অসম

assam

ETV Bharat / state

বিয়লি 5 বজাৰ দহটা শীৰ্ষ সংবাদ - top10 news

বিয়লি 5 বজাৰ দহটা শীৰ্ষ সংবাদ

top10 news
মুখ্য সংবাদ

By

Published : Mar 18, 2021, 5:00 PM IST

1. মাজনিশা ক্ৰিকেট খেলি চমক দিলে বিধায়িকা আঙুৰলতাই

বুধবাৰে মাজনিশা বটদ্ৰৱা সমষ্টিৰ কদমনিত ক্ৰিকেট খেলিছে বিধায়িকা আঙুৰলতা ডেকাই ৷ নিৰ্বাচনী প্ৰচাৰৰ মাজতে ওৰেটো নিশা ক্ৰিকেট খেলি চমক সৃষ্টি কৰাৰ প্ৰয়াস কৰে বিধায়িকা গৰাকীয়ে ৷

2. টীয়কৰ সমস্যা সমাধানৰ পৰিকল্পনা কবিন্দ্ৰ চেতিয়া ফুকনৰ

টীয়কৰ সমস্যা সমাধানৰ বাবে বিশেষ পৰিকল্পনা ৰাইজৰ দলৰ ৷ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ জৰিয়তে এই কথা জনালে ৰাইজৰ দলৰ পৰা টীয়ক সমষ্টিৰ প্ৰাৰ্থী কবিন্দ্ৰ চেতিয়া ফুকনে ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ দলতকৈ ৰাইজৰ দলক চৰকাৰী পক্ষই মাহীআইৰ দৃষ্টিৰে চোৱা বুলি অভিযোগ ফুকনৰ ৷

3.বৃহস্পতিবাৰৰ পৰা ৰাজ্যত 27 হাজাৰ গৃহৰক্ষী জোৱানৰ কৰ্ম বিৰতি

বৃহস্পতিবাৰৰ পৰা অসমৰ ২৭ হাজাৰ গৃহৰক্ষী বাহিনীৰ জোৱানে কৰ্ম বিৰতি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শোণিতপুৰত প্ৰতিবাদ সাব্যস্ত কৰি এই কথা সদৰী কৰে গৃহৰক্ষী বাহিনীৰ জোৱানসকলে ৷

4. তামুলপুৰ জিলা বিপিএফৰ সভাপতিৰ পদত্যাগ

সংবাদ মাধ্যমৰ আগত কেশৱ ৰাজবংশীয়ে কয় যে, বিটিআৰৰ ১২ খন আসনৰ এখন আসন অন্য জনগোষ্ঠীক এৰি নিদিয়াটো দুৰ্ভাগ্যজনক । অকল মোকেই নহয় বিটিচিৰ ১২ টা সমষ্টিৰ ভিতৰত বড়ো জনগোষ্ঠীৰ বাহিৰে আন কোনো জনগোষ্ঠীৰ লোকক দিয়া নহ’ল প্ৰাৰ্থিত্ব ।

5.বকোত মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ মনোনয়ন দাখিল

বৃহস্পতিবাৰে ৪৮ নং বকো বিধানসভা সমষ্টিৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ মনোনয়ন পত্ৰ দাখিল কৰাৰ আগমুহুৰ্তত জ্যোতিপ্ৰসাদ দাসৰ বাসগৃহত অজস্ৰ দলীয় সমৰ্থকে ভীৰ কৰাৰ লগতে তেওঁক উস্ম আদৰণি জনায় ৷

6. নিৰ্বাচন সন্দৰ্ভত মঙলদৈত গুৰুত্বপূৰ্ণ সভা

আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত বৃহস্পতিবাৰে দৰং জিলাৰ মঙলদৈত দৰং আৰু ওদালগুৰি জিলা আৰক্ষী প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ এই সভাত জিলা দুখনৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে ৷

7.নাগৰিকৰ ইস্তাহাৰ: সচেতন নাগৰিক মঞ্চৰ সংবাদমেল

ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰক লৈ আশ্বস্ত হোৱা নাই যোৰহাটৰ সচেতন নাগৰিক মঞ্চ । নিৰ্বাচনৰ পূৰ্বে যোৰহাটৰ উন্নয়ন সন্দৰ্ভত কেতবোৰ বিষয় নিৰ্ধাৰণ কৰি দিলে নাগৰিক মঞ্চই । বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাজনৈতিক দলৰ ইস্তাহাৰ নিকা হোৱা নাই বুলি অভিযোগ তুলিলে যোৰহাটৰ সচেতন নাগৰিক মঞ্চই ।

8. প্ৰাৰ্থিত্বৰ আশাত হেৰুৱালে চাকৰি, কোন এই বিশেষ প্ৰাৰ্থী ?

বিগত ২০১৪ চনৰ পৰা বিজেপি দলৰ সৈতে জড়িত হৈ দেহে কেহে কাম কৰা নাথুৰাম বাঢ়ৈক টিকটৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে নেতা গৰাকীয়ে ৷ বুধবাৰে এক সংবাদমেল যোগে বিজেপি দলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে নাথুৰাম বাঢ়ৈয়ে ৷

9. বিশ্বনাথলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ৰাজ্যত এতিয়া নিৰ্বাচনী বতাহ । কি কংগ্ৰেছ কি বিজেপি । তাৰ মাজতে ৰাজ্যলৈ বিভিন্ন হাই প্ৰফাইল নেতাৰ আগমন । ইজনৰ পাছত সিজন হাই প্ৰফাইল নেতাই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । বৃহস্পতিবাৰে বিশ্বনাথ জিলাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

10. তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ

বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাথো কেইটামান দিন হে বাকী । নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী সকলো । বৃহস্পতিবাৰে দক্ষিণ শালমাৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ।

ABOUT THE AUTHOR

...view details