বকো নৈত উদ্ধাৰ নিৰুদ্দিষ্ট ব্যক্তিৰ মৃতদেহ
সোমবাৰে পুৱা বকো নৈত উদ্ধাৰ হৈছে এটা মৃতদেহ ৷ মৃতদেহটো মেধিপাৰা গাঁৱৰ দেৱেশ্বৰ দাস নামৰ ব্যক্তিগৰাকীৰ বুলি জানিব পৰা গৈছে ৷ বকো নৈত মৃতদেহটো ওপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ।
অভয়াপুৰীৰ আই নদীৰ সংহাৰী ৰূপ : 30 টা পৰিয়ালৰ ভেটি মাটি উছন
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ উত্তৰ বিধানসভা সমষ্টিৰ মাজেৰে বৈ যোৱা আই নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে বহুসংখ্যক গাঁও । গৰাখহনীয়াত গৃহহাৰা হৈছে ৩০ টাৰো অধিক পৰিয়াল । বানপানীয়ে প্লাবিত কৰিছে কাছেৰীপেটী, আমবাড়ি, বাৰেগড় আদি গাঁও । আশ্ৰয়ৰ বাবে ওখ ঠাই বিছাৰি হাবাথুৰি খাইছে ক্ষতিগ্ৰস্ত লোকসকলে ।
ভৰা লুইতৰ পৰা উদ্ধাৰ সন্ধানহীন যুৱকৰ মৃতদেহ
কলিয়াবৰত নিশা বন্ধুৰ সৈতে ভৰ লুইতত মাছ মাৰিবলৈ গৈ নিখোজ হৈ থকা দীপক শইকীয়া নামৰ যুৱক গৰাকীৰ নিথৰ দেহ উদ্ধাৰ । দেওবাৰে 5 ঘন্টাজোৰা অভিযানৰ অন্তত সন্ধিয়া এচ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে যুৱক জনৰ মৃতদেহ ।
বিগত পোন্ধৰ এখন দলঙৰ বাবে হাহাকাৰ কৰিছে গাওঁবাসীয়ে
মুৱামাৰী প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড গাঁৱৰ যোগাযোগৰ একমাত্ৰ সূত্ৰ গদাধৰ নৈৰ ওপৰত থকা দলঙখন পোন্ধৰ বছৰ পূৰ্বে ভাঙি যায় ৷ কিন্তু জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ অবহেলাৰ বাবে গদাধৰ নৈৰ ওপৰত আজিপৰ্যন্ত নিৰ্মাণ নহ’ল দলং ৷
গোলাঘাটৰ মহুৰামুখত বাঢ়নী পানীয়ে প্ৰাণ ল’লে এজনৰ
পশুধনৰ বাবে খাদ্য সংগ্ৰহ কৰিবলৈ গৈ মৃত্যুমুখত পৰে গোলাঘাটৰ এগৰাকী 28 বছৰীয়া যুৱক ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত পৰি মদেশ্বৰ দলে নামৰ যুৱকগৰাকীৰ মৃত্যু হয় ৷ উক্ত ঘটনাটো সংঘটিত হৈছে মহুৰামুখৰ বংকুৱালত ৷