আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 94 সংখ্যক জন্মদিন
চিৰ যুগমীয়া ঢৌ তুলি ঢৌ তুলিচিন নতুন পানচৈ উটি যায় !আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 94 সংখ্যক জন্মদিন ৷ ওপজা দিন উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে সুধাগৰাকীৰ সোঁৱৰণত বিভিন্ন কাৰ্য
ৰাজ্যৰ চিকিৎসালয়ত নাটনি ঘটিছে ৰোগীৰ আসনৰ
দ্ৰুত গতিৰে ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত চিকিৎসালয় সমূহত আসনৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । অধিক সংখ্যক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তে নাই ৰোগী ৰাখিবৰ বাবে আসন । গুৱাহাটীৰ আগশাৰীৰ এখন চিকিৎসালয় হায়াট হাস্পতালটো নাইকিয়া হৈছে ৰোগীৰ বাবে আসনৰ ব্যৱস্থা ।
সুধাকণ্ঠৰ ওপজা দিনটোতে নয়ন অসমৰ তিনিটিকৈ গীত মুকলি
আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 94 সংখ্যক ওপজা দিন ৷ সুধাকণ্ঠগৰাকীৰ ওপজা দিনৰ এই মুহুৰ্তত মহান শিল্পীগৰাকীক সুঁৱৰি নগঞা শিল্পী নয়ন অসম কলিয়াবৰীয়াই শ্ৰোতা ৰাইজলৈ বুলি সামাজিক মাধ্যমযোগে আগবঢ়াইছে তিনিটাকৈ চুটি গীত
দুই দিব্যাংগ সন্তানক লৈ অসহায় পিতৃ-মাতৃৰ হাহাকাৰ
পূৱ সাহানৰ ই-ৰিক্সা চালক তৌফিকুৰ ৰহমানৰ আছে এটি ১২ বছৰীয়া আৰু এটি ৬ বছৰীয়া সন্তান । দুৰ্ভাগ্যৰ কথা যে, ডাঙৰ সন্তানটোৰ হাত দুখন সকলো সময়তে বান্ধি থ’ব লগা হয় ৷ হাত নাবান্ধিলে হাতত কামুৰি নিজেই নিজক কৰে আহত । আজিলৈকে পিতৃ মাতৃয়ে এই দিব্যাংগ সন্তান দুটিৰ বাবে লাভ কৰা নাই কোনোধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা
হৰিণৰ শিং আৰু বন্দুকসহ আটক চোৰাং চিকাৰী
অস্ত্ৰসহ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰাংচিকাৰী বৰোণ্ডা বড়ো । ডুমুৰীগুৰিৰ বাসগৃহৰ পৰা এটা হস্তনিৰ্মিত বন্দুক আৰু তিনিটা হৰিণাৰ সিং সহ গ্ৰেপ্তাৰ কৰে শিমলা আৰক্ষীয়ে ।
মোক হৰুৱাব বিচাৰিও অখিল গগৈয়ে পৰা নাই হৰুৱাব :পীযুষ হাজৰিকা
মঙলদৈত উপস্থিত হয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা ৷ চহৰখনত উপস্থিত হৈ চহৰখনৰ চাফ চিকুণৰ দিশটো পৰ্যৱেক্ষণ কৰাৰ লগতে পোহৰৰ ব্যৱস্থাৰো বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, মঙলদৈৰ পৰাই কৃষক নেতা অখিল গগৈক প্ৰত্যাহ্বান জনায় মন্ত্ৰীগৰাকীয়ে
মুক্তি পালে নিৰ্বাচনক লৈ এটা বিশেষ গীত
নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে এতিয়া বাঢ়িছে জনপ্ৰতিনিধিৰ ব্যস্ততা । কোনোৱে যদি আধাৰশিলা স্থাপন কৰিছে, কোনোৱে আকৌ দিছে বিভিন্ন প্ৰতিশ্ৰুতি । একাংশ নেতাৰ কৰ্ম-কাণ্ড উদঙাই কেইজনমান সংগীতৰ লগত জড়িত যুৱকে নিৰ্মাণ কৰিলে আকৌ নিৰ্বাচন আহি পালে শীৰ্ষক এটি ব্যতিক্ৰমী গীতৰ ভিডিঅ’।
এটা গৰাকী বিহীন বাকচে সৃষ্টি কৰিছে চাঞ্চল্য
শিৱসাগৰ জিলাৰ বকতা নঙলামৰাত এটা গৰাকীবিহীন বাকচক লৈ সৃষ্টি হয় চাঞ্চল্য ৷ মঙলবাৰে পুৱাই নঙলামৰা জয়া তিনিআলিৰ জয়া মধ্য ইংৰাজী বিদ্যালয়ৰ সন্মুখত স্থানীয় লোকে প্ৰত্যক্ষ কৰে এটা বাকচ ৷ সোমবাৰে নিশাই কোনো দুস্কৃতিকাৰীয়ে পেলাই যোৱা বাকচটোৱে আতংকৰ সৃষ্টি কৰে অঞ্চলটোৰ ৰাইজৰ মাজত ৷
পুখুৰীত উদ্ধাৰ হাত-ভৰি বন্ধা যুৱকৰ মৃতদেহ; হত্যাৰ সন্দেহ পৰিয়ালৰ
বৰপেটাৰ পাটবাউসীত লোমহৰ্ষক ঘটনা ৷ হাত ভৰি বন্ধা অৱস্থাত সোমবাৰে নিশা পুখুৰীৰ পৰা উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ৷ মৃত যুৱকজন পাটবাউসী দামোদৰদেৱ সত্ৰৰ সমীপৰ টিংকুমনি দাস ৷ দীপক দাস নামৰ লোকজনৰ ঘৰৰ পুখুৰীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে SDRF বাহিনীৰ জোৱানে ৷ মৃতদেহটো উদ্ধাৰৰ পিচতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্য ৷
যাত্ৰা দলৰ শিল্পী তথা কলা-কুশলীক খাদ্য সামগ্ৰী প্ৰদান বিধায়ক ৰেকিবুদ্দিনৰ
কৰ’ণা মহামাৰীৰ বাবে ক্ষতিৰ সন্মুখীন হোৱা যাত্ৰা দলৰ শিল্পী আৰু কলা-কুশলীক সাহায্য প্ৰদান ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ৷ ৩১ গৰাকীকৈ শিল্পী আৰু কলা-কুশলীক বিধায়ক গৰাকীয়ে প্ৰদান কৰিলে খাদ্য সামগ্ৰী ৷