অসম

assam

ETV Bharat / state

বিয়লি 5 বজাৰ দহটা শীৰ্ষ সংবাদ - শীৰ্ষ সংবাদ

বিয়লি 5 বজাৰ দহটা শীৰ্ষ সংবাদ...

top10
শীৰ্ষ সংবাদ

By

Published : Mar 10, 2021, 5:02 PM IST

1. বিজেপি ত্যাগ কৰিব শিলাদিত্য দেৱে

অৱশেষত বিজেপিৰ শীৰ্ষ নেতৃত্বই পাখি কাটিলে বিজেপিৰ বহুবল্কী বিধায়ক শিলাদিত্য দেৱৰ । হোজাই বিধানসভা সমষ্টিৰ পৰা বিজেপিয়ে শিলাদিত্য দেৱৰ পৰিৱৰ্তে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ৰামকৃষ্ণ ঘোষক ৷

2.বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লচাৰ মনোনয়ন দাখিল

হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে শক্তি প্ৰদৰ্শন কৰি মনোনয়ন পত্ৰ দাখিল বিজেপি নন্দিতা গাৰ্লচাৰ । হাফলঙস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা এক ৰেলী উলিয়াই জিলা উপায়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া পল বৰুৱাৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লচাই ।

3.চিৰাঙত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ওদালগুৰিৰ জংঘলত পুতি থোৱা অৱস্থাত মাৰণাস্ত্ৰ উদ্ধাৰ ৷ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ-শস্ত্ৰখিনি লুকুৱাই ৰখাৰ সন্দেহ ৷ চিৰাং আৰক্ষীৰ এটা দলে অভিযান চলাই পুৱতি নিশা মাৰণাস্ত্ৰখিনি উদ্ধাৰ কৰে ৷

4.চন্দন ব্ৰহ্মৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব বিনয় কুমাৰ বসুমতাৰীয়ে

আগন্তুক অসম বিধানসভা নিৰ্বাচনত চিৰাং জিলাৰ ৩১ নং চিদলী (জনজাতীয়) সমষ্টিত বিপিএফৰ চন্দন ব্ৰহ্মক পৰাজিত কৰিবলৈ প্ৰতিদ্বন্দ্বিতা কৰিব সামথাইবাৰীৰ বিনয় কুমাৰ বসুমতাৰীয়ে ।

5. নিৰ্বাচনৰ সন্দৰ্ভত কি ক'লে জগদীশ ভূঞাই

শদিয়া বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জগদীশ ভূঞাৰ জয় এইবাৰ নিশ্চিত ৷ ইটিভি ভাৰত অসমৰ সাংবাদিকৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে জগদীশ ভূঞাই ৷

6. তুংগত উঠিছে বাক্সা প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতি

বাক্সা জিলা প্ৰশাসনে তীব্র গতিৰে চলাইছে নিৰ্বাচনী প্ৰস্তুতি । বিশেষভাৱে সক্ষম, বৃদ্ধ আৰু বাহিৰত কৰ্মৰত সকলৰ বাবে হ'ব পোষ্টেল ভোটৰ ব্যৱস্থা । নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত বাক্সা জিলাৰ উপায়ুক্তৰ সংবাদমেল সম্বোধন ।

7. হিমাচলত পথ দুৰ্ঘটনাত নিহত ৮

হিমাচল প্ৰদেশৰ চাম্বা জিলাত এখন ব্যক্তিগত বাহন দ খাৱৈত বাগৰি যোৱাৰ ফলত থিতাতে নিহত হয় আঠজন লোক আৰু আহত হয় ১১ জন লোক । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ।

8. ইম্ফলত 20 গৰাকীকৈ নিসিদ্ধ ঘোষিত সংগঠনৰ সদস্যৰ আত্ম সমৰ্পণ

মঙলবাৰে ইম্ফলত 20 গৰাকীকৈ নিসিদ্ধ ঘোষিত সংগঠনৰ সদস্যই অস্ত্ৰ সমৰ্পণ কৰে ৷ আত্ম সমৰ্পণকাৰী কেডেট সকলৰ ভিতৰত 16 জন থাডউ পিপলচ লিবাৰেশ্যন আৰ্মী(TPLA), পিপলচ লিবাৰেশ্যন আৰ্মী( PLA) আৰু PREPAK (Pro)ৰ এজনকৈ সদস্যৰ লগতে অন্য দলৰ দুজন কেডেট ৷

9.মিজোৰামৰ ছৈৰাঙ দিনথাৰত নৱনিৰ্মিত মিজোৰাম ফুটবল এছ'চিয়েছনৰ খেলপথাৰ উদ্বোধন

মঙলবাৰে নৱনিৰ্মিত মিজোৰাম ফুটবল এছ'চিয়েছন খেলপথাৰ উদ্বোধন কৰিলে ক্ৰীড়া মন্ত্ৰী ৰবাৰ্ট ৰ'মাৱিয়া ৰৈতেই । ফুটবলৰ আন্তৰ্জাতিক পৰিচালনা সংস্থাৰ দ্বাৰা পুঁজিৰ যোগান ধৰা ফিফা ফৰৱাৰ্ড প্ৰকল্পৰ এক অংশ হিচাপে মিজোৰামৰ ছৈৰাঙত এই খেলপথাৰখন নিৰ্মাণ কৰা হৈছে ।

10.ক্ৰীড়াৰ উন্নয়নে ড্ৰাগছ বিৰোধী অভিযানক শক্তিশালী কৰিব:মন্ত্ৰী থংগাম বিশ্বজিৎ সিং

মণিপুৰ ৰাজ্যত শেহতীয়াকৈ যুৱপ্ৰজন্মক ড্ৰাগছ সেৱনত বাধা দিয়াৰ লগতে সজাগতাৰ বাবে চৰকাৰে ড্ৰাগছৰ বিৰোধী অভিযান অব্যাহত ৰাখিছে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details