আজি দিল্লীত অন্তোষ্টিক্ৰিয়া সম্পন্ন হ'ব কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ অংগডীৰ
কেন্দ্ৰীয় ৰাজ্যিক ৰেলৱে' মন্ত্ৰী সুৰেশ অংগডীৰ ক'ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু ৷ আজি ৰাজধানী দিল্লীত সম্পন্ন হ'ব মৃতদেহৰ অন্তিম সংস্কাৰ ৷
সুৰামত্ত ই-ৰিক্সা চালকক গণপ্ৰহাৰ
গণপ্ৰহাৰৰ সন্মুখীন হৈছে এগৰাকী ই-ৰিক্সা চালক ৷ নগাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ নিশা হ’লেই অত্যধিক সুৰাপান কৰি চহৰখনৰ হয়বৰগাঁৱত ত্ৰাসৰ সৃষ্টি কৰিছিল কামালউদ্দিন নামৰ ই-ৰিক্সা চালকজনে ৷
এবছৰৰ ভিতৰত কাৰ্যকৰী হ’ব অসম চুক্তিৰ 6 নং দফা : শিলাদিত্য দেৱ
অসম চুক্তিৰ 6 নং দফা এবছৰৰ ভিতৰত কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱৰ । এই ক্ষেত্ৰত বিশেষভাৱে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ সচেতন বুলি মন্তব্য শিলাদিত্য দেৱৰ ৷
আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ট্ৰাক চোৰ
চাংসাৰিৰ সিন্দুৰীঘোপাৰ পৰা নিৰুদ্দেশ হোৱা এখন ট্ৰাক আৰক্ষীয়ে উদ্ধাৰ কৰে গোৱালপাৰাত ৷ লগতে আটক কৰে এই চুৰিত জড়়িত বঙাইগাঁৱৰ ফুলবৰ আলীক ৷ আলীয়ে চুৰি হোৱা ট্ৰাকখনৰ চালকৰূপে কৰ্মৰত আছিল ৷
মাজুলীত আছুৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও
মাজুলীত উজনি মাজুলী বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও ৷ ঘন্টাজোৰা বিদ্যুত সেৱা কৰ্তনত অতীষ্ঠ হৈ আছুৰ উদ্যোগত মাজুলীবাসীৰ প্ৰতিবাদ ৷ উজনি মাজুলীস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়টোত দীৰ্ঘ দিনৰ পৰা অৰাজক পৰিস্থিতি উদ্ভৱ হৈ অহাৰ অভিযোগ ৷ সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ লগতে ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ দাবী প্ৰতিবাদকাৰীৰ ৷ দাবী কাৰ্যকৰী নহলে অধিক কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ ৷