ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ
ৰাষ্ট্ৰীয় ঘাইপথ পৰিচালনা আৰু মেৰামতিৰ নামত চিৰাঙত সংঘটিত হৈছে অনিয়ম ৷ ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বঙাইগাঁৱস্থিত কাৰ্যালয়ৰ পৰা এই অনিয়ম নিয়ন্ত্ৰিত হোৱাৰ উত্থাপিত হৈছে ব্যাপক অভিযোগ ৷ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আমছুৰ চিৰাং জিলা সমিতিয়ে ৷
২৪ ঘণ্টাৰ ভিতৰত দিল্লীৰ সকলো কোভিড-১৯ হাস্পতালত চিচি কেমেৰা সংস্থাপনৰ নিৰ্দেশ
দিল্লীৰ এল এন জে পি হাস্পতাল পৰিদৰ্শন কৰি মুখ্য সচিব বিজয় কুমাৰ দেৱক চিচি কেমেৰা সংস্থাপন নিৰ্দেশ প্ৰদান কৰে গৃহমন্ত্ৰী অমিত শ্বাহে । নিৰ্দেশ অনুসৰি 'PWD' বিভাগে ২৪ ঘণ্টাৰ ভিতৰত দিল্লীৰ সকলো কোভিড-১৯ ৱাৰ্ডত চিচি টিভি কেমেৰা সংস্থাপিত কৰিব আৰু এই ৰিপৰ্ট "pshealth@nic.in." ৱেৱচাইটত আপডেট কৰিব লাগিব ।
'ৰাজীৱ গান্ধী খেল ৰত্ন'ৰ বাবে হিমা দাস আৰু 'অৰ্জুন বঁটা'ৰ বাবে মনোনীত লাভলীনা
দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্নৰ বাবে মনোনীত ধিং এক্সপ্ৰেছ নামে খ্যাত স্বৰ্ণ কন্যা হিমা দাসৰ নাম । আনহাতে লাভলীনা বৰগোঁহাইক অৰ্জুন বঁটাৰ বাবে মনোনীত অসম চৰকাৰৰ ।
ৰঙিয়াৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত মহিলাৰ প্ৰতিবাদ
ৰঙিয়াৰ চেপ্তীত অসম গ্ৰামীণ বিকাশ বেংকৰ অতি ক্ষুদ্ৰ শাখাত পুৱা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ শাখাটোৰ অপাৰেটৰগৰাকীয়ে টকা প্ৰদানৰ নামত গাফিলতিৰ কৰাৰ অভিযোগত গ্ৰাহকে কাৰ্যালয়টো ঘেৰাও কৰি সাব্যস্ত কৰে প়্ৰতিবাদ ৷
ডিমা হাছাও জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগৰ কৰ্মচাৰীৰ কৰ্মবিৰতি প্ৰত্যাহাৰ
শীঘ্ৰে দৰমহা প্ৰদান কৰাৰ আশ্বাস লাভ কৰাৰ পাছতে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি কাৰ্যসূচী সাময়িক ভাৱে প্ৰত্যাহাৰ কৰিছে ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰি বিভাগৰ কৰ্মচাৰী সকলে ৷