দিখৌমুখত বানৰ সংহাৰী ৰূপঃ জলমগ্ন 10 খনৰো অধিক গাওঁ
আমগুৰি সমষ্টিৰ আলিমূৰ,বৰগাঁও,পুৰণিগুডাম, তেলিয়াডোঙা, ৰূপহীমুখ মিছিং গাঁও,ৰূপহীমুখ কুমাৰ গাঁও,স'ৰাগুৰি চাপৰিৰ বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে বানৰ কবলত ৷ ইয়াৰ মাজতে, শিৱসাগৰ জিলা সদৌ অসম ছাত্ৰ সন্থাৰ এটি দলে বানবিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷
গোৰেশ্বৰৰ নাওকাটাত বানৰ বিভীষিকা
ৰাজ্যৰ চতুৰ্থটো বানত ইতিমধ্যে বুৰ গৈছে বিস্তীৰ্ণ অঞ্চল ৷ ভূটান পাহাৰৰ পৰা বৈ অহা দেউচুঙা আৰু পুঠিমাৰী নৈৰ বাঢ়নি পানীয়ে গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱক প্লাবিত কৰিছে ৷
জনিয়াত বানৰ ভয়াৱহ ৰূপঃ গড়কাপ্তানী পথৰ ওপৰেৰে বাগৰিছে পানী
দেওবাৰে পুৱতি নিশা হঠাৎ অহা বানে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰে জনিয়া সমষ্টিৰ লাচাংগা গাঁৱত ৷ কলগাছিয়া-টেঙাগাঁও গড়কাপ্তানী পথৰ ওপৰেদি পানী বৈ যোৱাত আৰু লাচাংগা-মোৱামাৰী পথখন কেবা ঠাইত ছিঙি যায় ৷
মাৰ্ঘেৰিটাত বানে বুৰালে কেইবাখনো গাঁও
মাৰ্ঘেৰিটা সমষ্টিৰ কুমচাইটত বানৰ সংহাৰী ৰূপ । প্লাৱিত হৈছে কেইবাখনো গাওঁ । ইতিমধ্যে বানত বুৰ গৈছে বহু কৃষকৰ কৃষি ভূমি আৰু পশুধন ৷
বকো নদীত সন্ধানহীন কৃষক
বকোৰ মেধিপাৰাত বকো নদীত সন্ধানহীন এজন খেতিয়ক ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মেধিপাৰা গাৱঁৰ কাষতে থকা গোপ্তা পথাৰত দেৱেশ্বৰ দাস নামৰ ৬৫ বছৰীয়া লোকজনে কাম কৰিবলৈ গৈ নৈ পাৰ হৈ ঘৰমূৱা হওতেই নদীৰ মাজত বিলীন হৈ যায় ।