অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP10 @ 5PM

5 বজাৰ শীৰ্ষ দহটা বাতৰি

5 বজাৰ শীৰ্ষ দহটা বাতৰি
5 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Aug 17, 2020, 5:11 PM IST

অখিল গগৈৰ ন্যায়িক যুঁজৰ বাবে ৰাইজৰ সাহায্য প্ৰদান

বৰ্তমান ৰাজ্যৰ প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে কৃষক নেতা অখিল গগৈৰ মুক্তি কেতিয়া হ’ব ! কিয়নো দীৰ্ঘদিনে এটাৰ পিছত আন এটা গোচৰ জাপি দি কৃষক নেতাগৰাকীক কাৰাৰুদ্ধ কৰি ৰখা হৈছে ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ উপৰিও চৰকাৰৰ ভুল নীতিসমূহৰ বিৰুদ্ধে বজ্ৰকণ্ঠে প্ৰতিবাদ কৰাৰ বাবে চৰকাৰে নেতাগৰাকীক কাৰাবন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যবাসীয়ে ৷

ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ড;নিমিষতে ছাঁই তিনিটা আৱাসগৃহ

ডিব্ৰুগড় চহৰৰ মোহনাঘাটত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ড । বিধ্বংসী অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় তিনিটাকৈ বাসগৃহ । এটা চিলিণ্ডাৰৰ পৰাই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জনাইছে ।

নলবাৰীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ

সোমবাৰে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সংগঠনটোৱে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ লগতে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে গৃহীত কৰিবলৈ বিচৰা EIA 2020 বাতিলৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰে ৷

ৰাজ্যজুৰি পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট

বিগত ষোল্ল মাহে দৰমৰ্হাৰ পৰা বঞ্চিত হৈ আহিছে ৰাজ্যৰ কাৰিকৰী শিক্ষা প্ৰতিস্থান পলিটেকনিকৰ সকলো কৰ্মচাৰী ৷

যোৰহাটত 'কা' বাতিলৰ দাবীত মানৱ শৃংখল

কৰ'ণাৰ আতংক মাৰ নৌযাওতেই পুনৰ সক্ৰিয় হৈ উঠিছে CAA বিৰোধী আন্দোলন। সোমবাৰে যোৰহাটতো জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী।

গৰাখহনীয়া ৰোধৰ বাবে ৰাইজৰ প্ৰতিবাদ

সমাগত BTC নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত থকাৰ মাজতে সোমবাৰে বাক্সা জিলাৰ বৰিকাদঙাত চৰকাৰ আৰু হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷

নলবাৰীৰ ৩০ হাজাৰতকৈ অধিক গ্ৰন্থ থকা বিশেষ পুথিভঁৰাল

নলবাৰীৰ এগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এটা বৃহৎ পুথিভঁৰাল । লোক জনৰ নাম হৈছে দিজেন্দ্ৰ নাৰায়ণ শৰ্মা ৷ পেছাত তেওঁ দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা।

লুটকেছৰ বাবে কুনাল কেমুৰ প্ৰশংসাত পঞ্চমুখ হ'ল বিগ বি

মহানায়ক অমিতাভ বচ্চনে ছবি লুটকেছত কুনাল খেমুৰ অভিনয় দেখাৰ পিছতে তেওঁলৈ লিখিত ৰূপত এক প্ৰশংসা সূচক বাৰ্তা প্ৰেৰণ কৰে ৷ এই বাৰ্তা লাভৰ পিছতে যথেষ্ট সুখী হৈ পৰে অভিনেতা গৰাকী ৷ এই কথা নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে জানিবলৈ দিছে অভিনেতা গৰাকীয়ে ৷

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মহানগৰীত প্ৰতিবাদ

কৰ’ণা ভাইৰাছৰ বাবে বিগত চাৰি মাহে ৰাজ্যত স্তব্ধ হৈ ৰৈছিল নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ কিন্তু এই সংক্ৰমণ কিছু পৰিমাণে শাম কটাত পুনৰ গা কৰি উঠিছে এই আন্দোলনে ৷

আগন্তক নিৰ্বাচনত ৮৪ লাখ ভোটৰ লক্ষ্য বিজেপিৰ

সোমবাৰে ধুবুৰী জিলা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলীয় যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু সাংসদ দিলীপ শইকীয়াই ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আগন্তক 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে 100 শতাংশই আসন লাভ কৰিব বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷ অসমৰ সৰ্বাংগীন বিকাশৰ বাবে অসমবাসীয়ে বিজেপিক বিবেক ভোট প্ৰদান কৰিব ৷ আগন্তক নিৰ্বাচনত ৮৪ লাখ ভোটৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপিয়ে ৷

ABOUT THE AUTHOR

...view details