দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি-
1. বঙাইগাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড
অভয়াপুৰীৰ পিৰাধৰাৰ দ্বিতীয় খণ্ডত নিশা সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ।
2.নগাঘূলী কছাৰী লাইনত মাটি খননৰ বিৰুদ্ধে সৰৱ চাহ শ্ৰমিক ৰাইজ
ডিব্ৰুগড়ৰ নগাঘূলী কছাৰী লাইনৰ ব্ৰহ্মপুত্ৰৰ পাৰত মাটি খননক লৈ স্থানীয় চাহ শ্ৰমিক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া ৷ জেকেএম নামৰ ব্যক্তিগত প্ৰতিষ্ঠান এটাৰ তত্বাৱধানত যধে-মধে মাটি খনন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ শীঘ্ৰেই নগাঘূলী কছাৰী লাইনৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ পাৰত মাটি খনন বন্ধ কৰাৰ আহ্বান আটছা সংগঠনৰ ৷
3.2021ত পুনৰ বিজেপিৰেই চৰকাৰ হ'ব: ৰমাকান্ত দেউৰী
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 36 টাকৈ পৰিষদীয় সমষ্টিত শাসকীয় দল বিজেপিয়ে ৩৩ খন পৰিষদীয় আসনত বিজয়ী হোৱাৰ পাচতে নিজৰ নিজৰ মন্তব্য আগবঢ়াইছে শাসকীয় দলৰ মন্ত্ৰী বিধায়কসকলে ৷ শনিবাৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ভৱিষ্যৎ বাণী, আগন্তুক বিধান সভা নিৰ্বাচনত পুনৰ বিজেপিৰেই চৰকাৰ হ'ব ৷
4. কৰিমগঞ্জৰ খেল পথাৰত ফুটবল খেলাত ব্যস্ত ৰঞ্জিত দাস
ৰাজ্যত বলিছে ৰাজনীতিৰ গৰম বতাহ ৷ সমষ্টিয়ে সমষ্টিয়ে যাত্ৰা অব্যাহত ৰাখিছে ৰাজনৈতিক নেতাই ৷ তাৰ মাজতে বৰাকত বাহৰ পাতিছে বিজেপিৰ বহু হাই-প্ৰফাইল নেতা ৷ ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ বাবে সমষ্টিয়ে সমষ্টিয়ে এতিয়া ব্যস্ত হৈ পৰিছে সভাপতি ৰঞ্জিত দাস ৷
5.গোৱাৰ মুক্তি দিৱসৰ উপলক্ষ্যে শ্বহীদ স্মাৰকত ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি
আজাদ মৈদানত শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে মুক্ত দিৱসৰ উপলক্ষে ৰাজ্য চৰকাৰে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে ।