অসম

assam

ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP10 @ 7PM

7 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP10 @ 7PM
TOP10 @ 7PM

By

Published : Aug 20, 2020, 7:17 PM IST

ৰোগীয়ে ঈশ্বৰ জ্ঞান কৰা চিকিৎসক গৰাকী

এজন বিশেষ চিকিৎসক ৷ যিগৰাকী চিকিৎসকৰ মাজত ৰোগীয়ে দেখা পাই ঈশ্বৰক ৷ তেওঁৰ নাম ডাঃ ৰবি কান্নান ৷ কৰ্কট ৰোগৰ বিশেষজ্ঞ এই গৰাকী দক্ষিণ ভাৰতীয় চিকিৎসক অসমলৈ আহিছিল 1972 চনত ৷ বৰাক উপত্যকাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ শিলচৰ চহৰৰ মেহেৰপুৰস্থিত কাছাৰ কেন্সাৰ হাস্পতালত কৰ্তব্য আৰম্ভ কৰে ডাঃ ৰবি কান্নানে ৷

আছুৰ ৰাজনৈতিক দল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

সদৌ অসম ছাত্ৰ সন্থাৰ নতুনকৈ গঠন হ’বলগীয়া ৰাজনৈতিক দল সম্পৰ্কত অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ গৃহ সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ

প্ৰকৃততে কিমান হৈছে ৰাজ্যৰ উন্নয়ন ? পৰিৱৰ্তনৰ কথা কৈ ৰাজ্যৰ শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰে ৰাইজৰ উন্নয়নত কিমানদূৰ সফল হৈছে, সেইয়া বুজ লৈছেনে ? কেৱল শ্ল'গানতে সীমাৱদ্ধ নেকি উন্নয়ন ? পুনৰ পোহৰলৈ আহিছে উন্নয়নৰ ফোঁপোলা স্বৰূপ

২০০৯ চনৰ পৰা বি টি আৰত অস্ত্ৰ মুক্ত সমাজ গঢ়াৰ চেষ্টা কৰিছোঃ প্ৰমোদ বড়ো

বৃহস্পতিবাৰে বাক্সা জিলাৰ তামুলপুৰৰ ইউ পি পি এলৰ কাৰ্যালয়ত দলৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত হয় ৷ উপস্থিত হৈ ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োই সাংবাদিকৰ আগত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে ৷

প্ৰতিবাদী কণ্ঠৰে সৰৱ হৈ পৰিল টিংখাঙৰ ৰাজপথ

ডিব্ৰুগড়ৰটিংখাঙত বৃহস্পতিবাৰৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ সদস্যসকলে । সংগঠনটোৱে মূলতঃ নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 বাতিলৰ লগতে কাৰাবন্দী কৃষক নেতা অখিল গগৈ, শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰৰ মুক্তিৰ দাবীত টিংখাঙৰ ৰাজগড়ত সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদ ৷

কাছাৰৰ ইচটমপুৰ বাগিচাত উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ লাঠি চালনা

কাছাৰ জিলাৰ ইচটমপুৰ বাগিচাত পুৱাৰে পৰা সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী-অৰ্ধ-সামৰিক বাহিনীৰ লাঠি চালনা ।

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মানৱ শৃংখল প্ৰদৰ্শন

ৰাজ্যত ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণৰ দিশে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ৷ বিগত বৰ্ষৰ শেষৰভাগে আৰম্ভ হোৱা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন চলিত বৰ্ষত কৰ’ণা ভাইৰাছৰ বাবে স্তিমিত হৈছিল ৷

বানৰ পিচত চহৰা পোকৰ আক্ৰমণত শংকিত লখিমপুৰৰ কৃষক

সোৱণশিৰি, ৰঙানদী, শিঙৰা, ডিক্ৰং, দ্ৰোপাং, বোকানদী আৰু পাভকে ধৰি নদী-উপনদীৰ সংহাৰী বানে লখিমপুৰ জিলাখনৰ দৰিদ্ৰ কৃষক সকলৰ খেতি বিধ্বস্ত কৰাৰ পিচত আকৌভূতৰ ওপৰত দানৱ পৰাদি শেহতীয়াকৈ ৰোপন কৰা হাজাৰ-হাজাৰ বিঘা সজাল ধৰা শালি খেতিত চহৰা পোকে আক্ৰমন কৰাত বৰ্তমান কৃষকৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে ৷

ক্ষমা খুজিবলৈ অস্বীকাৰ অধিবক্তা প্ৰশান্ত ভূষণৰ

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায় ব্যৱস্থা আৰু মুখ্য ন্যায়াধীশক সমালোচনা কৰিও ক্ষমা খুজিবলৈ অস্বীকাৰ কৰিছে অধিবক্তা প্ৰশান্ত ভূষণে ।

CBSEৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা বাতিলৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

ক'ৰোনা মহামাৰীৰ সংহাৰৰ পৰিপ্ৰেক্ষিতত বিগত কেইবামাহো ধৰি শিক্ষানুষ্ঠানসমূহত পাঠদান বন্ধ হৈ পৰিছে। এই ভয়াৱহ পৰিস্থিতিৰ বাবে শিক্ষাৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে।

ABOUT THE AUTHOR

...view details