অসম

assam

By

Published : Mar 16, 2021, 6:59 PM IST

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ সংবাদ

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ সংবাদ...

top10 news
মুখ্য সংবাদ

1. ধিঙত তীব্ৰতৰ হৈছে আমিনুল-মেহবুবৰ নিৰ্বাচনী আক্ৰোশ

ধিং সমষ্টিৰ পৰা পুনৰ এআইইউডিএফ-ৰ প্ৰাৰ্থিত্ব লাভ কৰা আমিনুল ইছলাম আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ মাজত আৰম্ভ হৈছে ৰাজনৈতিক সংঘাত ৷ আক্ৰমণ-প্ৰতি আক্ৰমণত ব্যস্ত হৈ পৰিছে দুয়োগৰাকী নেতা ৷ ৰাইজৰ কাষ চপাৰ চেষ্টা অব্যাহত ৰাখিছে দুয়োগৰাকী নেতাই ৷

2. অতুল বৰাক তীব্ৰ সমালোচনা টিকট বঞ্চিত বিজেপি নেতা জয়ন্ত দাসৰ

ক্ৰমাৎ জমি উঠিছে দিছপুৰ সমষ্টিৰ নিৰ্বাচনী যুঁজ ৷ টিকট বঞ্চিত হৈ অতুল বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে পুৰণি বিজেপি নেতা জয়ন্ত দাস ৷ খঙত অগ্নিশৰ্মা হৈ অতুল বৰাৰ দাড়িক সমালোচনাৰ লক্ষ্য কৰি লৈছে জয়ন্ত দাসে ৷ অতুল বৰাক প্ৰত্যাহ্বান জনাই জয়ন্ত দাসে কয় যে, "দলীয় টিকট এৰি অতুল বৰাই মোৰ সৈতে নিৰ্দলীয় খেলক, এক লাখ ভোটত পৰাস্ত কৰিম অতুল বৰাক" ৷

3.5 বছৰীয়া উন্নয়নৰ বাবে শাসনৰ বাঘজৰী পিন্ধিব বিজেপিয়ে: দেৱেন্দ্ৰ ফাড়নাভিছ

মহাজোঁটক মহাখুঁত আখ্যা দিয়ে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা বিজেপিৰ ৰাষ্ট্ৰীয় নেতা দেৱেন্দ্ৰ ফাড়নাভিছে । মঙলবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সংবাদ কোষৰ কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত ফাড়নাভিছে কংগ্ৰেছ নেতৃত্বৰ মহাজোঁটক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

4.বৰপেটাত ৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিভিন্ন প্ৰাৰ্থীয়ে দলে-বলে মনোনয়ন পত্ৰ দাখিল কৰিছে বৰপেটাত । মঙলবাৰে জিলাখনৰ ৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে । এতিয়ালৈ জিলাখনৰ ৬ টা সমষ্টিৰ ভিতৰত বৰপেটা, সৰভোগ, জনীয়া, সৰুক্ষেত্ৰী আৰু বাঘবৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে মুঠ ৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷

5.চক্ৰধৰ গগৈৰ প্ৰচাৰ সভাত থাকিব সৰ্বানন্দ সোণোৱাল

ৰাজ্যৰ প্ৰতিটো স্থানৰ লগতে মৰাণতো বিজেপি আৰু কংগ্ৰেছ দলে ইখনৰ পিছত আনখন প্ৰচাৰ সভাৰ আয়োজন কৰিছে । এটা দিনৰ বিৰতিত মৰাণৰ একেখন খেলপথাৰতে বিজেপি আৰু কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা ।

6. কলকাতাৰ বন্ধ কোঠাত অমিত শ্বাহৰ বৈঠক

সোমবাৰে নিশা বংগৰ কেইবাগৰাকীও বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে এক নিৰ্বাচনী বৈঠকত মিলিত হয় দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ উল্লেখ্য যে, কলকাতাৰ নিউ টাউনৰ পাঁচ তাৰকাযুক্ত হোটেলৰ বিশেষ বন্ধ কোঠাত এই বৈঠক অনুষ্ঠিত হয় ৷

7. অস্কাৰৰ মঞ্চত মনোনয়ন ঘোষণা প্ৰিয়ংকা-নিকৰ

অভিনেতা-প্ৰযোজক প্ৰিয়ংকা চোপ্ৰা জ'নাছ আৰু স্বামী তথা কণ্ঠশিল্পী নিক জ'নাছে অস্কাৰ-২০২১ ৰ বাবে ঘোষণা কৰিলে মনোনয়ন । পত্নীৰ সৈতে মনোনয়ন ঘোষণা কৰাক লৈ নিকে তেওঁৰ উৎকণ্ঠাৰ বিষয়ে শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত ।

8. পৰিণীতি চোপ্ৰাৰ বাবে প্ৰত্যাহ্বান "চাইনা"

'চাইনা'ৰ ট্ৰেইলাৰ মুকলিৰ পিছতে অভিনেত্ৰী পৰিণীতি চোপ্ৰাই প্ৰতিক্ৰিয়া কৰি কয় যে এই ছবিখন তেওঁৰ বাবে যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল । চাইনা নেহৱালৰ চৰিত্ৰত অভিনয় কৰিব পাৰিব নে নাই তাক লৈও এটা সময়ত চিন্তিত আছিল পৰিণীতি । আনকি প্ৰশিক্ষণৰ সময়ত কান্দিবলৈও বাধ্য হৈছিল অভিনেত্ৰীগৰাকী ।

9. পাগ্লাইট ট্ৰেইলাৰ: কম বয়সীয়া বিধৱাৰ জীৱনৰ এক অদ্ভুত কাহিনী

‘লুডো’ৰ পাচতে পাগ্লাইট ছবিৰে পুনৰ দৰ্শকৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ সাজু হৈছে অভিনেত্ৰী চান্যা মালহোত্ৰা ৷ মুক্তি পোৱা ছবিখনৰ ট্ৰেইলাৰত চান্যাক এগৰাকী বিধৱাৰ ৰূপত দেখা গৈছে ৷ ছবিখনত বিবাহপাশত আৱদ্ধ হোৱাৰ পাঁচ মাহৰ পাচতেই বিধৱা হোৱা চান্যাই প্ৰেম আৰু সম্পৰ্ক সন্দৰ্ভত উত্তৰ বিচাৰি আছে ।

10.ইণ্ডিয়া বনাম ইংলেণ্ড : শিখৰ ধৱনৰ স্থান অক্ষুণ্ণ ৰখাৰ চাপ

ভাৰতীয় দলটোৰ হোৱাইট বল স্কোৱাডৰ স্থায়ী ফিক্সাৰ শিখৰ ধৱনৰ ওপৰত পৰিছে দুটা দিশৰ পৰা চাপ ৷ ভাৰতীয় দলৰ লগতে আইপিএলৰ দিল্লী কেপিটেলছত আক্ৰমণাত্মকভাৱে খেলিব লাগিব ধৱনে ৷

ABOUT THE AUTHOR

...view details