অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP10

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

TOP10 @ 7PM
TOP10 @ 7PM

By

Published : Jun 27, 2020, 7:06 PM IST

তিনিচুকীয়া জিলাৰ বিভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন মৰাণ ছাত্ৰ সন্থাৰ

নেৰা নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীৰ ফলত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো গৃহহীন হৈছে হাজাৰ হাজাৰ পৰিয়াল ৷ বানৰ কৱলত পৰি ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰত থাকিব লগীয়া হৈছে বহু পৰিয়াল ৷

আৰ্থিক দীনতাৰ হেঙাৰ নেওচি সফলতাৰ বাট বুলোৱা বটদ্ৰৱাৰ জুলি বৰা

উচ্চতৰ মাধ্যমিক পৰীক্ষা বাণিজ্য শাখাত 89.6 শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ বটদ্ৰৱাৰ ন-সত্ৰলৈ গৌৰৱ কঢ়িয়াই আনিছে জুলি বৰাই ৷ জুলিৰ মাতৃয়ে টিউচন কৰি উপাজৰ্ন কৰা টকাৰে কোনোমতে পোহপাল দি আছে সাতজনীয়া পৰিয়ালটো ৷

আমিনগাঁও, জালুকবাৰীত তীব্ৰ যান-জঁট ; ঘণ্টা ঘণ্টা ধৰি আৱদ্ধ শ শ বাহন

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভূমিস্খলন। উত্তৰ গুৱাহাটীৰ গৌৰীপুৰতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা । যাৰ বাবে বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ সমগ্ৰ পথচোৱা । ফলত আমিনগাঁৱকে ধৰি জালুকবাৰীত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ ৷ ঘণ্টা ঘণ্টা ধৰি আৱদ্ধ হৈ পৰিছে শ শ বাহন ৷

লক্ ডাউনে বিপদত পেলাইছে মাটিকঠাল খেতিয়কক

বকোত লক ডাউনৰ বাবে মাটিকঁঠাল খেতিয়ক সকলে এতিয়া মুৰে কপালে হাত দিবলগীয়া হৈছে ৷ কাৰণ লক ডাউনৰ বাবে সকলো বজাৰ বন্ধ হৈ পৰাৰ ফলত বিক্ৰী কৰিব পৰা প্ৰচুৰ পৰিমানে উৎপাদন হোৱা মাটি কঠাল ৷

দ্বিপো নৈৰ সোঁতত সলিল সমাধি কিশোৰৰ

ধুবুৰী জিলাৰ অন্তৰ্গত দ্বিপো নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন হয় লক্ষীগঞ্জ চোকাপাৰা গাঁৱৰ ছাহিদুল ইছলামৰ পুত্ৰ ৰাব্বিউল ইছলাম ওৰফে ৰ'জ ৷ ছাত্ৰজন নিখোজ হোৱা সন্দৰ্ভত স্থানীয় ৰাইজে ততাতৈয়াকৈ প্ৰশাসনৰ লগতে SDRF বাহিনীক খবৰ কৰে ৷

CBSE ৰ মূল্যায়ন প্ৰক্ৰিয়াত সহমত উচ্চতম ন্যায়ালয়ৰ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে সম্পূৰ্ণ নোহোৱা বিষয়সমূহৰ ফলাফলসমূহ প্ৰথমে হৈ যোৱা পৰীক্ষাৰ ভিত্তিত তথা মূল্যায়ন প্ৰক্ৰিয়াৰ দ্বাৰা সাজু কৰিব ৷ 15 জুলাইত ঘোষণা কৰা হ'ব ফলাফল ৷

মেৰামতিৰ এবছৰ সম্পূৰ্ণ নহওতেই খহি পৰিল গড়কাপ্তানি দলং

ধেমাজিত সামান্য পানীতেই খহি পৰিল গড়কাপ্তানি বিভাগৰ লাখ টকীয়া কাঠৰ দলং ৷ ইতিমধ্যে সংযোগ বিচ্ছিন্ন হৈ পৰিছে উক্ত অঞ্চলটোৰ ৰাইজৰ ৷ অতি শীঘ্ৰে যাতায়াতৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে ৷

বাঢ়নী পানীত পৰি 4 বছৰীয়া কণমানিৰ সলিল সমাধি

ৰাজ্যজুৰি বানৰ বিভিষিকা অব্যাহত থকা সময়তে গোৱালপাৰা কালুবাজাৰত অঘটন ৷ বাঢ়নী পানীত সলিল সমাধি এগৰাকী 4 বছৰীয়া কন্যা শিশুৰ ৷

বান প্ৰলয়ঃ বিগত এমাহে জলবন্দী দধীয়া-লাইকাবাসী

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনগাঁও দধীয়া আৰু লাইকাৰ প্ৰায় দুই শহস্ৰাধিক লোকে বিগত এমাহে ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ বানৰ ফলত দুৰ্ভোগ ভুগি আহিছে ৷

ইটিভি ভাৰতৰ বাতৰি প্ৰভাৱঃ ভগ্ন মাথাউৰি পৰিদৰ্শন বিধায়ক উৎপল বৰাৰ

বিধায়ক গৰাকীয়ে মথাউৰিৰ ভগা অংশত উপস্থিত হৈ ভগা মথাউৰিটো শীঘ্ৰে মেৰামতি কৰিবলৈ জলসম্পদ বিভাগৰ কৰ্মচাৰীক নিৰ্দেশ দিয়ে ৷ ইয়াৰ লগে-লগে জলসম্পদ বিভাগে সেই ভগা অংশটোত জিঅ' বেগৰ জৰিয়তে মেৰামতি কৰিবলৈ তৎপৰ হৈ পৰিছে

ABOUT THE AUTHOR

...view details