অসম

assam

ETV Bharat / state

বিয়লি 3 বজাৰ দহটা শীৰ্ষ সংবাদ - top10 news

বিয়লি 3 বজাৰ দহটা শীৰ্ষ সংবাদ

top10 news
মুখ্য সংবাদ

By

Published : Mar 16, 2021, 3:00 PM IST

1. ধিঙত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ আজমলৰ

সোমবাৰে ধিঙৰ এখন নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰে বদৰুদ্দিন আজমলে ৷ ধিং সমষ্টিৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ ধিঙৰ ডুমডুমীয়াত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে আজমলে ৷

2. আট্ছাৰ বিজেপি বিৰোধী সজাগতা সভা

ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিশেষ সজাগতা সভা । বাগিছা বাগিছাই আট্ছাই আৰম্ভ কৰিছে বিজেপিৰ বিৰুদ্ধে সজাগতা সভা ।

3.নাৰায়ণপুৰত ভয়ংকৰ অগ্নিকাণ্ড:তিনিটা পৰিয়ালৰ বাসগৃহ ভষ্মীভূত

নাৰায়ণপুৰত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত তিনিটাকৈ পৰিয়ালৰ বাসগৃহ ৷ তিনি খনকৈ অগ্নি নিৰ্বাপক বাহনে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে ৷

4. মৰাণত কংগ্ৰেছ দলৰ ব্যাপক খহনীয়া

সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে সাংসদ গৌৰৱ গগৈয়ে মৰাণত নিৰ্বাচনি প্ৰচাৰ চলোৱাৰ দিনাই মৰাণত কংগ্ৰেছ দলৰ প্ৰায় তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে ।

5. ড্ৰাগছৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান

বৰপেটাত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে পুনৰ অভিযান চলাইছে বৰপেটা আৰক্ষীয়ে ৷ ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা বৰপেটাত সোমবাৰে নিচাযুক্ত টেবলেটসহ আটক হয় এজন ড্ৰাগছ ব্যৱসায়ী ৷

6. পাথাৰকান্দিত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা শ্বহীদ দিৱস

আজি বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা শ্বহীদ দিৱস । এই উপলক্ষে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিত পালন কৰা হয় বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা শ্বহীদ দিৱস ৷

7. ভোটাৰক সজাগ কৰিবলৈ আমগুৰিত বাটৰ নাট প্ৰদৰ্শন

ভোটাধিকাৰ সাব্যস্ত কৰা সন্দৰ্ভত শিৱসাগৰৰ আমগুৰিৰ ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে জিলা প্ৰশাসনে । নিৰ্বাচনী আয়োগৰ নিৰ্দেশ মৰ্মে আয়োজন কৰা হৈছে বিভিন্ন সজাগতামূলক কাৰ্যসূচী । আমগুৰিত ভোটাৰক সজাগ কৰাৰ উদ্দেশ্যেৰে বাটৰ নাট প্ৰদৰ্শন কৰা হয় ।

8. দক্ষিণ কৰিমগঞ্জত প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ছিদ্দিক আহমেদৰ প্ৰচাৰ অভিযান

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ প্ৰাকক্ষণত প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ছিদ্দিক আহমেদে দক্ষিণ কৰিমগঞ্জ সমষ্টিত অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান ৷ ভোটাৰৰ মন জয় কৰাৰ বাবে কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰতিদিনে প্ৰয়োগ কৰিছে ন-ন কৌশল ৷

9. জুৰীয়াৰ নগাবন্ধাত নগদ ৭৭ হাজাৰ টকা জব্দ

নগাঁৱৰ ৰূপহীহাটত নিৰ্বাচনী আচৰণ বিধি উলংঘা । জুৰীয়াৰ নগাবন্ধাত ফ্লায়িং স্কোৱাডৰ তালাচীত জব্দ নগদ ৭৭ হাজাৰ টকা । আশ্ৰাফুল আলী নামৰ লোকজনৰ পৰা জব্দ কৰা হয় এই ধনৰাশি ।

10. জনতা ভৱনৰ সন্মুখত এছ বি আই বেংক কৰ্মচাৰী প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰৰ বেংক ব্যক্তিগতকৰণ নীতিৰ বিৰোধিতাৰে ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নৰ প্ৰতিবাদ ৷ সোমবাৰৰ প্ৰতিবাদত ৰাজ্যৰ লগতে দেশৰ প্ৰায় দহ লক্ষাধিক বেংক কৰ্মচাৰী তথা বিষয়াক প্ৰতিনিধিত্ব কৰা ৯ টা বেংকিং ট্ৰেড ইউনিয়নে অংশগ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

...view details