অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ বাতৰি - top10 @ 7pm

সন্ধিয়া 7 বজাৰ শীৰ্ষ বাতৰি

top10 @ 7pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ বাতৰি

By

Published : Aug 24, 2020, 7:04 PM IST

চিৰাঙত বিপিএফৰ নিৰ্বাচনী সভাত মন্ত্ৰী চন্দন ব্ৰহ্ম

কৰ’ণা মহামাৰীৰ মাজতে বিটিচিত আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ ৷ সকলো দল সংগঠনেই বড়োভূমিক নিজৰ অধীনলৈ অনাৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি আৰম্ভ কৰিছে ৷

এছ পি বালাসুব্ৰমণিয়ামৰ স্বাস্থ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পুত্ৰৰ

বিশিষ্ট গায়ক এছ পি বালাসুব্ৰমণিয়ামক লৈ প্ৰচাৰ হোৱা বাতৰি সন্দৰ্ভত সোমবাৰে পুত্ৰ এছ পি চৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ বৰ্তমান এছ পি বালাসুব্ৰমণিয়াম ক’ভিড নিগেটিভ বুলি প্ৰচাৰ হোৱা বাতৰিক ভুৱা বুলি এক ভিডিঅ’যোগে মন্তব্য দিয়ে পুত্ৰ চৰণে ৷

সুশান্ত আত্মহত্যাৰ তদন্ত: পুনৰ সিদ্ধাৰ্থ পিথানীক জেৰা চিবিআইৰ

সোমবাৰে সুশান্ত সিং ৰাজপুতৰ প্ৰতিবেশী সিদ্ধাৰ্থ পিথানী উপস্থিত হয় ডিআৰডিঅ’ গেষ্টহাউছত ৷ এই গেষ্টহাউছতে চিবিআইৰ বিশেষ তদন্তকাৰী দল (SIT)য়ে অৱস্থান কৰি আছে ৷

বাৰ্তালাপেৰে সমস্যা সমাধান নহ'লে ব্যৱহাৰ হ'ব "সামৰিক বিকল্প": বিপিন ৰাৱাট

দীৰ্ঘদিন ধৰি লাডাখৰ LAC স্থিত ভাৰত-চীন মাজত হৈ অহা সীমা বিবাদকলৈ সোমবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ভাৰতীয় সেনা বাহিনীৰ মুখ্য সেনাধক্ষ্য বিপিন ৰাৱাটে ৷

যোৰহাটৰ NID স্থিত ক’ভিড চেন্টাৰৰ পৰা পলায়ণ 8 শিশুৰ

যোৰহাট চহৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ যোৰহাট ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানস্থিত ক’ভিড চেন্টাৰৰ পৰা পলায়ণ কৰিলে 8 টি কৈ শিশুৱে ৷

আৰক্ষীৰ জালত ধৃত মটৰচাইকেল চোৰ

কিছুদিনৰ পৰা কৰিমগঞ্জ জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ দৰে ঘটনা ৷ চলিত মাহৰ 7 তাৰিখে জিলাখনৰ কদমতলা গ্ৰামীণ চিকিৎসালয়ৰ কৰ্মচাৰী আশীষ শব্দকৰৰ মটৰ চাইকেলখন চুৰি হৈছিল ৷

পৰ্যটনৰ সম্ভাৱনাৰে পুষ্ট বগৰীবাৰীৰ মা মহামায়া ধাম

এইখন অসমতে আছে বহু শতিকা গৰকা এখন ঐতিহ্যপূৰ্ণ শক্তিপীঠ ৷ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ আস্থা আৰু বিশ্বাসৰ স্থলী হিচাপে পৰিচিত শক্তিপীঠখন হৈছে ধুবুৰী জিলাৰ ঐতিহাসিক বগৰীবাৰী মাঁ মহামায়া ধাম ৷

প্ৰতিবাদত উত্তাল হ’ল বৰঝাৰ বিমানবন্দৰ

সোমবাৰে চৰকাৰ বিৰোধী প্ৰতিবাদত উত্তাল হ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ চৌহদ ৷ বিগত 19 আগষ্টত বৰঝাৰ বিমানবন্দৰসহ জয়পুৰ আৰু তিৰুৱানন্তপুৰম বিমানকোঠ ব্যক্তিগতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷

ৰিয়া চক্ৰৱৰ্তী আৰু পৰিয়াললৈ চমন জাৰি কৰা নাই CBIয়ে

বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত তদন্ত চলাই থকা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই বৰ্তমানলৈকে ৰিয়া চক্ৰৱৰ্তীলৈ চমন জাৰি কৰা নাই। ৰিয়াৰ অধিবক্তা সতীশ মনেছিন্দেয়ে সোমবাৰে স্পষ্ট কৰি দিয়ে এই কথা ।

ৰাহুলৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা

কংগ্ৰেছৰ কাৰ্যকৰী কমিটিৰ বৈঠকত নেতা সকলৰ পৰস্পৰৰ মাজত সংঘাত পোহৰলৈ আহিছে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৈঠকত অভিযোগ উত্থাপন কৰে যে, ' যিসকলে এতিয়া চিঠি লিখিছে সেইসকল ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিলি আছে ৷ ' এই মন্তব্যৰ পাছত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অসন্তুষ্ট হোৱা পৰিলক্ষিত হৈছে ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল ছিব্বলে বৈঠকৰ মাজতে টুইট কৰে ৷

ABOUT THE AUTHOR

...view details