বিশ্বৰ ভিন্ন দেশত COVID-19ৰ শেহতীয়া তথ্য
বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে চীন দেশৰ ৱুহান চহৰত সূত্ৰপাত হৈছিল বিশ্ব ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা মহামাৰীৰ ৷ এই মহামাৰীৰ ক্ৰমবৰ্ধমান সম্প্ৰসাৰণে সম্প্ৰতি কালৰূপ ধাৰণ কৰিছে সমগ্ৰ বিশ্বতে ৷ 10 জুলাইলৈ বিশ্বজুৰি এই মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে মুঠ 1,23,78,854 লৈ ৷ শুকুৰবাৰৰ দিনটোত সমগ্ৰ বিশ্বতে মুঠ 2,23,449 গৰাকী লোকৰ দেহত নতুনকৈ ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷
COVID-19: ভাৰতৰ সামগ্ৰিক স্থিতি
সমগ্ৰ ভাৰতবৰ্ষতে কৰ'ণা মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে 793802 গৰাকীলৈ ৷ 10 জুলাইলৈ দেশত মৃতকৰ সংখ্যাও বৃদ্ধি পাইছে মুঠ 21604 গৰাকীলৈ ৷ বৰ্তমানেও দেশত 276685 গৰাকী সক্ৰিয় আক্ৰান্ত লোক থকাৰ বিপৰীতে এই মহামাৰীৰ পৰা এই পৰ্যন্ত অব্যাহতি লাভ কৰিছে 495513 গৰাকী লোকে ৷
মুম্বাইত ক'ভিড-19 যুদ্ধৰ প্ৰথম শাৰীৰ সৈনিক হিচাপে সন্মানিত এগৰাকী অসম কন্যা
ক'ভিড-১৯ ৰ বিৰুদ্ধে মুম্বাইত চলি থকা বিৰামহীন যুঁজখনত একনিষ্ঠ ভাবে নিজকে নিয়োজিত কৰিছে এগৰাকী অসম কন্যা চিকিৎসকে । তেওঁৰ নাম ডাঃ বৰ্ষা গদাপাণি পাঠক । ইতিমধ্যে মেধা আৰু পাৰদৰ্শিতাৰ বাবে তেওঁ দুটাকৈ সন্মানেৰে বিভূষিত হৈছে । গুৱাহাটীৰ জীয়ৰী ডাঃ বৰ্ষা ২০১২ চনত আততায়ীয়ে হত্যা ৰাজ্যৰ কৃষি বিভাগৰ এগৰাকী সুদক্ষ অভিযন্তা গদাপাণি পাঠকৰ কন্যা ৷
কোভিড 19 ত আক্ৰান্ত ৰঞ্জন দৈমাৰী
প্ৰাক্তন এনডিএফবি-ৰ অধ্যক্ষ ৰঞ্জন দৈমাৰী কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ সম্প্ৰতি গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে নেতাগৰাকীক ৷ উল্লেখ্য যে,বিগত 2008 বৰ্ষত ৰাজ্য কঁপোৱা বোমা কাণ্ডৰ মূল অভিযুক্তগৰাকী দীৰ্ঘদিনে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ হৈ আছিল ৷
ভয়াৱহ পৰিস্থিতিৰ দিশে ডিব্ৰুগড় চহৰ
শুকুৰবাৰেনিশা ডিব্ৰুগড়ৰ সমীপৰ মোহনাঘাটত ৰিং বান্ধ ভাঙি প্লাৱিত কৰে বাঢ়নী পানীয়ে ৷ চহৰখনৰ প্ৰায় দুশ পৰিয়াল বৰ্তমান পানীৰ তলত আছে । মোহনাঘাটৰ ভঙাআলিৰ সমীপত সৃষ্টি হোৱা এই পৰিস্থিতিৰ ফলত আতংকিত হৈ পৰিছে জন সাধাৰণ ৷ বাঢ়নী পানীয়ে প্লাৱিত কৰা উক্ত অঞ্চলৰ বাসিন্দাসকলে সম্প্ৰতি ভঙা ৰিং বান্ধতেই আশ্ৰয় লৈছে ৷ বিপদসীমাৰ ওপৰেৰে ব্ৰহ্মপুত্ৰৰ পানী বাগৰিব ধৰাৰ পিচতেই এই পৰিস্থিতি সৃষ্টি হৈছে ।
বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ বছৰি ১০০ কোটি টকাৰ পুঁজি আৱণ্টনৰ দাবী এবছুৰ