বাঘজানৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মুখ্যমন্ত্ৰী সোণোৱালৰ
বাঘজানৰ ভুক্তভোগী ৰাইজক যিকোনো প্ৰকাৰৰ সহায় সহযোগিতাৰ বাবে মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশ্বাস দিয়াৰ লগতে সকলোকে আতংকিত নহৈ পৰিস্থিতিৰ সৈতে মুকাবিলা কৰিবৰ বাবে আহ্বান জনায় ৷ লগতে বাঘজানৰ গেছ নিৰ্গমণস্থলীত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে মুখ্যমন্ত্ৰী গৰাকীয়ে বাৰ্তালাপ কৰা বুলিও জানিবলৈ দিয়ে ৷
সুৰক্ষিত নহয় বিশ্বনাথ পানপুৰ মথাউৰি
মথাউৰি নিৰ্মাণৰ নামত জল সম্পদ বিভাগৰ ভেকো ভাওনা ৷ প্ৰায় 4 লক্ষ মানুহৰ বাবে ভাবুকি কঢ়িয়াইছে বিশ্বনাথৰ পানপুৰ মথাউৰিয়ে ৷ পানপুৰ মথাউৰি মেৰামতিৰ কামত চৰকাৰে গাফিলতি কৰাৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক নুৰজামাল সৰকাৰে ৷
ৰাজ্যপালৰ নিৰ্দেশ অমান্য কৰি অব্যাহত শিল-বালিৰ খনন
বিটিচিত অব্যাহত থকা ৰাজ্যপালৰ শাসনক ভেঙুচালি প্ৰদৰ্শন কৰি চিৰাঙত অবৈধভাৱে সংগ্ৰহ কৰা হৈছে শিল-বালি । বিভাগীয় নিষেধাজ্ঞা থকাৰ পিছতো নদীৰ পৰা অবৈধ মহলসমূহে সম্প্ৰতি ব্যস্ত হৈ পৰা দেখা গৈছে শিল-বালি সংগ্ৰহ কৰা ৷ চকুমুদা কুলিৰ ভূমিকা গ্ৰহণ বন বিভাগৰ ।
ৰোগীৰ মৃত্য়ুক কেন্দ্ৰ কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি
পৰিয়ালৰ অভিযোগ অনুসৰি চিকিৎসকৰ ভুলৰ বাবেই নগাঁৱৰ জি.ডি চিকিৎসালয়ত, এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পূৰ্বতেও চিকিৎসালয় খনত এনে ভুল হোৱাৰ অভিযোগ উত্থাপন কৰি চিকিৎসালয়খন ছীল কৰি দিয়াৰ দাবী উত্থাপন কৰিছে একাংশ স্থানীয় লোকে ৷
বিশাখাপট্টনমৰ গেছ নিৰ্গমণ সন্দৰ্ভত তদন্ত কমিটিয়ে ২২ জুনত চৰকাৰক দিব লাগিব প্ৰতিবেদন
অন্ধ্ৰ প্ৰদেশৰ চৰকাৰে বিগত মাহত সংঘটিত বিশাখাপট্টনম গেছ লিক হোৱা ঘটনা সন্দৰ্ভত গঠন কৰা কমিটিত পুনৰ চাৰিজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰে । এই কমিটিখনে আগন্তুক ২২ জুনত চৰকাৰ ওচৰত ঘটনা সন্দৰ্ভত সকলো তথ্য সদৰি কৰিব লাগিব বুলিও সদৰি কৰে ।