অসম

assam

By

Published : Jun 6, 2020, 6:59 PM IST

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP TEN NEWS OF 7 PM
TOP TEN NEWS OF 7 PM

এখন বিদ্যালয়ৰ সাফল্যঃ 23 গৰাকীয়ে লাভ কৰিলে লেটাৰ নম্বৰ

এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাহিলীপাৰাৰ চৰকাৰী ভাউৰী দেৱী চৰাউগী মুক-বধিৰ বিদ্যালয়খনৰ পৰা ৩০ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈ ২৬ গৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে । উত্তীৰ্ণ ২৬ গৰাকী ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত ৩ গৰাকীয়ে প্ৰথম বিভাগত,২২ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ১ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে বিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত মুঠ ২৩ গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ১২ গৰাকী পৰীক্ষাৰ্থীয়ে এটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰাৰ পৰিৱৰ্তে ১১ গৰাকীয়ে এটাকৈ অধিক বিষয়ত লাভ কৰিছে লেটাৰ নম্বৰ ।

স্বাস্থ্যমন্ত্ৰীয়ে মুকলি কৰিলে কোভিড সুৰক্ষা এপ

শনিবাৰে যোৰহাটত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । জিলাখনৰ চ্যুকাফা সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰীয়ে মুকলি কৰে ৰাজ্যৰ প্ৰথমটো কোভিড সুৰক্ষা এপ ৷ ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা আহি পোনে-পোনে চ্য়ুকাফা সমন্বয় ক্ষেত্ৰস্থিত আঞ্চলিক স্ক্ৰীনিং কেন্দ্ৰত উপস্থিত হৈ এপটো মুকলি কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

দেৱাশীষ হত্যাকাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান বিধায়ক কুৰ্মীৰ

দেৱাশীষ গগৈৰ হত্যাকাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ একাংশ উদণ্ড জনতাৰ প্ৰহাৰত মৃত্যুমুখত পৰা দেৱাশীষ গগৈৰ ন্যায়ৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীক এখন স্মাৰকপত্ৰ প্ৰদান কৰে মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

বাঘজান তৈলখাদৰ ঘটনাক লৈ পুনৰ উত্তেজিত স্থানীয় লোক

11 দিনলৈ অব্যাহত আছে বাঘজানৰ "BGR-5" নম্বৰৰ তৈলখাদৰ গেছ নিৰ্গমণ ৷ বাঘজান অঞ্চলৰ ক্ষতিগ্ৰস্থ লোকসকলক সম্প্ৰতি অঞ্চলটোৰ কেইবাটাও আশ্ৰয় শিবিৰত ৰখা হৈছে ৷ শুকুৰবাৰে ছেইণ্ট জোছেফ স্কুলৰ আশ্ৰয় শিবিৰত থকা লোকসকল ওলাই আহি ঘেৰাও কৰে বাঘজান আৰক্ষী চকী ৷ আশ্ৰয় শিবিৰটোত থকা লোকসকলক অইল ইণ্ডিয়া কৰ্তৃপক্ষ তথা জিলা প্ৰশাসনে অৱজ্ঞা কৰাৰ অভিযোগত সাব্যস্ত কৰে প্ৰতিবাদ ৷

বটদ্ৰৱাত ৫৩১ সংখ্যক মাধৱদেৱৰ জন্ম জয়ন্তী উদযাপন

নগাঁও জিলাৰ বটদ্ৰৱাত শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ ৫৩১ সংখ্যক জন্ম জয়ন্তী উৎসৱটি উদযাপন কৰে ৷ পৰম্পৰা ৰক্ষা কৰি ভকত-বৈষ্ণৱ সকলে অনুষ্টুপীয়াকৈ উদযাপন কৰে মাধৱদেৱ গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱটি ৷

ধুবুৰীত চিকিৎসক,নাৰ্চ,চাফাইকৰ্মীসহ 11 গৰাকীক কোৱাৰেণ্টাইন

ধুবুৰী অসামৰিক চিকিৎসালয়,বিলাসীপাৰা চিকিৎসালয়,মটেৰঝাৰ মহাত্মা গান্ধী আদৰ্শ বিদ্যালয়কে ধৰি কেবাখনো COVID-19 চিকিৎসালয়ত ভৰ্তি হৈ আছে বহু কেইগৰাকী পজিটিভ ৰোগী ৷ ইতিমধ্য এই ৰোগীসকলক চিকিৎসা প্ৰদান কৰি থকা চিকিৎসক সকলক পৰ্যায়ক্ৰমে কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰসাশন আৰু স্বাস্থ্য বিভাগে ৷ সেই অনুসৰি,আজি ধুবুৰী অসামৰিক চিকিৎসালয়ত কৰ্মৰত ডাঃ নুৰ ইছলাম আহমেদ আৰু আব্দুল হাকিম আনচাৰীৰ লগতে পুনম ছেত্ৰী,কাকলি দাস আৰু জয়শ্ৰী ৰয়কে ধৰি তিনি গৰাকী নাৰ্চসহ এজন লেৱৰেটৰিয়ান,দুজন চাফাই কৰ্মী,দুজন ৱাৰ্ড বয় আৰু এগৰাকী ৱাৰ্ড গাৰ্লসহ মুঠ 11 গৰাকী লোকক 7 দিনৰ বাবে প্ৰেৰণ কৰা হৈছে কোৱাৰেণ্টাইনলৈ ৷ ইয়াৰে চিকিৎসক আৰু নাৰ্চসকলক বিজয়া ৰেচিডেন্সিত ৰখাৰ বিপৰীতে বাকী সকলক ৰখা হৈছে হোটেল ব্ৰহ্মপুত্ৰত ৷

