1. দিছপুৰত নিৰ্দলীয় প্ৰাৰ্থী হ’ব নেকি জয়ন্ত দাস ?
দিছপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হ’ব নেকি জয়ন্ত দাস ? মঙলবাৰে এই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ব জয়ন্ত দাসে । সোমবাৰে ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে ক্ষুব্ধ নেতাগৰাকীয়ে ।
2. মাহমৰাত যোগেন মহনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী সোণোৱাল
১০৫ নং মাহমৰা বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী যোগেন মহনৰ হৈ সোমবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মাহমৰাৰ জজলী পাঁচআলি খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সোণোৱালে যোগেন মহনক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় ।
3.নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল নৱ কুমাৰ শৰণীয়াৰ
বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বাবে সোমবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই শতাধিক সমৰ্থকক লগত লৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে ৷
4.মমতাৰ চিকিৎসাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী বিজেপিৰ
পশ্চিমবংগৰ বিজেপিৰ এটা প্ৰতিনিধি দলে কলকাতাৰ মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি মমতা বেনাৰ্জীৰ চিকিৎসাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী জনায় । বিজেপি সাংসদ অৰ্জুন সিঙে নিৰ্বাচনী বিষয়াৰে হোৱা সাক্ষাতৰ অন্তত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷
5.যোৰহাটত কেন্দ্ৰীয় মঘাই ওজা দিৱস উদযাপন
সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন কৰে 11 তম কেন্দ্ৰীয় মঘাই ওজা দিৱস ৷ শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় উক্ত অনুষ্ঠান ৷