অসম

assam

By

Published : Jun 13, 2020, 7:08 PM IST

ETV Bharat / state

সন্ধিয়া 7 বজাৰ 10 টা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ 10 টা শীৰ্ষ বাতৰি ...

TOP TEN NEWS OF 7 PM
TOP TEN NEWS OF 7 PM

গুইজান হাইস্কুলৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰা আৰু সঞ্জয় কিষাণৰ

শনিবাৰে তিনিচুকীয়াৰ গুইজান হাইস্কুলৰ আশ্ৰয় শিবিৰৰ লগতে মাগুৰি মতাপুং বিল পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰা সহিতে মন্ত্ৰী সঞ্জয় কিষাণে ৷ জানিব পৰা মতে, বাঘজান তৈলখাদৰ বিস্ফোৰণৰ পিচৰে পৰাই স্থানীয় অঞ্চসমূহত হৈছে ভূইকঁপ সদৃশ জোকাৰণিৰ ৷ এনে পৰিৱেশ সৃষ্টিৰ পিচতে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলক শনিবাৰে সাক্ষাৎ কৰিলে মন্ত্ৰী কেইগৰাকীয়ে ৷

বৈধ অনুজ্ঞাপত্ৰ অবিহনে চলাব নোৱাৰিব পদপথৰ ব্যৱসায়

কামৰূপ মহানগৰ প্ৰশাসনে প্ৰদান কৰা এক নতুন নিৰ্দেশনা অনুসৰি,এতিয়াৰে বৈধ অনুজ্ঞাপত্ৰ অবিহনে পদপথত ব্যৱসায় চলাব নোৱাৰিব কোনো ব্যৱসায়ীয়ে ৷ বৰ্তমান সময়ত অসমত প্ৰায় 15 লাখ পদপথৰ ব্যৱসায়ী আছে ৷ ইয়াৰে গুৱাহাটীত আছে প্ৰায় ৪৮ হাজাৰ পদপথৰ ব্যৱসায়ী ৷

হাই ষ্ট্ৰীট ফেছন বেণ্ডত পৰিণত অত্যাধুনিক ফেছ মাস্ক

কোভিড -১৯ মহামাৰীৰ সময়ত ফেছ মাস্ক অতি প্রয়োজনীয় সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে আৰু বিভিন্ন ডিজাইনৰ ফেছ মাস্কৰ চাহিদা বৃদ্ধি পাব ধৰিছে । বৰ্তমান অত্যাধুনিক ফেছ মাস্কে টেপিং হাই ষ্ট্ৰিট ফেছন বেণ্ডটো স্থান লাভ কৰিছে ।

বিটিচিৰ নিযুক্তি কেলেংকাৰী উদঙালে পৃথিৰাজ নাৰায়ন দেৱ মেছে

বিটিচিত নিযুক্তি কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন ওদালগুৰিৰ ইউ পি পি এলৰ যুৱ নেতা পৃথিৰাজ নাৰায়ন দেৱ মেছৰ ৷ এখন সংবাদমেল সম্বোধন কৰি এই হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে যুৱ নেতাগৰাকীয়ে ৷ লগতে হাগ্ৰামা মহিলাৰীয়ে দুৰ্নীতিৰ জড়িয়তে ধনৰ স্বাৰ্থত বিভিন্ন দপ্তৰত চাকৰি দিয়াৰ অভিযোগ কৰে পৃথিৰাজ নাৰায়ন দেৱ মেছে ৷

দেৱাশীষ হত্যাঃ পুত্ৰ হত্যাৰ ন্যায় বিছাৰি ৰাজপথত পিতৃ

শনিবাৰে মৰিয়নীৰ দেবেৰাপাৰ চাৰিআলিত দেৱাশীষ হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম ছাত্ৰ সন্থাই । সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বানত তিতাবৰ মহকুমা ছাত্ৰ সন্থা উদ্যোগত নকছাৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু নকছাৰি বিভিন্ন দল সংগঠনৰ সহযোগত মানব শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।

