অসম

assam

ETV Bharat / state

3 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

3 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

3 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
3 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Dec 9, 2020, 3:07 PM IST

আজি যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন প্ৰয়াত তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

আজি যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে প্ৰয়াত ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ যোৰহাটৰ বিধায়ক ৰাণা গোস্বামী, তৰুণ গগৈৰ ভাতৃ দীপ গগৈয়ে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি স্থানত চিতাভষ্ম স্থাপন কৰে ৷

মাগুৰি মতাপুং বিললৈ আগমণ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ

কুঁৱলীৰ আচ্ছাদন ফালি পক্ষীৰ কলৰৱত এতিয়া জাতিষ্কাৰ হৈ পৰিছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত অন্যতম জলাশভূমি তথা পক্ষী উদ্যান মাগুৰি মতাপুং বিল ৷ দেশী-বিদেশী ৫০০ ৰো অধিক নানাৰঙী পৰিভ্ৰমী পক্ষীৰ আগমনে এতিয়া এক অনন্য মাত্ৰা প্ৰদান কৰিছে মাগুৰি মতাপুং বিলক ৷

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ চিৰাঙত ব্যস্ততাপূৰ্ণ পৰিৱেশ

বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ পৰিষদীয় নিৰ্বাচন ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে বেলট বাকচ তথা প্ৰিজাইডিঙ আৰু পোলিং বিষয়াসকলৰ কোন ক'ত যাব সেই লৈ চিৰাঙত পৰিলক্ষিত হৈছে ব্যস্ততাপূৰ্ণ পৰিৱেশ ৷

অৱসৰৰ পাচতো চকী এৰি নিদিয়া এজন চৰকাৰী কৰ্মচাৰী

ধুবুৰী জিলাৰ গোলকগঞ্জ উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বীৰেন্দ্ৰ কুমাৰ শীল ৷ চৰকাৰীভাৱে অৱসৰ লাভ কৰাৰ পাচতো তেওঁ এৰি নিদিয়ে তেওঁৰ মৰমৰ চকীখন । শীঘ্ৰেই শীলক আঁতৰাই অন্য় নিবনুৱাক সংস্থাপন দিয়াৰ দাবী স্থানীয় ৰাইজৰ ৷

ক'ভিড-19 ৰ প্ৰতিষেধকৰ বুজ ল'বলৈ হাইদৰাবাদত 64 দেশৰ দূত

ক'ভিড-19 প্ৰতিষেধক প্ৰস্তুতৰ প্ৰক্ৰিয়া পৰিদৰ্শন কৰিবলৈ ভাৰতত আহি উপস্থিত বিদেশৰ 64 খন ৰাষ্ট্ৰৰ দূত ৷ বুধবাৰে ভাৰত বায়'টেক আৰু বায়'লজিকেল - ই পৰিদৰ্শন কৰাৰ উদ্দেশ্যে হাইদৰাবাদত আহি ৰাষ্ট্ৰদূতসকল উপস্থিত হয় ৷

ক'ভিড প্ৰতিষেধক : দেশত ফেব্ৰুৱাৰীৰ শেষৰ পৰা সাধাৰণ জনতাৰ বাবে উপলব্ধ হ'ব ক'ভেক্সিন

হাইদৰাবাদত অৱস্থিত প্ৰতিষেধক নিৰ্মাতা ভাৰত বায়টেকত ভাৰত চিকিৎসা গৱেষণা পৰিষদৰ সহযোগত প্ৰস্তুতি চলি থকা ক'ভিড-19 ৰ প্ৰতিষেধক কভেক্সিনৰ নিদানিক পৰীক্ষণৰ নেতৃত্ব দি থকা ডাঃ সঞ্জয় ৰায়ৰ মতে 2021 ৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগলৈ ভাৰতত সাধাৰণ জনতাৰ প্ৰয়োগৰ বাবে ক'ভিড-19 প্ৰতিষেধক উপলব্ধ হোৱাৰ সম্ভাৱনা আছে ৷

তিনিচুকীয়াত পুনৰ তেল চুৰি কৰা অৱস্থাত জব্দ টেংকাৰ

মঙলবাৰে নিশা তিনিচুকীয়াৰ ইটাখুলি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সমীপত চুৰি কৰি থকা অৱস্থাতে NL-01-AA-2348 নম্বৰৰ এখন টেংকাৰৰ লগতে চুৰিৰ সৈতে জড়িত সামগ্ৰী জব্দ আৰক্ষীৰ ৷ অৱশ্যে বৰ্তমানো আটক কৰিব পৰা নাই চোৰাং ব্যৱসায়ী কেইজনক ৷

মুকলি হ'ল সাংসদ নৱ কুমাৰ শৰণীয়াঃধন বিতৰণৰ অভিযোগ নস্যাৎ

ধন বিলোৱাৰ অভিযোগত মঙলবাৰে নিশা আটক হোৱা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াক বুধবাৰে পুৱাই মুকলি কৰি দিয়া হয় ৷ মুকলি হৈয়ে ধন বিতৰণ কৰাৰ অভিযোগ নস্যাৎ কৰি এইয়া তেওঁৰ বিপক্ষে ষড়যন্ত্ৰ বুলি আখ্যা দিয়ে ৷

নগাঁৱত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ এটি হাতী পোৱালী

বুধবাৰে নগাঁৱত বোকাত আবদ্ধ হৈ ভৰিত আঘাতপ্ৰাপ্ত হোৱা এটি কণমানি বন্যহস্তীৰ পোৱালী উদ্ধাৰ প্ৰকৃতি প্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু উদমাৰী বন বিভাগৰ ৷ পোৱালীটো চিকিৎসাৰ বাবে কাজিৰঙাস্থিত পশু চিকিৎসালয়লৈ প্ৰেৰণ

সোণাৰিত মহিলাক ধৰ্ষণৰ অপচেষ্টা প্ৰাক্তন আটছা নেতাৰ

সোণাৰিৰ সাপেখাতীৰ খাগৰিজান চাহ বাগিচাত এগৰাকী মহিলাক ঘৰত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি ধৰ্ষণৰ অপচেষ্টা চলায় এজন প্ৰাক্তন আটছা নেতাই ৷ অভিযুক্ত নেতাজন ৰিকি তুৰি ওৰফে ভাগীৰথ তুৰি বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details