ৱাশ্বিংটনৰ ভাৰতীয় দূতাবাসৰ নতুন মন্ত্ৰী হিচাপে নিৰ্বাচিত ডঃ ৰবি কোটা

সৌ সিদিনালৈকে অসম চৰকাৰৰ বিত্ত বিভাগৰ প্ৰধান সচিব হিচাপে দক্ষতাৰে কাম কৰি থকা ভাৰতীয় প্ৰশাসনিক সেৱাৰ সুদক্ষ বিষয়া ডঃ ৰবি কোটাক বদলি কৰা হৈছে ৱাশ্বিংটন ডি চিত থকা ভাৰতীয় দূতাবাসলৈ । এতিয়াৰে পৰা তেওঁ ৱাশ্বিংটন ডি চিৰ ভাৰতীয় দূতাবাসত নতুন অৰ্থনৈতিক মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিব

আৰ্থিক দৈন্যতাক নেওচি মাজুলীত জিলিকিল ৰাহুল শীল

দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে ৷ কেৱল শিক্ষাকে জীৱনৰ ব্ৰত হিচাপে লৈ সুখ্যাতি অৰ্জন কৰি তাকেই প্ৰমাণ কৰি দেখুৱালে মাজুলীৰ ৰাহুল শীলে ৷ দেওবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মাজুলীৰ নতুন বজাৰস্থিত সঞ্জীৱ শীল আৰু অৰ্পনা শীলৰ একমাত্ৰ পুত্ৰ ৰাহুল শীলে ডিষ্টিংচন অধিকাৰ কৰাত অঞ্চলটোত এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ ৰাহুলে অসমীয়াত ৮৭,ইংৰাজীত ৯৭,সাধাৰণ গণিতত ৯৭,সাধাৰণ বিজ্ঞানত ৯২,সমাজ বিজ্ঞানত ৯৫ আৰু ঐচ্ছিক গণিতত ৯৩ নম্বৰসহ মুঠ ৫৬১ নম্বৰ লাভ কৰে ৷

COVID-19 ত আক্ৰান্ত এনফৰ্ছমেন্ট ডাইৰেক্টৰেট কাৰ্যালয়ৰ পাঁচ কৰ্মচাৰী

দিল্লীৰ নায়ক ভৱনৰ এনফৰ্ছমেন্ট ডাইৰেক্টৰেট কাৰ্যালয়ৰ পাঁচজন ব্যক্তিৰ দেহত ধৰা পৰে মহামাৰী কৰ'ণা ভাইৰাছ । যাৰ বাবে কাৰ্যালয়তো ছেনিটাইনজ কৰি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে বুলি জানিবলৈ দিয়ে প্ৰশাসনে ।

যোগানমন্ত্ৰীৰ গৃহসমষ্টিত ৰাইজে জব্দ কৰিলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল

ৰাজ্যৰ যোগান বিভাগত চলিছে চৰম অৰাজকতা ৷ শেহতীয়াকৈ উদ্ধাৰ হৈছে বিক্ৰীৰ বাবে লৈ যোৱা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বহুটো সামগ্ৰী ৷ খোদ যোগান মন্ত্ৰীৰ গৃহসমষ্টিত ৰাইজে জব্দ কৰিছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল ৷ যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ গৃহসমষ্টিৰ অন্তৰ্গত টাকোৱামাৰীত বিগত নিশা ৰাইজে জব্দ কৰে এখন চাউলভৰ্তি ট্ৰাক ৷ ৰাইজে ট্ৰাকখন জব্দ কৰি বিদ্যাপুৰ আৰক্ষীক চমজাই দিয়ে ৷

বিটিচিত প্ৰতিটো বিভাগতে সংঘটিত হৈছে দুৰ্নীতিঃ প্ৰমোদ বড়ো

বিটিচিত ৰাজ্যপালৰ ভ্ৰমণ কাৰ্যসূচী চলি থকাৰ সময়তে হাগ্ৰামা মহিলাৰীৰ বিটিচি শাসন কালত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ উঠে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে । বিটিচিৰ 17 বছৰীয়া শাসনকালত হাগ্ৰামা মহিলাৰী আৰু চন্দন ব্ৰহ্মহতে আঁভুৱা মাৰি শাসন ব্যৱস্থা চলাই ৰাইজক লুণ্ঠন কৰি প্ৰতিটো বিভাগতে ব্যাপক হাৰত দুৰ্নীতি সংঘটিত কৰিছে । দুৰ্নীতিগ্ৰস্ত প্ৰতিজন ব‍্যক্তিৰ বিৰুদ্ধে ব‍্যৱস্থা গ্ৰহণ কৰিবই লাগিব বুলি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে দাবী জনায় ।

ABOUT THE AUTHOR

...view details