চিৰাঙত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰঃ শংকিত বিটিচি বাসী
বিটিচিৰ পৰিষদীয় নিৰ্বাচনকলৈ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বিগত দিনকেইটাত বিটিআৰ অঞ্চলত উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ মাৰনাস্ত্ৰ ৷ বিটিআৰৰ অন্তৰ্গত বিভিন্ন ঠাইত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে এই সমুহ আগ্নেয়াস্ত্ৰ আৰু মাৰণাস্ত্ৰ৷
গৃহভূমিতেই প্ৰতিবাদৰ সন্মুখীন হ'ব যতীন বৰা
গৃহভূমিতেই প্ৰৱল প্ৰতিবাদৰ সন্মুখীন হ'ব অভিনেতা যতীন বৰা । এই হুংকাৰ প্ৰদান কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । 'কা' বিৰোধী আন্দোলনক আৱেগিক নাটক আখ্যা দি পুনৰ বিজেপিত যোগদান কৰা অভিনেতা যতীন বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে যতীন বৰাৰ গৃহ জিলা নগাঁৱৰ দল সংগঠন। যতীন বৰাক ৰাজনৈতিক বহুৱা আখ্যা দিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে।
বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে শাসকীয় দলৰ বিধায়ক শিলাদিত্য দেৱ আৰু বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷
গুৱাহাটী ক্লাৱত S F I ৰ তীব্ৰ প্ৰতিবাদ
মঙলবাৰে গুৱাহাটী ক্লাৱত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ ফেডাৰেচন অফ ইণ্ডিয়া চমুকৈ SFI ৰ মহানগৰ সমিতিৰ সদস্য সকলে ৷ মহাবিদ্যালয় সমূহত আসনৰ সংখ্যা বৃদ্ধি, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ছাত্ৰ ছাত্ৰীৰ সুকীয়া মেৰিট লিষ্ট তৈয়াৰ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
ক'ভিড-১৯ত আক্ৰান্ত হৈ বনাঞ্চলিক বিষয়াৰ মৃত্যু
সমগ্ৰ দেশ তথা ৰাজ্যত কৰ'ণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। বিধ্বংসী বানে সংহাৰ চলোৱাৰ পিছত এতিয়া কৰ'ণা ভাইৰাচৰ সংক্ৰমণে ভয়াৱহ ৰূপ লৈছে লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যত।
বিপদত পৰিব পাৰে সুশান্ত সিং ৰাজপুতৰ ঘটনাৰ সাক্ষী
বলিউডৰ প্ৰসিদ্ধ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ তৰফৰ পৰা প্ৰকাশ কৰিছে এক বিশেষ মন্তব্য ৷ শেহতীয়াকৈ সুশান্তৰ ঘটনাৰ লগত জড়িত সাক্ষীৰ লগত বিপদ সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে সুশান্তৰ সম্বন্ধীয় ভাতৃ তথা বিজেপিৰ বিধায়ক নীৰজ সিং বাব্লুয়ে ৷
ভাদ মাহতো পূৰ্ৱৰ উচাহ নাই মাধৱদেৱৰ জন্মস্থানত
অসমীয়া সমাজ জীৱনত পবিত্ৰ মাহ হিচাপে চিহ্নিত হৈ অহা ভাদ মাহৰ গুৰুত্ব অপৰিসীম। দিনে নিশাই পবিত্ৰ ভাদমাহত ৰাজ্যৰ সকলো সত্ৰ, নামঘৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে । ভাদ মাহতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ গুনানুকীৰ্তনৰে মুখৰিত হৈ থাকে অসমৰ সকলো সত্ৰ, নামঘৰ ৷
ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত অসমৰ এগৰাকী আৰক্ষী বিষয়াৰ কবিতা
এটা দেশপ্ৰেম মূলক কবিতা । শিৰোনাম 'একুৰি জীৱন একুৰি কফিন', কবি এগৰাকী আৰক্ষী বিষয়া, নাম পাৰ্থ সাৰথি মহন্ত ।হৃদয়স্পৰ্শী কবিতাটোত বৰ্ণিত হৈছে সীমান্তৰ অতন্দ্ৰ প্ৰহৰীৰ জীৱন গাঁথা, জন্মভূমিৰ প্ৰেমৰ এক অপূৰ্ব নিৰ্দশন। কবিৰ কাব্যিক কল্পচিত্ৰৰে ব্যঞ্জিত কৰা এক ৰৌঢ় বাস্তৱ । এই কবিতা সমাদৃত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত ।
গোলাঘাটত আৰক্ষীৰ জালত চাৰিটাকৈ গভাইত চোৰ
গোলাঘাটৰ ৰঙাজানত ৬ আগষ্টত চুৰিকাণ্ড সংঘটিত কৰা চাৰিটা চোৰক অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰ কেইটাৰ পৰা আৰক্ষীয়ে এ এচ ০৫ চি ৮২২৪ নম্বৰৰ বলেৰ' পিক আপ গাড়ী এখনো জব্দ কৰে ।
নাৰী সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ বাংলাদেশী মহিলা
পশ্চিমবংগত সীমা সুৰক্ষা বাহিনীৰ জালত নাৰী সৰবৰাহকাৰী । ধৃত নাৰী সৰবৰাহকাৰীৰ কবলৰ পৰা এগৰাকী বাংলাদেশী মহিলাক উদ্ধাৰ কৰে সীমা সুৰক্ষা বাহিনীৰ জোৱানে । পশ্চিমবংগৰ উত্তৰ ২৪ পাৰগণা জিলাৰ পৰা মঙলবাৰে উদ্ধাৰ কৰে বাংলাদেশী মহিলাগৰাকীক ।