অসম

assam

ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP10 @ 7PM

7 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP10 @ 7PM
TOP10 @ 7PM

By

Published : Aug 29, 2020, 7:11 PM IST

পদপথৰ মানসিক ৰোগীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা দুলীয়াজানৰ যুৱকৰ

দুলীয়াজানৰ পথত অনাই-বনাই ঘূৰি ফুৰা মানসিক ৰোগীক আশ্ৰয়স্থল নিৰ্মাণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে দুলীয়াজানৰ মানৱ দৰদী যুৱক ভাৰ্গৱ বৰুৱা, অঞ্জন ডেকাৰ লগতে এটা যুৱকৰ দলে ৷

IPL-2020 ত নেখেলে CSK ৰ তাৰকা অলৰাউণ্ডাৰ সুৰেশ ৰাইনাই

এদিন পূৰ্বেই এজন ক্ৰিকেটাৰসহ 12 জন আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ এইবাৰ পুনৰ চেন্নাই চুপাৰ কিংগছৰ বাবে আহিছে আন এটা বেয়া খবৰ ৷

প্ৰণৱ মুখাৰ্জীৰ ৰেনাল পেৰামিটাৰ উন্নত হৈছে: চিকিৎসক

মস্তিষ্কৰ অস্ত্ৰোপচাৰৰ পিছৰে পৰা সেনাৰ হাস্পতালত চিকিৎসাধীন হৈ থকা প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ৰেনাল পেৰামিটাৰ উন্নত হৈছে বুলি প্ৰকাশ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ।

ন্যায়ালয়ৰ নিৰ্দেশ নমনা অগপ নেতৃত্বৰ বিৰুদ্ধে গোচৰীয়া পক্ষৰ প্ৰতিক্ৰিয়া

অসম গণ পৰিষদৰ নেতৃত্বই 27আগষ্টত ন্যায়ালয়ৰ নিৰ্দেশ আওকাণ কৰি অনুষ্ঠিত কৰা দলীয় অধিবেশন সম্পূৰ্ণৰূপে বেআইনী আৰু অবৈধ বুলি আখ্যা দিছে এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰা জ্যেষ্ঠ অগপ নেতাসকলে ।

গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ

গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰত কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু । মৃত ব্যক্তি জনৰ নাম নিৰ্মল হাজং বুলি জানিব পৰা গৈছে ।

টাইপাৰ মোমাই তামুলী বৰবৰুৱা বঁটা ঘোষণা

ডিব্ৰুগড়ত টাই আহােম যুৱ পৰিষদ, অসম ডিব্ৰুগড় জিলা সমিতিয়ে প্রতি বছৰে অসমৰ এজন বিশিষ্ট ব্যক্তিক মােমাই তামুলী বৰবৰুৱা নামেৰে এক বিশেষ বঁটা প্রদান কৰি আহিছে । এইবেলিও পৰিস্থিতি কিছু সাধাৰণ হোৱাৰ পাছত এগৰাকী বিশেষ ব্যক্তিক 2 আঘোণত এই বঁটা প্রদান কৰা হ'ব বুলি শনিবাৰে এক সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে টাইপাই ।

আটছাৰ প্ৰতিবাদত উত্তাল কোকৰাঝাৰ আৰু ডুমডুমা

আদিবাসী সকলৰ পৰম্পৰাগত কৰম উৎসৱৰ এই মহান দিনটোতে আদিবাসী সকলক জনজাতিকৰণ কৰা, কৰম উৎসৱক চৰকাৰী স্বীকূতি প্ৰদান কৰাকে ধৰি কেইবাটাও সমস্যাৰ দাবীত শনিবাৰে আছাৰ প্ৰদীপ গোটৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ জয়পুৰ খেলপথাৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

হোৱাটছএপৰ ওপৰত বি জে পিৰ নিয়ন্ত্ৰণ আছে: ৰাহুল গান্ধী

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ 'Art of God'ক লৈ তীব্ৰ সমালোচনা কৰাৰ পিছত এইবাৰ কেন্দ্ৰীয় চৰকাৰক লৈ আক্ৰমণাত্মক মন্তব্য কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ।

টেনজিং নৰ্গে বঁটাৰ পৰা ভাৰত চৰকাৰে বাতিল কৰিলে নৰেন্দ্ৰ সিঙৰ নাম

এভাৰেষ্ট জয়কাৰী নৱ ফুকনৰ স‌ংবাদমেলৰ পিছতেই চৰকাৰে বাতিল কৰিলে টেনজিং নৰ্গে বঁটাৰ পৰা নৰেন্দ্ৰ সিঙৰ নাম ৷ উল্লেখ্য যে, বিগত ২৪ আগষ্টত অসম সন্তান এভাৰেষ্ট শৃংগ আৰোহণকাৰী নৱ ফুকনে শিৱসাগৰ নগৰৰ প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি ভাৰত চৰকাৰে দুঃসাহসীক ক্ৰীড়াৰ বাবে প্ৰদান কৰা টেনজিং নৰ্গে বঁটাৰ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছিল ৷

সুশান্তৰ আত্মহত্যাৰ ঘটনা: DRDOৰ অতিথিশালাত উপস্থিত ৰিয়া

বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত দ্বিতীয়বাৰৰ বাবে ৰিয়া চক্ৰৱৰ্তীক সোধ-পোচ কৰে CBIয়ে ।

ABOUT THE AUTHOR

...view details