গোৰেশ্বৰত পুনৰ 6 জনৰ দেহত কোভিড-19 ৰ অৱস্থিতি
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ গোৰেশ্বৰত পুনৰ 6 জন ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড-19 ৰ অৱস্থিতি ৷
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান একাংশ অস্থায়ী স্বাস্থ্যকৰ্মীৰ
দহ বছৰৰ অধিক সময় অস্থায়ী ভিত্তিত নিয়োজিত স্বাস্থ্যকৰ্মী সকলক সকলো চৰকাৰী সুবিধা প্ৰদানৰ বাবে উচ্চ ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশনাক অতি শীঘ্ৰেই কাৰ্যকৰী কৰাৰ আহ্বান টীয়ক এফ.আৰ.ইউৰ একাংশ অস্থায়ী স্বাস্থ্যকৰ্মীৰ ৷
জম্মু কাশ্মীৰত পুনৰ ভাৰতীয় সেনাৰ জালত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী
বৃহস্পতিবাৰে জম্মু কাশ্মীৰৰ শোপিয়া জিলাৰ খোজপুৰাৰ পৰা ভাৰতীয় সুৰক্ষা সেনাই আটক কৰে এজন লস্কৰ-ই-তৈবা (এলইটি)ৰ সন্ত্ৰাসবাদী সদস্যক । সন্ত্ৰাসবাদীজনৰ পৰা উদ্ধাৰ হয় এটা ৯ এম এম পিষ্টলসহ অন্যান্য যুদ্ধ প্ৰয়োজনীয় সামগ্ৰী ।
ভুৱা সাংবাদিকৰ নামেৰে ধন দাবী কৰা যুৱক আটক
গাঁও পঞ্চায়তৰ সভানেত্ৰীক দুৰ্নীতিৰ বাতৰি প্ৰচাৰ নকৰাৰ নামত ধন দাবী কৰা যুৱকক আটক আৰক্ষীৰ ৷ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ সভানেত্ৰীক ধন দাবী কৰিছিল যুৱকজনে ৷
যীশুখ্ৰীষ্টৰ সোণৰ মূৰ্তিসহ হাউলী আৰক্ষীৰ জালত 8 জনীয়া ডকাইতৰ দল
হাউলী আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীৰ এটা দলে, যীশুখ্ৰীষ্টৰ সোণৰ, 40 শহস্ৰাধিক টকাসহ 8 জনীয়া এটা অভিযুক্ত ডকাইতৰ দল আটক কৰে ৷