অসম

assam

By

Published : Jun 4, 2020, 7:10 PM IST

ETV Bharat / state

সন্ধিয়া 7 ৰ শীৰ্ষ বাতৰিসমূহ......

সন্ধিয়া 7 ৰ শীৰ্ষ বাতৰিসমূহ......

TOP TEN NEWS OF 7 PM
সন্ধিয়া 7 ৰ শীৰ্ষ বাতৰিসমূহ......

পাণবজাৰ এপেক্স বেংকৰ প্ৰৱন্ধকক সকীয়নি লাচিত সেনাৰ

গুৱাহাটীৰ পাণবজাৰস্থিত এপেক্স বেংকৰ প্ৰৱন্ধক শশাংক শেখৰ শাস্ত্ৰীয়ে বহু কেইগৰাকী অসমীয়া বেয়া ব্যৱহাৰ কৰাৰ লগতে, কৰ্মচাৰীসকলক কামৰ পৰা উলিয়াই দিয়াৰ ভাবুকি প্ৰদানৰ অভিযোগৰ পিচতে, প্ৰৱন্ধক গৰাকীক এনে কাম পুনৰ নকৰিবলৈ সকীয়নি দিয়ে বীৰ লাচিত সেনা অসমৰ সদস্য সকলে ৷

অৱসৰৰ দিনাই নলবাৰীৰ দুই শিক্ষকলৈ পেঞ্চন

নলবাৰী শিক্ষা বিভাগে গ্ৰহণ কৰিছে ব্যতিক্ৰমী ব্যৱস্থা । বিভাগটোৰ শীৰ্ষ বিষয়াই অৱসৰৰ দিনাই দুই কৃতি শিক্ষকক পেঞ্চনৰ সকলো সা সুবিধা প্ৰদান কৰিছে ।

সামাজিক দুৰত্বক ভেঙুচালি কৰি বানাক্ৰান্ত ৰাইজৰ খবৰ ল'লে ৰাজনৈতিক নেতাই

সামাজিক দুৰত্বক ভেঙুচালি কৰি হাতত টোপোলা লৈ বানাক্ৰান্তৰ মাজত উপস্থিত,বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন ৷ সামাজিক দুৰত্ব নামানি জন সমাগমৰ মাজতে উপ দলপতি গৰাকীয়ে পিন্ধিলে গামোচা,দিলে ভাষণ ৷

মাৰুতিৰ প্ৰথমখন হেল্থ এণ্ড হাইজিন বাহন

কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰাকৈ দেশৰ সৰ্ববৃহৎ গাড়ী নিৰ্মাণকাৰী প্ৰতিস্থান মাৰুতি ছুজুকিয়ে নিৰ্মাণ কৰি উলিয়াইছে ইয়াৰ প্ৰথমখন বাহন । মাৰুতি ছুজুকিৰ নতুন সংস্কৰণ 'হেল্থ এণ্ড হাইজিন'শীৰ্ষক বাহনখনত সংযোজন কৰা হৈছে ফেছ ছিল্ড, মাস্ক, হেণ্ড গ্ল'ভছ, শ্ব' কভাৰ, প্ৰটেকটিভ ছান গ্লাছৰ লগতে সকলো প্ৰয়োজনীয় সামগ্ৰী ।

একেদিনাই পাণবজাৰ আৰক্ষীৰ জালত কেইবাজনো অভিযুক্ত

নকল সোণ বিক্ৰীৰ অভিযোগত পাণবজাৰ আৰক্ষীয়ে 4 জন লোকক গ্ৰেপ্তাৰ কৰে ৷ একেদিনাই আন এক ঘটনাত অভিযুক্ত এহাল দম্পতীকো কৰায়ত্ত কৰে পানবজাৰ আৰক্ষীয়ে ৷

বকতাত কাঠফুলা ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ দুজন

পুনৰ বিষাক্ত কাঠফুলা ভক্ষণ কৰি ৰাজ্যত অসুস্থ হৈছে দুজন ব্যক্তি ৷ শিৱসাগৰৰ বকতাত সংঘটিত উক্ত ঘটনাত আক্ৰান্ত দুগৰাকীক ইতিমধ্যে সংকটজনক অৱস্থাত মৰাণৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ৷

গোলাঘাটত বনকৰ্মীক আক্ৰমণ বন মাফিয়াৰ

তিনিজন বন মাফিয়াক বনকৰ্মীদ্বয়ে বাধা দিয়া চেষ্টা কৰোতেই এজন বন মাফিয়াই বনকৰ্মী মহিবুল হুছেইনক দাৰে আক্ৰমণ কৰে । জুৰীয়াদলং খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ পাহাৰ লাইন কেম্পৰ মহিবুল হুছেইন দাৰ ঘাপত আঘাটপ্ৰাপ্ত হয় । লগে লগে বনকৰ্মীগৰাকীক ভাগ্যপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ।

বৰপেটাৰোডত এদিন পূৰ্বে পালন বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলা প্ৰশাসনে আয়োজিত কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে ৷ দাসে উক্ত অনুষ্ঠানৰ জৰিয়তে ৰাজ্যবাসীক গছপুলি ৰোপণৰ বাবে উৎসাহিত কৰাৰ লগতে বিভিন্ন চৰকাৰী আঁচনি সম্পৰ্কে ৰাইজক ব্যক্ত কৰে ৷

কৰিমগঞ্জৰ ৰাজহুৱা স্থানত উদ্ধাৰ ব্যৱহৃত পিপিই কিট

কৰিমগঞ্জৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ ৰাজপথৰ কাষত ব্যৱহাৰ হোৱা পিপিই কিট উদ্ধাৰক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ কিয়নো কৰিমগঞ্জত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

অৰুণাচলত বিক্ৰী কৰা কলগাছিয়াৰ ৪ শ্ৰমিকক উদ্ধাৰ

অৰুণাচলত তিনিমাহ পূৰ্বে বিক্ৰী কৰা কলগাছিয়াৰ মুহীয়া গাঁৱৰ চাৰি শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় কলগাছিয়া আৰক্ষী । অৰুণাচলৰ দামিন টাউনৰ বিংগা বাদুৰক ৪ লাখ টকাত শ্ৰমিক কেইজনক বিক্ৰী কৰিছিল ছফিকুল ইছলাম আৰু নুৰ আমিন মোল্লা নামৰ দুই ধৃতই ।

ABOUT THE AUTHOR

...view details