গালৱান সংঘৰ্ষক লৈ প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰশ্ন ৰাহুল গান্ধীৰ
ভাৰত-চীন সীমান্তৰ গালৱানত হোৱা সংঘৰ্ষত ২০ ভাৰতীয় সেনাৰ শ্বহীদৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটযোগে প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰশ্ন উত্থাপন কৰে । প্ৰধানমন্ত্ৰী মৌন কিয় আৰু তেওঁ কিয় সকলো লুকাই ৰাখিছে বুলি প্ৰশ্ন কৰে ৰাহুল গান্ধীয়ে ।
এটা বিড়ি প্ৰতিষ্ঠানৰ বিৰুদ্ধে বঙাইগাঁৱত এজাহাৰ
প্ৰদীপ নামৰ বিড়ি প্ৰস্তুত প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে অভয়াপুৰী আৰক্ষী চকীত এজাহাৰ দাখিল অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ ৷ প্ৰতিষ্ঠানটোত দ্বাৰা প্ৰস্তুত কৰা বিড়িৰ ফটোত অসমীয়াৰ অভিমান বিহুৰ ফটো সন্নিবিষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ৷
চিয়াঙৰ বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে জোনাইত
জোনাইৰ চিয়াং নদীৰ বাঢ়নী পানীত বুৰ গৈছে কেইবাখনো গাঁৱৰ ঘৰ-বাৰীৰ লগতে কৃষিভূমি ৷ বানৰ তাণ্ডৱত ক্ৰমাৎ নিশ্চিহ্ন হোৱাৰ পথত ৫০ লাখটকীয়া নিৰ্মীয়মান মথাউৰি ৷
মুজফ্ফৰপুৰ আদালতত ছলমান খান, কৰণ জোহৰৰ বিৰুদ্ধে গোচৰ ৰুজু
কৰণ জোহৰ, আদিত্য চোপ্ৰা, ছলমান খান, সঞ্জয় লীলা ভাঞ্চালী, একতা কাপুৰসহ বহুকেইগৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ সুশান্ত সিং ৰাজপুতক হত্যা কৰা হৈছে বুলি দাবী অধিবক্তা সুধীৰ কুমাৰৰ ৷
ছিপাঝাৰৰ সৰ্থেবাৰী মাজদিয়ালৈ হাইজেক মালভৰ্তি ট্ৰাক
ছিপাঝাৰৰ ওচৰৰ পৰা বৰপেটা জিলাৰ সৰ্থেবাৰীৰ মাজদিয়ালৈ হাইজেক কৰি আনে ট্ৰাকখন । ট্ৰাকখনৰ নম্বৰ AS01-HC 4090 বুলি জানিব পৰা গৈছে ৷ ডকাইতি কাণ্ডটোত জড়িত থকা দুৰ্বৃত্তৰ দলটোক নেতৃত্ব দিয়াৰ অভিযোগ মাজদিয়াৰ আলতাফ খান নামৰ এটা দুৰ্বৃত্তৰ বিৰুদ্ধে ।