অসম

assam

By

Published : Jun 5, 2020, 9:42 PM IST

ETV Bharat / state

সন্ধিয়া 7 ৰ শীৰ্ষ বাতৰিসমূহ.....

সন্ধিয়া 7 ৰ শীৰ্ষ বাতৰিসমূহ.....

TOP TEN NEWS OF 7 PM
TOP TEN NEWS OF 7 PM

এএমচিৰ কৰ্কট চিকিৎসালয়ত কেম' সেৱা মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্য চৰকাৰ আৰু Assam Cancer Care Foundationৰ অধীনত,টাটা ট্ৰাষ্টৰ সহযোগিতাত অসম চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণৰত কৰ্কট চিকিৎসালয়ৰ দুবিধ জৰুৰী সেৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

বাহন দূৰ্ঘটনাগ্ৰস্থ হৈ গুৰুতৰভাৱে আহত 5জন এছএছবি জোৱান

ছত্তিশগড়ৰ কানকেৰত সংঘটিত হোৱা এক দূৰ্ঘটনাত পাঁচগৰাকী এছএছবি জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ জিলাখনৰ অনন্তগড়ত শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হয় দূৰ্ঘটনাটো ৷

বাক্সাৰ আমলাইগুৰিত জিলা প্ৰশাসনে মুকলি কৰিলে গছপুলি ৰোপন কাৰ্যসূচী

বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি বাক্সাৰ আমলাইগুৰিত মুকলি কৰা হয় গছপুলি ৰোপন কাৰ্যসূচী ৷ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্থানীয় বিধায়কৰ উপস্থিতিত বাক্সা বন বিভাগে মুকলি কৰে এই কাৰ্যসূচী ৷

কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ পৰিৱেশ সম্পৰ্কীয় গীত মুকলি

গোলাঘাটত জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ পৰিৱেশ সম্পৰ্কীয় "তোৰেহে জিৰণি নাই" ভিডিঅ' গীত মুকলি । গীতটি মুকলি কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰৱক্তা নৃপেন বৰুৱা আৰু অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি পৰিক্ষিত দত্তই ।

কৃষকৰ আত্মহত্যাক লৈ উত্তৰ প্ৰদেশ চৰকাৰক কটু সমালোচনা প্ৰিয়ংকা গান্ধীৰ

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশ চৰকাৰলৈ আঙুলি টোৱাইছে । কিয়নো উত্তৰ প্ৰদেশৰ মুজফ্ফৰনগৰৰ চিচোলী গাঁৱৰ এজন কৃষকে লক ডাউনৰ সময়ছোৱাত তেওঁ উৎপাদন কৰা কুঁহিয়াৰ বিক্ৰী কৰাত অসফল হয়,যাৰ ফলস্বৰূপে কৃষকজনে আত্মহত্যা কৰে ।

আমিনগাঁৱত নতুনকৈ চিনাক্ত দুজনকৈ Covid-19 পজিটিভ ৰোগী

আমিনগাঁৱত নতুনকৈ চিনাক্ত দুজনকৈ Covid-19 পজিটিভ ৰোগী । মৰিয়াপট্টিৰ আকটাব খান(৫৩) আৰু মৰ্জিনা বেগম(২৭)ৰ দেহত পোৱা গৈছে Covid-19ৰ অৱস্থিতি । হোম কোৱাৰেণ্টাইনত থকাৰ সময়ত চৰকাৰী নিৰ্দেশনাক অৱজ্ঞা কৰি দুয়ো আমিনগাঁৱৰ হাট-বজাৰ সকলোতে মুকলিকৈ ঘূৰি ফুৰিছিল । বহু লোক দুয়োজনৰ সংস্পৰ্শলৈ অহাৰ আশংকাত এতিয়া আতংকত ভুগিছে সমগ্ৰ আমিনগাওঁবাসী।

জাজৰিকাণ্ডৰ অভিযুক্ত দুই আৰক্ষীক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ

বৃহস্পতিবাৰে নিশা মৃত্যুক সাবটিলে জাজৰিত আৰক্ষীয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণী বৰাই ৷ শুকুৰবাৰে নগাঁও আদালতত হাজিৰ কৰোৱা হ’ল অভিযুক্ত দুই আৰক্ষীক ৷

বিটিচিত 40লাখ গছপুলি ৰোপনৰ ঘোষণা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ

বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি বিটিচিত কাজলগাঁৱত উপস্থিত হয় অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী ৷ কাজলগাঁৱস্থিত 15BN SSBৰ কাৰ্যালয়ত উপস্থিত হৈ গছপুলি ৰোপনৰ লগতে বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

গুৱাহাটীত নতুনকৈ চাৰিটা স্থানক কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

মহানগৰীত নতুনকৈ চাৰিটা স্থানক কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । মহানগৰীৰ গোশালাৰ কৃষ্ণ নগৰ, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ, গীতানগৰৰ বাথৌ নগৰ আৰু গীতা মন্দিৰক নতুনকৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে ।

ঘূৰ্ণীবতাহ নিসৰ্গঃ ৰায়গড় জিলালৈ ১০০ কোটি টকাৰ সাহাৰ্য ঘোষণা উদ্ধৱ থাকৰেৰ

ঘূৰ্ণীবতাহ নিসৰ্গৰ ফলত মহাৰাষ্ট্ৰৰ কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতিসাধন হয়। এই ঘূৰ্ণীবতাহৰ ফলত ৰায়গড় জিলাত হোৱা ক্ষতিসাধনৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে জৰুৰীকালীনভাৱে ১০০ কোটি টকাৰ সাহাৰ্য ঘোষণা কৰে ।

ABOUT THE AUTHOR

...view details