমেৰিকান বেদান্ত পেটেলক বাইডেনৰ সহকাৰী প্ৰেচ উপদেষ্টা নিৰ্বাচন

সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জ' বাইডেনে শুকুৰবাৰে ভাৰতীয়-আমেৰিকান বেদান্ত পেটেলক সহকাৰী প্ৰেচ উপদেষ্টা হিচাপে নিৰ্বাচন কৰে ৷ পেটেল বৰ্তমান বাইডেনৰ উদ্বোধনী সমিতিৰ মুখপাত্ৰ হিচাপে কৰ্মৰত আৰু পূৰ্বতে তেওঁ বাইডেনৰ নিৰ্বাচনী প্ৰচাৰত আঞ্চলিক কমিউনিকেশ্বন ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

5.ক’ভিড-19ৰ প্ৰতিষেধক গ্ৰহণ ইজৰাইলী প্ৰধানমন্ত্ৰীৰ

ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে শনিবাৰে ক’ভিড-19ৰ প্ৰতিষেধক গ্ৰহণ কৰে ৷ ইজৰাইলৰ প্ৰথম গৰাকী ক’ভিড-19ৰ প্ৰতিষেধক লোৱা ব্যক্তি হিচাপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী নেটান্য়াহু ৷

6. দহ দিনীয়া বৰাক ভ্ৰমণ কাৰ্যসূচী বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ

10 দিনীয়া কাৰ্যসূচীৰে শনিবাৰে বৰাক উপত্যকা ভ্ৰমণ আৰম্ভ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে ৷ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যেই তৎপৰ হৈ পৰিছে শাসনাধীস্থ দলটো ৷ সমষ্টিভিত্তিক কৰ্মীসভা অনুষ্ঠিত কৰিছে দলটোৱে ৷

7.তিৱা পৰিষদীয় নিৰ্বাচনৰ ফলাফল '২১ৰ নিৰ্বাচনৰ প্ৰতিফলন : ৰণজিৎ দাস

শনিবাৰে ঘােষিত তিৱা স্বায়ত্ব পৰিষদৰ নির্বাচনী ফলাফলত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত জনাদেশ দিয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী, অসম প্রদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে পৰিষদখনৰ জনসাধাৰণৰ প্রতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

8.খালী হৈ যাব কংগ্ৰেছৰ মোনা : কিয় কলে আঙুৰলতা ডেকাই !

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই খালী হৈ যাব কংগ্ৰেছৰ মোনা । তিৱা নিৰ্বাচনৰ ফলাফল, বিটিচিৰ ফলাফল, আগন্তুক বিধানসভা নিৰ্বাচনৰ বিজেপিৰ ৰণকৌশলৰ লগতে কংগ্ৰেছৰ নেতা, বিধায়কৰ বিজেপি গমন আদি কেবাটাও বিষয় সামৰি বিধায়িকা আঙুৰলতা ডেকাৰ সৈতে ই টি ভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ...

9.গৱেষক শিক্ষাৰ্থীৰ বাবে সোমবাৰৰ পৰা পুনৰ খোলা হ'ব জে এন ইউ

সোমবাৰৰ পৰা গৱেষক শিক্ষাৰ্থীৰ বাবে পুনৰ খোলা হ'ব জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় । COVID-১৯ মহামাৰীৰ বাবে ৭ মাহে বন্ধ হৈ থকাৰ পিছত বিশ্ববিদ্যালয় খোলাৰ চতুৰ্থ পৰ্যায়ত গৱেষক শিক্ষাৰ্থীক বিশ্ববিদ্যালয়ত প্ৰৱেশৰ অনুমতি দিয়া হৈছে ।

10. ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰথম মুখপাত্ৰ এম জি বৈদ্যৰ শেষ নিশ্বাস ত্যাগ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ নেতা তথা সংঘৰ প্ৰথম মুখপাত্ৰ মাধৱ গোবিন্দ বৈদ্যৰ শনিবাৰে মৃত্যু ঘটে ৷ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত 97 বছৰ বয়সত মৃত্যু ঘটে আৰএছএছৰ জ্যেষ্ঠ নেতাগৰাকীৰ ৷

ABOUT THE AUTHOR

...view details