অসম

assam

ETV Bharat / state

দিনৰ 11 বজাৰ দহটা মুখ্য বাতৰি - মুখ্য বাতৰি

দিনৰ 11 বজাৰ দহটা মুখ্য বাতৰি

Top10 news
মুখ্য বাতৰি

By

Published : Nov 18, 2020, 11:13 AM IST

দিনৰ 11 বজাৰ দহটা মুখ্য বাতৰি-

1. মৰাণ সমষ্টিত কংগ্ৰেছ দলৰ ব্যাপক খহনীয়া

মঙলবাৰে খোৱাং মাধকলি আৰু খোৱাং ব্লক গাৱঁৰ দুই শতাধিক সংখ্যালঘু আৰু চাহ জনজাতিৰ লোকে কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰে। যোগদান অনুষ্ঠানত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে দলীয় বহু কেইজন জ্যেষ্ঠ কৰ্মী উপস্থিত আছিল ।

2. নগাঁৱত বেংক বিষয়াৰ আত্মহত্যা

নগাঁৱত বেংক বিষয়াৰ আত্মহত্যাক লৈ চাঞ্চল্য। প্ৰেমজনীত কাৰণত আত্মহত্যাৰ সন্দেহ ।

3. অগপলৈ যাব নেকি প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ !

প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ মতে তেওঁ কংগ্ৰেছ এৰি অগপত যোগদান কৰাৰ প্ৰশ্ন নুঠে । কংগ্ৰেছৰ টিকটত 21ৰ নিৰ্বাচনত পুনৰ জয়লাভ কৰাৰো দাবী কৰিছে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে ।

4. তামিলনাডুত বিৰল ঘটনা : পোহনীয়া জন্তুৰ প্ৰতি গৰাকীৰ অফুৰন্ত মৰম

এটা ষাড়গৰুৰ অন্তিম সৎকাৰৰ বাবে গৰাকী চিন্নাপ্পাই খৰছ কৰিলে 1 লাখ টকা ৷ অতিকৈ মৰমৰ ষাড়গৰু কাৰিয়ানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কৃষক চিন্নাপ্পাই ৷

5. দিল্লীত গ্ৰেপ্তাৰ হোৱা কাশ্মীৰৰ যুৱক নিৰ্দোষী বুলি দাবী পৰিয়ালৰ

দিল্লী আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰা জইচ-ই-মহম্মদৰ দুয়োগৰাকী সন্ত্ৰাসবাদীকে নিৰ্দোষী বুলি দাবী কৰিছে পৰিয়ালৰ লোকে ৷

6. ৰূপহীহাটত এটা পথক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত তীব্ৰ সংঘাত

সোমবাৰে এটা পথক কেন্দ্ৰ কৰি নগাঁৱৰ ৰূপহীহাটৰ পূৱ শিঙিমাৰীত দুই ফৈদৰ মাজত তীব্ৰ সংঘাত ৷ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এটা ফৈদৰ এগৰাকী কলেজীয়া ছাত্ৰী ৷ ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত গোচৰ ৰুজু ভুক্তভোগীৰ পৰিয়ালটোৰ ৷

7. জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে কলগাছিয়াবাসীক

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চৰ খাৰবাল্লীৰ পথটো জৰাজীৰ্ণ হৈ পৰাত যাতায়াতৰ সমস্য়াত ভুগিছে স্থানীয় ৰাইজ ৷ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰা বাঁহৰ সাঁকোসমূহ বানপানী তথা দিন বাগৰাৰ ফলত জহি খহি গৈছে ৷ পথটো মেৰামতিৰ বাবে চৰকাৰ তথা প্ৰশাসনক দাবী ভুক্তভোগী ৰাইজৰ ।

8. এটিপি ফাইনেলছত থিয়েমৰ হাতত পৰাস্ত নাডাল

অষ্ট্ৰিয়াৰ ডমিনিক থিয়েমৰ হাতত পৰাস্ত ৰাফেল নাডাল ৷ নাডালক 7-6(7), 7-6(4) ছেটত পৰাস্ত কৰে থিয়েমে ৷

9.স্বামী ৰিতেশৰ সৈতে পুনৰ কাম কৰাৰ উৎসুকতা প্ৰকাশ জেনেলিয়াৰ

পুৰুষ আৰু মহিলা দুয়ো লিংগৰ মাজত আলোচনা, তৰ্কৰে আৰম্ভ হ’বলগীয়া ‘Ladies Vs Gentlemen’ নামৰ ডিজিটেল শ্ব’টোত বলিউড দম্পত্তি অভিনেতা ৰিতেশ দেশমুখ আৰু অভিনেত্ৰী জেনেলিয়া দেশমুখে ঘোষক হিচাপে কাম কৰাৰ লগতে প্ৰতিযোগী হিচাপে থাকিব টিভি অভিনেতা-অভিনেত্ৰী কৰণ ৱাহী, কৰণ কুন্দ্ৰা, বিকাশ গুপ্তা, নিয়া শৰ্মা, তেজস্বী প্ৰকাশ, বাণী জে, ৰশ্মি দেশাই, পাৰচ চাব্ৰা আৰু ঋত্বিক ধনজানী ৷

10. উত্তৰ প্ৰদেশৰ মিৰাটত চিলিণ্ডাৰ বিস্ফোৰণঃ 2 জন নিহত, আহত 5 জন

উত্তৰ প্ৰদেশৰ মিৰাট জিলাৰ ফালাৱাদা অঞ্চলত এক চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এটা অট্টালিকা খহি পৰাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে 5 জন লোক আহত হয় ৷ চিলিণ্ডাৰ বিস্ফোৰণৰ কাৰণ তথা কিহৰ বাবে এই ঘটনা সংঘটিত হ'ল সেই তথ্য এতিয়ালৈকে প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details