অসম আৰক্ষীত মকৰলৰ বাবে অনুশীলনৰত অৱস্থাতে যুৱকৰ মৃত্যু
চামগুৰি মঙলা মাউৎ খেলপথাৰত শাৰীৰিক অনুশীলন চলাই থকা অৱস্থাতে হৰ্ঠাৎ ঢলি পৰে মৃত্যু হয় যুৱকজনৰ ৷ যুৱক জনৰ মৃত্যুত ক্ষতিপুৰণৰ দাবী কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।
কৃত্ৰিম বানত বুৰিল নীলবাগানৰ বৃহত্তৰ অঞ্চল
হোজাইৰ নীলবাগানৰ বাট-পথ, ঘৰ-দুৱাৰ, চৰকাৰী কাৰ্যালয় সকলো সম্প্ৰতি কৃত্ৰিম বানৰ কবলত ৷ পানী নিষ্কাশনৰ কোনো ব্যৱস্থা নথকাৰ লগতে বেদখলৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
বিটিচি পৰিষদীয় নিৰ্বাচনৰ দাবীৰে বিপিএফৰ প্ৰতিবাদ
বিটিএডিৰ পৰ্বতঝোৰাত সোমবাৰে বিপিএফ দলে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ শীঘ্ৰেই বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে দলটোৱে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ শাসনাধীন চৰকাৰে নিজৰ মুনাফা আদায়ৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷
কৃষি আইনৰ বিৰুদ্ধে ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান
ৰাজ্যপালক সাক্ষাৎ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কংগ্ৰেছে কোনো কাৰণতে এই কৃষি বিৰোধী আইন মানি নোলোৱাৰ কথা স্পষ্টকৈ প্ৰকাশ কৰে ৷ কংগ্ৰেছ সদায় কৃষকৰ পক্ষত আছে আৰু থাকিব বুলি প্ৰকাশ কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ আনহাতে,SI কেলেংকাৰীৰ তদন্তৰ সন্দৰ্ভতো মন্তব্য আগবঢ়াই ৰিপুণ বৰায়ে ৷ বৰাই বিজেপি দলক তাচ্ছিল্যসূচকভাৱে “চোৰকেই চোৰ ধৰিব দিছে, ক’ত ধৰা পৰিব" বুলি সমালোচনা কৰে ৷
কাৰ্বি আংলঙত 25 কোটি টকাৰ নিষিদ্ধ হেৰ'ইন জব্দ
কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ'ইন জব্দ ৷ আৰক্ষীয়ে এজন লোকক আটক কৰাৰ লগতে 50 হাজাৰ টকা উদ্ধাৰ কৰে যুৱকজনৰ পৰা ৷