অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা মুখ্য সংবাদ - top10 news

সন্ধিয়া 7 বজাৰ দহটা মুখ্য সংবাদ...

top10 news
মুখ্য সংবাদ

By

Published : Mar 12, 2021, 7:27 PM IST

সন্ধিয়া 7 বজাৰ দহটা মুখ্য সংবাদ-

1. নলবাৰীত সজাগতামূলক কাৰ্যসূচী জিলা প্ৰশাসনৰ

নলবাৰী জিলাৰ ৫৯ নং নলবাৰী, ৬০ নং বৰক্ষেত্ৰী আৰু ৬১ নং ধৰ্মপুৰ বিধানসভা সমষ্টিৰ ভোটাৰসকলক সজাগ কৰিবলৈ "ভোট দিবলৈ যাওঁ আহা, ভোট দিবলৈ যাওঁ" শীৰ্ষক গীতৰ অডিঅ' আৰু ভিজুৱেল মুকলি কৰে ।

2.ডিব্ৰুগড়ত ক'ভিড আতংক : চাৰিজনৰ দেহত ক'ৰণাৰ উপস্থিতি

ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত কভিডৰ আতংক । ন্যায়াধীশ, অধিবক্তা সহ চাৰিজনৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৰ উপস্থিতি । অতিৰিক্ত ন্যায়ধীশ, ন্যায়িক দণ্ডাধীশ, অধিবক্তাদ্বয় ক্ৰমে চিন্ময় দত্ত, বজৰং কেজিৱাল আক্ৰান্ত হৈছে ক'ৰণাত ।

3. ৰূপহী মহাবিদ্যালয়ত দ্বিতীয় মহলাৰ পৰা তলত পৰিল ছাত্ৰী

নগাঁৱৰ ৰূপহী মহাবিদ্যালয়ত অঘটন । মহাবিদ্যালয়ৰ দ্বিতীয় মহলাৰ পৰা পৰি গুৰুতৰভাৱে আহত এগৰাকী ছাত্ৰী । সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ছাত্ৰীগৰাকীক ।

4. কাটিগড়া সমষ্টিৰ পৰা মহাজোঁটৰ প্ৰাৰ্থী খলিল উদ্দিনৰ মনোনয়ন দাখিল

আজি দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিনা কাটিগড়া সমষ্টিৰ পৰা মহাজোঁটৰ মনোনীত প্ৰাৰ্থী খলিল উদ্দিনে মনোনয়ন দাখিল কৰে ৷

5.লাহোৱাল বিজেপিত খহনীয়া : কংগ্ৰেছত যোগ দিলে শতাধিক বিজেপি কৰ্মীয়ে

লাহোৱাল বিজেপিত খহনীয়া অব্যাহত । বিধায়ক ঋতুপৰ্ণ বৰুৱাক টিকট প্ৰদান নকৰাক কেন্দ্ৰ কৰি অব্যাহত আছে বিজেপিৰ ভিতৰচৰাত তীব্ৰ বিসম্বাদ । শুকুৰবাৰে সমষ্টিটোৰ শতাধিত বিজেপি কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে ৷ লগতে মহিলা নেত্ৰী ৰঞ্জিতা বৰাইও আনুষ্ঠানিকভাৱে লাহোৱাল মণ্ডল কংগ্ৰেছত যোগদান কৰে ৷

6. টীয়কত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত সাংসদ তপন গগৈ

টীয়কৰ নিৰ্বাচনী সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে সাংসদ তপন গগৈয়ে ৷ বিজেপিৰ 100+ সফল কৰাৰ আহ্বান তপন গগৈৰ ৷

7.কংগ্ৰেছক তীব্ৰ সমালোচনা বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়াৰ

বৃহস্পতিবাৰে বিজয়বৰ্গীয়াই কয় যে, কংগ্ৰেছ দলৰ উদ্দেশ্য হৈছে 'চকী' পোৱা, তাৰ বাহিৰে কোনো আদৰ্শৰ ওপৰত আধাৰিত নহয় কংগ্ৰেছ দল । অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক এইদৰে তীব্ৰ আক্ৰমণ বিজয়বৰ্গীয়াৰ ।

8.জম্মু-কাশ্মীৰত পথ দুৰ্ঘটনাত নিহত সেনা

জম্মু-কাশ্মীৰৰ কুলগামত সেনাৰ এখন বাহন বাগৰি যোৱাৰ ফলত এগৰাকী ভাৰতীয় সেনাৰ দুৰ্ঘটনাস্থলীত মৃত্যু হয় আৰু দুগৰাকী আহত হয় ।

9. তামিলনাডু নিৰ্বাচনঃ ৬ সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব চিপি আই (এম)ৰ প্ৰাৰ্থীয়ে

তামিলনাডুৰ বিধানসভা নিৰ্বাচনত তিৰুপাৰণকুণ্ডৰাম, ডিন্দিগুল, ক'ভিলপট্টি, অৰুৰ, কেজভেলোৰ আৰু গন্দৰ্ভাক্ক'ট্টাই বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টী(মাৰ্ক্সবাদী)ৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব । ডি এম কে নেতৃত্বত গঠিত মিত্ৰজোঁটৰ সৈতে লগ হৈ এইবাৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে সাজু হৈছে চিপি আই (এম) দলে ।

10.ইংলেণ্ডৰ বিৰুদ্ধে বিস্ফোৰক বেটছমেনৰ সৈতে অৱতীৰ্ণ হ'ব ভাৰতীয় দল

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ খেলত কেইবাগৰাকী বিস্ফোৰক আৰু প্ৰতিভাৱান বেটছমেনৰ সৈতে খেলপথাৰত নামিব ভাৰতীয় দল । সংবাদ মাধ্যমৰ সন্মুখত এই দলটোকলৈ আশাবাদী বুলি মন্তব্য কৰে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে ।

ABOUT THE AUTHOR

...view details