1. ৰঙিয়াৰ এগৰাকী প্ৰাৰ্থীৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ
নতুন নতুন কৌশলেৰে ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে প্ৰতি গৰাকী প্ৰাৰ্থীয়ে ৷ তাৰ মাজতে ৰঙিয়া সমষ্টিত দেখিবলৈ পোৱা গ'ল এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থী ৷ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট সমৰ্থিত চিপিএমৰ প্ৰাৰ্থী ডা৹ ভগৱান দেৱ মিশ্ৰই ব্যতিক্ৰমী ধৰণে চলাইছে প্ৰচাৰ ৷ পেচাত এগৰাকী ডাক্তৰ মিশ্ৰই অভিযানৰ মাজতেই সমষ্টিৰ ৰোগীক দি গ'ল প্ৰাথমিক চিকিৎসা ৷
2.বিধানসভা নিৰ্বাচন: কাৰ হ'ব চৰকাৰ ?
২০১৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে গৰিষ্ঠসংখ্যক ভোটৰ অংশ দখল কৰিবলৈ সক্ষম হৈছিল । কিন্তু লাভ কৰিছিল কম সংখ্যক আসন । বহু কেইখন আসনত সামান্য সংখ্যক ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী ।
কাছাৰ জিলাৰ ধলাই সমষ্টিৰ দর্মিখাল অঞ্চলৰ ৰাইজ ভুগিছে তীব্র বিশুদ্ধ খোৱা পানীৰ সংকটত ৷ এটুপি বিশুদ্ধ খোৱা পানীৰ সংকটৰ ভোগা অঞ্চলটোৰ ৰাইজে ভোট বয়কটৰ ভাবুকি প্ৰদান কৰিছে । সাধাৰণ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি অঞ্চলবোৰত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৷
4.শিলঘাট ধিং মথাউৰি নিৰ্মাণত ব্যাপক অনিয়ম
শিলঘাট ধিং মথাউৰি মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি জলসম্পদ বিভাগৰ ৷ নিম্নমানৰ সামগ্ৰী ব্য়ৱহাৰ কৰি বৃহৎ পৰিমাণৰ টকা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ স্থানীয় ৰাইজক অন্ধকাৰত ৰাখি নিজৰ খেয়াল খুচি মতে নিৰ্মাণ কৰিছে মথাউৰি । যাক লৈ ধিঙত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
5. মাজদিয়াত দেশীয় আৰু বিলাতী সুৰা জব্দ
মাজদিয়া আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ অবৈধ দেশীয় আৰু বিলাতী সুৰা ৷ দেওবাৰে নিশা অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাইছিল মাজদিয়া আৰক্ষীয়ে ৷ অভিযানত গাদেশালী গাঁৱৰ ভূপেন দেউৰীৰ ঘৰৰ পৰা 65 টা দেশীয় আৰু বিলাতী সুৰাৰ বটল জব্দ ৷