অসম

assam

ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP10 @ 7PM

7 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP10 @ 7PM
TOP10 @ 7PM

By

Published : Aug 30, 2020, 7:20 PM IST

অস্ত্ৰ এৰি প্ৰকৃতি উদ্ধাৰত ব্যস্ত এগৰাকী সংগ্ৰামী

মাত্ৰ এগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত ভাৰত-ভূটান সীমান্তত গঢ় লৈ উঠিছে এখন অৰণ্য ৷ সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি প্ৰকৃতি উদ্ধাৰত ব্যস্ত হৈ পৰিছে এজন লোক ৷ লোকজন বাক্সাৰ বিজয় চৌধুৰী ৷ বিগত 17 বছৰত তেওঁ ৰোপন কৰিছে 3 লক্ষাধিক গছপুলি ৷

ধৰ্মপুৰত বিদায় হ’ব চন্দ্ৰমোহন পাটোৱাৰীৰঃ কংগ্ৰেছৰ সম্পাদক দিগন্ত ভূষণ বৰ্মন

নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত দেওবাৰে আশীৰ্বাদ গ্ৰহণ কৰে শেহতীয়াকৈ কংগ্ৰেছ দলত যোগদান কৰা গায়ক বাবু, নেকিব আৰু অজয় ফুকনে ৷

পলাশবাৰীত বৈছে নিৰ্বাচনৰ গৰম বতাহ

সমাগত ২০২১ৰ বিধাসভা নিৰ্বাচন । নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈ উঠিছে বিভিন্ন ৰাজনৈতিক দল তথা নেতা সকল । সেই সময়তে ৰাজনীতি আকৰ্ষণীয় হৈ উঠিছে পলাশবাৰী বিধাসভা সমষ্টিত ।

সংখ্যালঘু ছাত্ৰ জলপানিৰ কেলেংকাৰীঃ জালত গ্ৰাহক সেৱা কেন্দ্ৰৰ দুই স্বত্বাধিকাৰী

নগাঁৱত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ ধন বিতৰণত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে । ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ দুই স্বত্বাধিকাৰী।

ভেন্টিলেটৰত চিকিৎসাধীন প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী

ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

মধ্য প্ৰদেশৰ বানাক্ৰান্তক উদ্ধাৰ বায়ু সেনাৰ

দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে মধ্য প্ৰদেশত বানপানীয়ে তাণ্ডৱ সৃষ্টি কৰিছে ৷ ৰাজ্যখনত নেৰানেপেৰা বৰষুণৰ ফলত বিস্তীৰ্ণ অঞ্চল বানপানীত প্লাবিত হৈ ইতিমধ্যে জলমগ্ন হৈ পৰিছে ৷

কলিয়াভোমোৰাৰ ওপৰেৰে বনজ সম্পদৰ অবৈধ সৰবৰাহ

ৰাজ্যৰ ভিন্ন প্ৰান্তত বনজ সম্পদ লুণ্ঠনৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ বিষয়ে অভিযোগ উত্থাপন হৈ আহিছে ৷ অভিযোগ অনুসৰি কলিয়াভোমোৰা দলঙেৰে শোণিতপুৰ জিলাৰ পৰা অবৈধভাৱে নিতৌ শিল-বালি সৰবৰাহ হৈ আহিছে যদিও, এই ক্ষেত্ৰত নিৰৱ হৈ ৰৈছে বন বিভাগ ৷

চুৰি সামগ্ৰী সহ আৰক্ষীৰ জালত ৬ গভাইত চোৰ

গোলাঘাটত আৰক্ষীয়ে ৬ টাকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হৈছে । ধৃত চোৰ কেইটাৰ পৰা বহু লাখ টকাৰ চুৰি সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

অস্বাস্থ্যকৰ পৰিৱেশত কদৰ্যময় জীৱন কটাইছে ধেমাজিবাসী

2014 বৰ্ষত আৰম্ভ কৰা স্বচ্ছ ভাৰত আঁচনি বৰ্তমান যেন ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ কিয়নো ধেমাজিৰ প্ৰান্তে প্ৰান্তে এতিয়া আৱৰ্জনাৰ দ'ম ।

বন্ধ হোৱাৰ দিশে অসমৰ একমাত্ৰ তীখা উদ্যোগটো, চাওঁক আমাৰ এই প্ৰতিবেদন

1985 চনতে বাইহাটা চাৰিআলিৰ দগাঁৱত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই স্থাপন কৰিছিল তীখা উদ্যোগৰ আধাৰশীলা ৷

ABOUT THE AUTHOR

...view details