অসম

assam

By

Published : Dec 7, 2020, 9:07 AM IST

ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

Top10 at 9 am
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

আজি বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

আজি বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ ভাগ্য নিৰ্ণয় হ'ব 130 জন প্ৰাৰ্থীৰ ৷

মন্ত্ৰী হিমন্ত বিশ্বক ক’লা পতাকা প্ৰদৰ্শন বিজনী আঞ্চলিক আছুৰ

দেওবাৰে বিজনীত নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন বিজনী আঞ্চলিক আছুৰ ৷ 19 নং থুৰীবাৰী পৰিষদীয় সমষ্টিৰ বৰ্তমানৰ বিজেপি প্ৰাৰ্থী অবিৰাম মহানায়কক অসমীয়া বিৰোধী প্ৰাৰ্থী হিচাপে অভিহিত কৰি তেওঁৰ সমৰ্থনত ভোট নিদিবলৈ বিজনীৰ জনতাক আহ্বান আছুৰ ৷

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ তৰিলে সত্যৰঞ্জন বৰাই

এইবাৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰব হৈছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা ৷ বিদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ লগত সু-সম্পৰ্ক থকা সংস্থাৰ পৰা আজমল ফাউণ্ডেচনলে ধন অহাৰ অভিযোগত আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে সত্যৰঞ্জন বৰাই ৷

বৰলাংফেৰত বিধৱা মহিলাক ধৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী এজন

ডিফুৰ বৰলাংফেৰত শনিবাৰে সন্ধিয়া সংঘটিত হোৱা ধৰ্ষণ কাণ্ডত জড়িত অভিযুক্ত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ এগৰাকী বিধৱা মহিলাৰ ঘৰত অনাধিকাৰে প্ৰৱেশ কৰি তেওঁক বলপূৰ্বকভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিধৱা মহিলাগৰাকীয়ে ৷

একেখন মঞ্চতে আজমল-ৰিপুন-ৰকিবুল; কি আহ্বান জনালে ৰাইজক ?

বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ পৰিষদীয় নিৰ্বাচনৰ বাবে চিৰাঙৰ ১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ এআইডিইউএফৰ মনোনীত আৰু কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হৈ প্ৰচাৰৰ বাবে চিৰাং জিলাৰ আলুখুন্দাত একেখন মঞ্চত উপস্থিত হয় এআইডিইউএফ প্ৰধান বদৰুদ্দিন আজমল, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন ।

পুনৰ ভাৰত ভূমিত ৰঙা চীনৰ আগ্ৰাসন

পুনৰ ভাৰত ভূমিত ৰঙা চীনৰ আগ্ৰাসন ৷ অৰুণাচল প্ৰদেশৰ পশ্চিম অঞ্চলৰ তাৱাঙৰ বুম-লাৰ ওচৰত চীনৰ 3 খন নতুন গাঁও স্থাপন কৰা বুলি জানিব পৰা গৈছে ৷

আনুষ্ঠানিভাৱে বিদায় ল'লে মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে

সদৌ মৰাণ ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ বদৌচা ভৱনত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সহযোগত দেওবাৰে অনুষ্ঠিত এখনি কাৰ্যনিৰ্বাহ সভাত বিদায় ল'লে সংগঠনটোৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে ৷ উক্ত সভাতেই প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে নৱ-নিৰ্বাচিত সভাপতি নৱ মৰাণক সকলো দায়িত্বভাৰ অৰ্পণ কৰে ।

বিশ্বনাথত মাছমৰীয়াক আটক কৰাক লৈ সৰৱ জিলা প্ৰদেশ কংগ্ৰেছ

দেওবাৰে বিশ্বনাথত 24 জন মাছমৰীয়াক আটক কঁহৰা বন বিভাগৰ ৷ শীঘ্ৰেই মাছমৰীয়া কেইজনক মুকলি কৰি নিদিলে মাছমৰীয়া পৰিয়ালৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ বিশ্বনাথ জিলা প্ৰদেশ কংগ্ৰেছৰ ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১৩ শতাধিক শিল্পী আৰু কলা-কুশলীৰ বিজেপিলৈ গমন

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এই যোগদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি যোগদান কৰা কলা-কুশলী সকলক দলৰ মজিয়ালৈ স্বাগতম জনায়। তেওঁ কয় যে, জন্মলগ্নৰে পৰা বিজেপিয়ে দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সকলো ভাষা-ভাষী লোকক একেলগে লৈ উন্নয়নৰ পথত অগ্ৰসৰ হৈছে সেয়া দলৰ কৰ্মৰাজিত প্ৰতিফলিত হৈছে ।

ধেমাজিত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় মুকলি

শুভ উদ্বোধনী অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰে ধেমাজি জিলা জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক দেৱেন দত্তই ৷ সভাত ধেমাজি সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই অংশ গ্ৰহণ কৰি নৱগঠিত ৰাজনৈতিক দলটোৰ উদ্দেশ্য সফল হোৱা উদ্দেশ্যে আগবঢ়াই শুভেচ্ছামূলক বক্তব্য ।

ABOUT THE AUTHOR

...view details