ঋতুপৰ্ণ পেগু হত্যাকাণ্ডক তীব্ৰ গৰিহণা জোনাই টি এম পি কেৰ

ঋতুপৰ্ণ পেগু নামৰ যুৱকজনক হত্যা কৰা কাণ্ডক তীব্ৰ ভাষাৰে নিন্দা মিচিং জাতীয় সংগঠন টি এম পি কেৰ ৷ শনিবাৰে এক বিবৃতিযোগে এই ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীৰ ফাৰ্নিছাৰৰ দোকান ছীল কৰা আৰু ঘটনাত জড়িত লোকক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় দলটোৱে ৷ লগতে টি এম পি কে ৰ জোনাই জিলা সমিতিৰ সভাপতি কান্দা টায়েঙ আৰু সম্পাদক বিধান মিলিয়ে এই ঘটনা অতি নিৰ্মম,নৃশংস,লোমহৰ্ষক আৰু হৃদয়বিদাৰক বুলি মন্তব্য কৰে ।

কোনে শুনিব বৰপেটাৰ কবিতা লহকৰ আৰু তেওঁৰ সন্তানৰ আৰ্তনাদ?

বৰপেটাৰ এগৰাকী নিঃসহায় মহিলাৰ কৰুণ কাহিনী । দুই কণমানি সন্তানক লগত লৈ এতিয়া বিপদত পৰিছে কৰ্কট ৰোগত আক্ৰান্ত মহিলাগৰাকী ৷

গুৱাহাটীৰ কৃষ্ণ নগৰত পুনৰ ৬ জনৰ কৰ'ণা পজিটিভ

মহানগৰীৰ মালিগাঁৱৰ গোশালাৰ কৃষ্ণ নগৰত পুনৰ ৬ জন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা পজিটিভ ৷ ইতিমধ্যে উক্ত এলেকাটো কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ৷

গোলাঘাটত পুনৰ কৰ'ণাত আক্ৰান্ত এজন

গোলাঘাটত কৰ'ণা আতংক । নুমলীগড়ৰ মুৰফুলনী চাহ বাগিচাত এজনৰ দেহত COVID 19 পজিটিভ পোৱাৰ পাছতে সমগ্ৰ চাহ বাগিচা অঞ্চলত এক আতংকময় পৰিৱেশ। কাৰণ কৰ'ণাক্রান্ত লোকজন কেইবাজনো লোকৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰিছে স্বাস্থ্যবিভাগে । আক্ৰান্ত অজিত পাত্ৰ নামৰ লোকজন ৮ জুনত পৰিয়ালসহ বাংগালুৰুৰ পৰা অসমলৈ আহিছিল বুলি জানিব পৰা গৈছে । তিনিদিন গোলাঘাটত কোৱাৰেণ্টাইনত আছিল পৰিয়ালসহ লোকজন ।

লাডাখ বিবাদ: ভাৰতীয় প্ৰধানমন্ত্ৰীসকলৰ চীন ভ্ৰমণক স্মৰণ জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেলৰ

লাডাখৰ সীমান্তত চলি থকা সীমা বিবাদৰ মাতে শনিবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আহমেদ পেটেলে ভাৰতীয় প্ৰধানমন্ত্ৰীসকলে কৰা চীন ভ্ৰমণক স্মৰণ কৰে । পেটেলে টুইটযোগে সদৰী কৰে যে,চীনে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে । কিন্তু মনত ৰখা উচিত যে,ভাৰতৰ প্ৰায় সংখ্যক প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ কাৰ্যকালত ইতিমধ্যে বহুবাৰ চীন ভ্ৰমণ কৰি আহিছে । জৱাহৰলাল নেহৰুৱে এবাৰ,ৰাজীৱ গান্ধীয়ে এবাৰ,অটল বিহাৰী বাজপেয়ীয়ে এবাৰ,ড০ মনমোহন সিঙে ২ বাৰ,প্ৰধানমন্ত্ৰী মোদীয়ে ৯ বাৰ (প্ৰধানমন্ত্ৰীৰূপে ৫ বাৰ আৰু মুখ্যমন্ত্ৰীৰূপে ৪ বাৰ) চীন ভ্ৰমণ কৰি আহিছে ।

ABOUT THE AUTHOR

...view details