অসম

assam

ETV Bharat / state

দিনৰ 11 বজাৰ শীৰ্ষ দহটা বাতৰি - top10 news

দিনৰ 11 বজাৰ শীৰ্ষ দহটা বাতৰি

top10 news
দহটা বাতৰি

By

Published : Dec 19, 2020, 11:08 AM IST

দিনৰ 11 বজাৰ শীৰ্ষ দহটা বাতৰি-

1. নগাঁৱৰ তিনিটাকৈ পৰিষদীয় সমষ্টিত বিজেপিৰ অগ্ৰগতি

নগাঁৱৰ দহটাকৈ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ প্ৰথম পৰ্ৰ্যায়ত পাঁচটাকৈ সমষ্টিৰ ভোটগণনা চলি আছে । প্ৰথম ৰাউণ্ডৰ তিনিটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে ।

2.মৰিগাঁৱত তিৱা পৰিষদীয় নিৰ্বাচনৰ শেহতীয়া তথ্য

তিৱা পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা ইতিমধ্যে মৰিগাঁও মহাবিদ্যালয়ৰ কেন্দ্ৰত আৰম্ভ হৈছে ৷ কেন্দ্ৰটিত 9 টা সমষ্টিৰ 9 খন টেবুলত আৰম্ভ কৰা হৈছে ভোটগণনা। বৰ্তমানৰ ফলাফল অনুসৰি 9 নং দমাল আৰু ৩ নং ভূৰবন্ধা পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আছে ।

3.কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ তিৱা নিৰ্বাচনৰ ভোটগণনা

নগাঁও ডচন হাইস্কুলত আৰম্ভ কৰা হৈছে তিৱা নিৰ্বাচনৰ ভোট গণনা । পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা ৷ কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ হৈছে এই ভোটগণনা । নগাঁৱৰ দহটা পৰিষদীয় সমষ্টিৰ ভোটগণনা চলি আছে নগাঁৱৰ ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 35 আসনৰ বাবে 124 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজিৰ ভোটগণনাত ৷

4. ক'ভিড প্ৰতিষেধক : ভাৰতে উৎপাদন কৰিব 300 মিলিয়ন স্পুট'নিক প্ৰতিষেধক

স্পুট'নিক ভিৰ উৎপাদনৰ বাবে ইচ্ছুক 110 উৎপাদনকাৰীৰ ভিতৰত ভাৰত, কোৰিয়া, ব্ৰাজিল, চীনকে ধৰি 10 উৎপাদনকাৰীক নিৰ্বাচন ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেন্ট ফাণ্ডৰ ৷ অনাগত বৰ্ষত ভাৰতে 300 মিলিয়ন বা তাতোকৈ অধিক ক'ৰণা প্ৰতিষেধক প্ৰস্তুত কৰি উলিওৱাৰ সম্ভাৱনা ৷

5. গৰাখহনীয়াৰ ফলত পথৰ ভিক্ষাৰীত পৰিণত কলগাছিয়াবাসী

কলগাছিয়াৰ মইনবৰী মতিনপুৰত বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া ৷ গৰাখহনীয়াৰ কবলত বেকী নৈ বুকুত জাহ গৈছে শ শ বিঘা কৃষিভূমি । পথৰ ভিক্ষাৰীত পৰিণত হৈছে গাঁওবাসী ৷

6.জম্মু আৰু কাশ্মীৰৰ DDC নিৰ্বাচন : অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

জম্মু কাশ্মীৰত জিলা উন্নয়ন পৰিষদৰ অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ ৷ মুঠ 28 টা সমষ্টিৰ বাবে 168 গৰাকীৰ প্ৰতিদ্বন্দিতা ৷ কাশ্মীৰৰ শাখাত 13 খন আৰু জম্মু শাখাত 15 খন আসনৰ বাবে নিৰ্বাচন ৷ শনিবাৰে পুৱা 7 বজাৰ আৰম্ভ হৈছে ভোটগ্ৰহণ ৷

7. মৰাণত মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে সৰৱ মহিলা সমাজ

শুকুৰবাৰে মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত ঋণগ্ৰস্ত মহিলাসকলৰ মাজত বোজাৰ সৃষ্টি কৰা মাইক্ৰ ফাইনেন্সসমূহৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ চৰকাৰক দাবী জনোৱা হয় ৷ মাইক্ৰ ফাইনেন্স বিৰোধী মহিলাসকলৰ উদ্যোগত আৰু বিভিন্ন সংগঠনৰ সহযোগত অনুষ্ঠিত হয় এই প্ৰতিবাদী সভা ৷

8. পৰীক্ষা সন্দৰ্ভত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদ

পৰীক্ষা অনুষ্ঠিত কৰা সিদ্ধান্তৰ বিৰুদ্ধে জালুকবাৰীস্থিত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল ছাত্ৰ-ছাত্ৰী ৷

9.আৰক্ষী বিষয়াৰ নামত ভুৱা ফেচবুক একাউণ্ট

আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকাৰ ফটো ব্যৱহাৰ কৰি ‘চাদ্দাম আহমেদ’ নামেৰে কোনো দুষ্ট চক্ৰই খুলিছে ফেচবুক একাউণ্ট ৷

10.ছোনিয়া, মনমোহন আৰু ৰাহুলৰে বৈঠকত মিলিত হ'ব G23 নেতা

কংগ্ৰেছৰ G23 বৈঠক ৷ শনিবাৰে G23 বৈঠকত মিলিত হ'ব কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দ ৷ দলৰ 23 গৰাকী জ্যেষ্ঠ শীৰ্ষ নেতাই ছোনিয়া গান্ধীলৈ দলীয় সংস্কাৰৰ আবেদন জনাই পত্ৰ প্ৰেৰণ কৰাৰ পাছত এইখন প্ৰথম বৈঠক ৷

ABOUT THE AUTHOR

...view details