ধেমাজি ছাত্ৰ সন্থাৰ উদ্যোগত লুৰিণজ্যোতি গগৈক বিদায় সম্ভাষণ
ধেমাজিত উপস্থিত হোৱাৰ লগে লগে প্ৰাক্তন আছু নেতা গৰাকীক ধেমাজি তিনিআলিৰ পৰা গায়নে বায়নে আদৰি আনে ধেমাজি জিলা আছু কাৰ্যালয়ৰ শ্বহীদ উদ্যানলৈ ৷ শ্বহীদ উদ্যানত বন্তি প্ৰজ্বলন কৰি সেৱা লোৱাৰ পিছত পুনৰ সমদলৰ মাজেৰে ধেমাজি কাছাৰী ময়দানৰ বিদায় অনুষ্ঠানলৈ আদৰি নিয়ে ৷
সমষ্টিত নিম্ন মানৰ পকী পথ নিৰ্মাণে জ্বলা কলা খুৱাইছে ভূৱন পেগুক
নিৰ্মাণকাৰ্য চলি থকাৰ মাজতে জোনাইৰ এটা পকী পথৰ বিতুমিন চপৰা চপৰে এৰি যোৱাৰ অভিযোগ ৷ নিম্ন মানৰ পথ নিৰ্মাণক লৈ সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন বিধায়ক ভূৱন পেগু ৷ নিজেই গৈ পথ পৰিদৰ্শন কৰিলে বিধায়ক গৰাকীয়ে ৷
PM-WANI আঁচনিয়ে ৱাই-ফাইৰ উপলব্ধতা উচ্চ হাৰত বৃদ্ধি কৰিব : প্ৰধানমন্ত্ৰী মোদী
বৃহস্পতিবাৰে কেবিনেটে পিএম-ৱানি (Wi-Fi Access Network Interface) আঁচনিৰ বাবে অনুমোদন প্ৰদান কৰিব ৷ এই আঁচনিখনে প্ৰযুক্তিৰে বিশ্বক সংশোধন কৰিব আৰু দেশজুৰি ৱাই-ফাইৰ উপলব্ধতা উচ্চ হাৰত বৃদ্ধি কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানিবলৈ দিয়ে ৷
আয়ুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰৰ নতুন নিৰ্দেশনা
আয়ুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰৰ নতুন নিৰ্দেশনা ৷ নিৰ্দেশনা অনুসৰি, 54 বিধ ৰোগৰ অস্ত্ৰোপচাৰত চৰকাৰে অনুমতি প্ৰদান কৰিছে ৷ চৰকাৰৰ নিৰ্দেশনা সন্দৰ্ভত অসন্তুষ্ট ইণ্ডিয়ান মেডিকেল সন্থা ৷
বকলীয়াঘাটত পথ দুৰ্ঘটনাত বাইক আৰোহী গুৰুতৰভাৱে আহত
এ-এছ-০৯-ডি-১৫৫৫ নম্বৰৰ এখন পালচাৰ বাইকে ডাম্পাৰত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাতো সংঘটিত হয় ৷ ইপিনে দুৰ্ঘটনাটোৰ ফলত বাইক আৰোহী জন গুৰুতৰ ভাৱে আহত হয় বুলি জানিব পৰা গৈছে ৷