অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

top10 at 11am
11 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Sep 14, 2021, 11:13 AM IST

দূর্গা পূজাৰ পূৰ্বে ৰাজ্যত সম্পূৰ্ণ হ’ব ক’ভিড ভেকচিনৰ প্ৰথম পালি প্ৰদান

যোৰহাটৰ আই এছ বিটিত যাত্ৰীৰ বাবে ভেকচিন কেন্দ্ৰ মুকলি কৰিলে স্বাস্থ্য মন্ত্ৰীয়ে । শাৰদীয় দূর্গা পূজাৰ আগতে ৰাজ্যত ক’ভিড ভেকচিন প্ৰথম ড’জ প্ৰদান কাৰ্য সম্পূৰ্ণ হ’ব ।

তৃণমূল, চিপিআইএমে সাম্প্ৰদায়িকতা বিয়পাইছে : বিপ্লৱ দেৱ

সোমবাৰে দলীয় এক ৰেলীত অংশগ্ৰহণ কৰি তৃণমূল কংগ্ৰেছ আৰু চিপিআই(এম)ৰ বিৰুদ্ধে সৰৱ হৈ পৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ ৷ দুয়োটা দলে ৰাজ্যখনত সাম্প্ৰদায়িকতা বিয়পাবলৈ চেষ্টা কৰা বুলি অভিযোগ বিপ্লৱ দেৱৰ ৷

জনজাতিকৰণ সম্পৰ্কত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ

"জনজাতিকৰণৰ অবিহনে সদৌ অসম কোচ ৰাজবংশী সন্মিলনী ক্ষান্ত নহয় ৷" সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই মন্তব্য কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে ৷

মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত আছু আৰু ABVP ৰ মাজত সংঘাত

চৰাইদেউ জিলাৰ মৰাণ নগৰস্থিত ঐতিহ্যমণ্ডিত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মিতালী কোঁৱৰক অপসাৰণৰ দাবীত সোমবাৰে পুনৰ উত্তাল হৈ পৰে মৰাণ মহাবিদ্যালয় চৌহদ ৷

বৰ্তমানেও পলাতক মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাৰ্যত জড়িত দুজন অভিযুক্ত

মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাৰ্যত জড়িত মাষ্টাৰমাইণ্ড ইমৰান শ্বাহক আৰক্ষীয়ে আটক কৰিলে যদিও বৰ্তমানেও পলাতক অৱস্থাত আছে জালিয়াতি কাৰ্যত জড়িত দুজন অভিযুক্ত ৷ ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে ৷

সুশান্ত বৰগোঁহায়েই হ'ব থাওৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী

সুশান্ত বৰগোঁহায়ে হ'ব থাওৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৷ থাওৰাত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই কৰিলে এই ঘোষণা ৷

অপৰাধ নিৰ্মূল কৰিবলৈ অসমে উত্তৰ প্ৰদেশৰ আৰ্হিকে কৰিছে নেকি অনুকৰণ ?

ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক দিয়া নিৰ্দেশ অনুসৰি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নামত চলা এনকাউন্টাৰ অভিযানে সচেতন মহলত ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰশ্ন উঠিছে, হিমন্ত বিশ্ব শৰ্মাৰ চাৰিমহীয়া শাসনত অসমত বাস্তৱায়িত হৈছে নেকি উত্তৰ প্ৰদেশ মডেল !

গুৱাহাটী উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত অনুমোদন

গুৱাহাটী উচ্চ ন্যায়ালয়ত তিনিজন অতিৰিক্ত ন্যায়াধীশক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱত অনুমোদন ৷ মুখ্য ন্যায়াধীশ N.V. Ramana নেতৃত্বত বহা তিনিজনীয়া কলেজিয়ামে এই প্ৰস্তাৱত অনুমোদন জনায় ৷

অধিনায়ক পদ থাকিব নে বিৰাট কোহলীৰ ?

বিৰাট কোহলীয়ে এৰিব নেকি ভাৰতীয় দলৰ অধিনায়কত্ব ? আগন্তুক আইচিচি টি-২০ বিশ্বকাপত টীম ইণ্ডিয়া সফল নহ’লে বিৰাট কোহলীক সীমিত অভাৰৰ অধিনায়কৰ পৰা আঁতৰ কৰা হ’ব নেকি ? জানো আহক ৷

Birthday Special : উভতি যাও আয়ুষ্মান খুৰানাৰ Record Breaking ছবিৰ মাজলৈ...

বলীউডৰ মাল্টি টেলেণ্টেড অভিনেতা আয়ুষ্মান খুৰানাৰ(Ayushmann Khurrana)ৰ 37 সংখ্যক জন্মদিন ৷ তেওঁৰ জন্মদিনৰ এই শুভক্ষণত আহক আলোচনা কৰো তেওঁৰ কেইখনমান ৰেকৰ্ড ব্ৰেকিং ছবিৰ বিষয়ে...

ABOUT THE AUTHOR

...view details