দিনৰ 11 বজাৰ শীৰ্ষ দহটা বাতৰি-
1. নতুন কৃষি আইনৰ সন্দৰ্ভত মধ্য প্ৰদেশৰ কৃষকক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
এমপিৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিঙে ৰাজ্যখনৰ 35 লাখ কৃষকৰ একাউন্টত 1,600 কোটি টকাৰ সাহায্য প্ৰদাণ কৰিব বুলি জানিবলৈ দিছে বিষয়াজনে ৷ এই অনুষ্ঠানত কৃষি আইনৰ লাভজন ব্যৱস্থাৰ সন্দৰ্ভত মধ্য প্ৰদেশৰ কৃষকৰ সৈতে শুক্ৰবাৰে এক আলোচনাত মিলিত হ'ব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ৷
2. মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সফল সামৰণি
মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সফল সামৰণি ৷ সকলোকে ধন্যবাদ জ্ঞাপন কৰে মৰিগাঁও জিলা উপায়ুক্ত লীনা দাসে ৷
3.প্ৰয়াত মুখ্যমন্ত্ৰীৰ অস্থি লৈ নাৰায়ণপুৰত পুত্ৰ গৌৰৱ গগৈ
অস্থি লৈ বৃহস্পতিবাৰে সন্ধিয়া নাৰায়ণপুৰত উপস্থিত হ’ল পুত্ৰ গৌৰৱ গগৈ ৷ পুত্ৰ গৌৰৱ গগৈ বিহপুৰীয়া সমষ্টিত উপস্থিত হোৱাৰ লগে লগে প্ৰয়াত জননেতা গৰাকীৰ সহস্ৰাধিক গুণমুদ্ধ আৰু দলীয় সমৰ্থকে গায়ন-বায়নেৰে নাৰায়ণপুৰৰ জ্যোতি সংগমৰ প্ৰেক্ষাগৃহলৈ আদৰণি জনাই ৷
4.বিজেপি কৰ্মীৰ বিৰুদ্ধে কেৰালা আৰক্ষীৰ গোচৰ পঞ্জীয়ন
সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ অভিযোগত বিজেপি কৰ্মীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন ৷ বিজেপি কৰ্মী কেইগৰাকীৰ বিৰুদ্ধে 'জয় শ্ৰী ৰাম' লিখি বৃহৎ আকাৰৰ বেনাৰ উৰুৱাই সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ অভিযোগ ৷ নিৰ্বাচনত বিজয় লাভ কৰাৰ আনন্দত বিজেপি কৰ্মী সকলে বেনাৰ উৰুৱাই আনন্দ উল্লাস কৰাৰ ভিডিঅ' প্ৰত্যক্ষ কৰাৰ পাছতে সামাজিক মাধ্যমত চোকা সমালোচনা ৷
5. ফিফাৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান দখল ৰবাৰ্ট লেৱানডাউস্কীৰ
ফিফাৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান দখল ৰবাৰ্ট লেৱানডাউস্কীৰ ৷ মহিলাৰ শাখাত এই সন্মান লাভ কৰিছে ইংলেণ্ডৰ ডিফেণ্ডাৰ লুচী ব্ৰঞ্জে ৷