অসম

assam

By

Published : Dec 26, 2020, 10:54 AM IST

ETV Bharat / state

দিনৰ 11 বজাৰ দহটা মুখ্য সংবাদ

দিনৰ 11 বজাৰ দহটা মুখ্য সংবাদ

top10 news
দহটা মুখ্য সংবাদ

দিনৰ 11 বজাৰ দহটা মুখ্য সংবাদ-

1. পতাহী বিলত মাছ ধৰা নিষিদ্ধ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই

ভোগালীৰ উৰুকাৰ পুৱা পতাহী বিলৰ মাছ ধৰি নিশাৰ ভোগালীৰ ভোজৰ উল্লাস অন্ত পৰাৰ দিশে ৷ উন্নয়ন আৰু জৈৱ-বৈচিত্ৰ‍্য ৰক্ষাৰ স্বাৰ্থত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই নিষিদ্ধ কৰিলে পতাহী বিলত মাছ ধৰা কাৰ্য ৷

2. হাগ্ৰামা মহিলাৰীয়ে হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিলঃ ইউপিপিএল

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিল ৷ এই বিস্ফোৰক মন্তব্য কৰিছে ইউপিপিএলৰ পাৰিষদ তথা বিটিচি পৰিষদৰ নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷

3. ক'ৰণা অতিমাৰীৰ পাছত প্ৰথমবাৰৰ বাবে ভোমোৰাগুৰিত পৰ্যটকৰ ভিৰ

বৰদিন উপলক্ষে ভোমোৰাগুৰিত পৰ্যটকৰ ভিৰ ৷ 'কা' ৰ পাছতে ক'ৰণা মহামাৰীয়ে গ্ৰাস কৰাৰ পাছত শুকুৰবাৰে ভোমোৰাগুৰিত 2020 বৰ্ষত প্ৰথমবাৰৰ বাবে বনভোজ খাবলৈ অহা লোকৰ ভিৰ পৰিলক্ষিত হয় ৷

4.কা আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জলৰ বাসগৃহত লুৰীণজ্যোতি গগৈ

শুকুৰবাৰে নিশা কা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ দীপাঞ্জল দাসৰ বাসগৃহত উপস্থিত হৈ দীপাঞ্জলৰ পিতৃ-মাতৃক বহু সময় ধৰি সাক্ষাৎ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ লুৰীণজ্যোতি গগৈৰ সংগ দিয়ে দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু কেইবাগৰাকীও বিষয়ববীয়াই ৷

5.শিলচৰত সম্পন্ন অসম বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক অভিৱৰ্তন

ডিগ্ৰী আৰু ডিপ্লমা শিক্ষাৰ্থী সকলৰ কৰ্ম দক্ষতা বৃদ্ধি কৰাৰ বাবেহে ৷ দেশৰ উন্নয়নৰ বাবে দক্ষ ব্যক্তিৰ প্ৰয়োজন । শুকুৰবাৰে শিলচৰত অসম বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক অভিৱৰ্তনৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷

6. টীয়কত দুৰ্ঘটনাত পতিত অবৈধ গৰু কঢ়িওৱা বাহন

শুকুৰবাৰে টীয়কৰ কাকজানত এখন অবৈধ গৰু কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ দুৰ্ঘটনাত গাড়ীচালকসহ তিনিজন লোক আঘাতপ্ৰাপ্ত হয় আৰু থিতাতে চাৰিটাকৈ গৰুৰ মৃত্যু হয় ৷

7.কা বিৰোধিতাৰে টিংখাঙত আছুৰ প্ৰতিবাদ

ৰাজ্যত পুনৰ গা কৰি উঠিছে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বিৰোধী প্ৰতিবাদ ৷ শুকুৰবাৰে নিশা ডিব্ৰুগড় জিলাৰ টিংখাঙত কা বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে ৷

8. অন্ধ্ৰপ্ৰদেশত বৃহৎ মূল্যৰ গুটখা ভৰ্তি ট্ৰাক জব্দ,আটক দুজন

শুকুৰবাৰে কৃষ্ণাত এখন ট্ৰাকৰ পৰা 10.3 লাখ টকাৰ গুটখা,2 কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে সৰবৰাহকাৰী আৰু ক্ৰেতাজনক আটক কৰে অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে ৷ কলকাতাৰ পৰা ভুয়ুৰু চহৰলৈ নিয়া হৈছিল এই অবৈধ সামগ্ৰীসমূহ ৷

9.বাৰ্ষিক মণ্ডলা পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ সবাৰীমালা আয়প্পা মন্দিৰৰ

বাৰ্ষিক মণ্ডলা পূজাৰ বাবে সাজু হৈছে কেৰালাৰ পাথনামথিটা জিলাৰ সবাৰীমালা আয়প্পা মন্দিৰ ৷ এই উপলক্ষে ২৬ ডিচেম্বৰৰ ৰাতিপুৱা ৫ বজাত মন্দিৰ নাদ খোলা হ'ব ৷ পৰম্পৰা অনুসৰি মণ্ডলা পূজাৰ হৰিভাৰসনাম হোৱাৰ পিচতেই মন্দিৰৰ নাদ বন্ধ কৰা হ'ব বুলি জানিবলৈ দিছে মন্দিৰৰ কৰ্তৃপক্ষই ৷

10. নিজৰ জিম্মাৰ পৰাই সোণৰ অন্তৰ্ধান- চিবিআইৰ অবিশ্বাস্য কাহিনীবোৰ

কথিত আছে যে যি ভিতৰুৱা চোৰক ভগৱানেও আনকি ধৰিব নোৱাৰে তেনে চোৰৰ জন্ম নিজেই নহয় ৷ আৰক্ষীৰ অনুসন্ধানবোৰত উন্মোচিত হৈছে যে বাহিৰৰ চোৰ নিজৰ বৃত্তিত যিমানেই পাৰ্গত নহওক কিয় তেওঁলোকে চুৰি কাৰ্য সংঘটিত কৰা ঠাইত নিজৰ অপৰাধৰ প্ৰমাণ স্বৰূপে কিবা নহয় কিবা সুত্ৰ এৰি থৈ যায়েই ৷

ABOUT THE AUTHOR

...view details