অসম

assam

ETV Bharat / state

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Feb 20, 2021, 11:06 AM IST

খাৰুপেটিয়াত শীতলীকৰণ ভঁৰাল উদ্বোধন

সুদীৰ্ঘ ৫ বছৰ পিছত কৃষকৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি হ’ল ৫০০০ মেট্ৰিক টন শীতলীকৰণ ভঁৰাল ৷ অসম ৰাজ্যিক কৃষি-সামগ্ৰী বিপনন পৰিষদৰ দ্বাৰা নিৰ্মিত ৫০০০ মেট্ৰিক টন ক্ষমতা সম্পন্ন শীতলীকৰণ ভঁৰালটো শুকুৰবাৰে গুৱাহাটীৰ এটা অনুষ্ঠানত কৃষক ৰাইজৰ সেৱাত উৎসৰ্গা কৰে ৷

কাজলগাঁৱত আয়োজিত যক্ষ্মা নিবাৰণ সমিতি সভা

শুকুৰবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱৰ জিলা কেন্দ্ৰৰ সভাকক্ষত জিলা যক্ষ্মা নিবাৰণ সমিতিৰ এখনি সভা অনুষ্ঠিত কৰা হয় । জিলা অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় এই সভা ৷

মন্ত্ৰীৰ প্ৰতিশ্ৰুতি অসাৰ: বাক্সাত আজিও মুকলি নহ’ল ICU কক্ষ্য

ক’ৰণা মহামাৰীৰ সময়চোৱাত বাক্সা জিলাৰ নিৰীক্ষকৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী ক্ৰমে চন্দন ব্ৰহ্ম আৰু ৰিহন দৈমাৰীয়ে সংবাদমেলৰ জড়িয়তে শীঘ্ৰে আইচিইউ কক্ষ কেইটা নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছিল ৷ মন্ত্ৰীৰ প্ৰতিশ্ৰুতিমতে সেই সময়চোৱাত চিকিৎসালয়খনত আইচিইউ কক্ষ নিৰ্মাণৰ কামো চলিছিল ৷ কিন্তু অতি ৰহস্যজনক ভাৱে বিগত ছয় সাত মাহে কাম সম্পূৰ্ণ হোৱাৰ পিছতো মুকলি হোৱা নাই আইচিইউ কক্ষ ৷

কাকজান মহাবিদ্যালয়ত প্ৰান্তীয় কন্ঠ শীৰ্ষক বক্তৃতা অনুষ্ঠান

প্ৰত্যেক বছৰৰ দৰে এই বছৰো যোৰহাট জিলা টীয়কৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ ইংলিছ ষ্টাডী আৰু লিটাৰেৰী ফ'ৰামৰ উদ্যোগত শুকুৰবাৰে কাকজান মহাবিদ্যালয়ত প্ৰান্তীয় কন্ঠ শীৰ্ষক বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয় ৷ এই বক্তৃতা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাহিত্য একাডেমী বঁটা প্ৰাপক, ৰাজীৱ গান্ধী পেট্ৰ’লিয়াম ইউনিভাৰচিটি পদাৰ্থ বিজ্ঞানৰ সহকাৰী অধ্যাপক তথা বিশিষ্ট কবি, সাহিত্যিক ড৹ কমল কুমাৰ তাঁতী ৷

এখন বিশেষ বজাৰত পানীৰ দৰত বিক্ৰী হৈছে শাক-পাচলি

বজাৰৰ অভাৱত ধিঙৰ পাৰ্শ্বৱৰ্তী ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি অঞ্চল সমূহত বিঘাই বিঘাই গেলিছে শাক-পাচলিৰ খেতি ৷ কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে উৎপাদন কৰা শাক পাচলি বিক্ৰী কৰিব নোৱাৰি গৰু ম'হক খুৱাব লগীয়া পৰিস্থিতিত পৰিছে দৰিদ্ৰ কৃষক ৷

বিশ্বনাথত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিশ্বনাথত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৷ অত্যাৱশ্যকীয় সামগ্ৰী তথা ৰন্ধন গেছ, চিলিণ্ডাৰ, পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আছুৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

অসমত এতিয়া কেৱল চিণ্ডিকেট ৰাজ চলি আছে: ভূপেশ বাঘেল

শুক্ৰবাৰে ৰূপহীহাটৰ জুৰীয়া বগৰিগুৰী হাইমাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন দলীয় সভা ৷ এই সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু কংগ্ৰেছৰ দলীয় কৰ্মকৰ্তা সকল ৷

শ্ৰীনগৰৰ কৃষ্ণা ধাবাৰ মালিকৰ পুত্ৰক আক্ৰমণ কৰা তিনি সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ হ'ল শ্ৰীনগৰৰ কৃষ্ণা ধাবাৰ মালিকৰ পুত্ৰক আক্ৰমণ কৰা তিনি সন্ত্ৰাসবাদী ৷ কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে সদৰী কৰিছে এই কথা ৷ 17 ফেব্ৰুৱাৰীৰ আবেলি দুস্কৃতিকাৰীয়ে গুলিয়াইছিল দালগেট অঞ্চলত এখন ধাবাৰ স্বত্বাধিকাৰীৰ পুত্ৰক

ত্ৰিপুৰাত বৃহৎ ৰাজনৈতিক দল হোৱাৰ দিশে টিআইপিআৰএ

প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনৰ ত্ৰিপুৰা ইণ্ডিজিনিয়াছ প্ৰ'গ্ৰেছিভ ৰিজিঅ'নেল এলায়েঞ্চৰ লগত যোগ হ'ল ত্ৰিপুৰাৰ কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল । ত্ৰিপুৰাৰ বৰ্তমানৰ বিজেপি-আইপিএফটি চৰকাৰৰ মিত্ৰদল আইপিএফটিয়েও এই বৃহৎ আঞ্চলিক মিত্ৰজোঁটক সমৰ্থন প্ৰদান কৰাৰ সম্ভাৱনা আছে ।

অপহৃত প্ৰণৱ গগৈৰ পৰিয়ালে ক'লে: তেওঁক হত্যা কৰাৰ আগত আমাক মাৰি যাওঁক !

কুইপ কোম্পানীৰ সৈতে হোৱা আলোচনা বিফল হোৱাৰ বাবে পূৰ্ব সিদ্ধান্ত অনুসৰি অহা সপ্তাহত চূড়ান্ত ব্যৱস্থা গ্ৰহণ কৰিব দুই অপহৃত কৰ্মচাৰীৰ ওপৰত । আলফাৰ প্ৰচাৰ সচিৱ ৰুমেল অসমে প্ৰেৰণ কৰা বিবৃতিৰ পিচতে শিৱসাগৰ নগৰৰ প্ৰণৱ গগৈ পৰিয়ালত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ABOUT THE AUTHOR

...view details