1. অসম জাতীয় পৰিষদৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ
নিৰ্বাচনৰ চমু চাপি অহাৰ প্ৰাকক্ষণতে বৃহস্পতিবাৰে ঘোষণা কৰা হ'ল অসম জাতীয় পৰিষদৰ তৃতীয়খন প্ৰাৰ্থী তালিকা ৷ অসম গণ পৰিষদৰ দুৰ্গ হিচাপে পৰিগণিত পশ্চিম গুৱাহাটী সমষ্টিত অসম জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰুণা লাইলাই ।
2.হোজাইবাসীক CVIGIL এপ ব্যৱহাৰৰ আহবান প্ৰশাসনৰ
ভাৰতৰ নির্বাচন আয়ােগে আৰম্ভ কৰা CVIGIL এপ ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনাই হােজাই জিলা প্রশাসনৰ । এপৰ জৰিয়তে নিৰ্বাচনী আচৰণ বিধি ৰক্ষা কৰাত ৰাইজৰ সহযোগিতা কামনা কৰে জিলা প্ৰশাসনে ।
3. বাইকত তেল নাই, সমৰ্থকে ভাঙিলে শুকুৰ আলী আহমেদৰ বাহন !
চেঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলী আহমেদৰ ৰেলীত বৃহস্পতিবাৰে এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি ৷ দলীয় সমৰ্থকে ভাঙি লণ্ড-ভণ্ড কৰে শুকুৰ আলী আহমেদৰ বাহন ৷
4.বিজেপিৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে সৰভোগ: ৰণজিৎ কুমাৰ দাস
বৰপেটাত বিজেপিৰ প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসৰ মনোনয়ন দাখিল ৷ সৰভোগ সমষ্টিৰ হৈ বিজেপিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে শংকৰ চন্দ্ৰ দাসে ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস আৰু বৰপেটাৰ অগপ বিধায়কক সংগী কৰি বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল দাসৰ ৷ সৰভোগ সমষ্টি বিজেপিৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে বুলি মন্তব্য দাসৰ ৷
5. সুৰভী ৰাজকুঁৱৰীৰ হৈ শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ তপন গগৈৰ
বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীৰ হৈ বৃহস্পতিবাৰে ১০৮ নং শিৱসাগৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ তপন গগৈ আৰু বিজেপি দলৰ ৰাজ্যিক ক্ৰীড়া কোষৰ সভাপতি বিজিত গগৈয়ে ৷