অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten news at 9am

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

9 বজাৰ শীৰ্ষ দহটা বাতৰি...
9 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : May 28, 2021, 9:07 AM IST

এটা সৰু কাগজৰ টুকুৰাৰ পৰা লাখপতি হ'ল আদিল খান

কোনোদিনেই লাখ টকাৰ সপোন দেখা নাছিল আদিল খানে । নগাঁৱৰ ধিঙৰ জাৰমাৰীৰ নিবাসী আদিল খানে সৰু ঘৰ এটা নিৰ্মাণৰ পৰিকল্পনা কৰিছিল । ইয়াৰ পাচত ঘৰ নিৰ্মাণৰ বাবে ক্ৰয় কৰা চিমেণ্টৰ বস্তাৰ পৰা ওলোৱা কাগজৰ সৰু এটা টুকুৰাই লাখপতি বনাই দিলে আদিল খানক। কিন্তু কেনেকৈ ?

প্ৰহসনত পৰিণত অভয়াপুৰীৰ জলসিঞ্চন বিভাগৰ কোটি টকীয়া আঁচনি

প্ৰহসনত পৰিণত হৈছে মেৰেৰচৰ আৰু ডুবাচুৰি গাঁৱৰ জলসিঞ্চন বিভাগৰ কোটি টকীয়া আঁচনি ৷ নিৰ্বিকাৰ বিভাগীয় কৰ্তৃপক্ষ ৷

মাণিকপুৰত একে নিশাই ছখন দোকানত চোৰৰ হাত চাফাই অভিযান

একেটা ৰাতিৰ ভিতৰতে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ সমীপৰ ছখন দোকানত চোৰৰ অভিযান ৷ যাক লৈ ব্যৱসায়ীসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

হোৱাইট ফাংগাছৰ বিৰল ঘটনা: ক্ষুদ্ৰান্ত্ৰ, বৃহদান্ত্ৰ আৰু খাদ্যনলীত সংক্ৰমণ

দিল্লীৰ গংগাৰাম চিকিৎসালয়ত হোৱাইট ফাংগাছৰ এক বিৰল ঘটনা পোহৰলৈ আহিছে ৷ য'ত ক্ষুদ্ৰান্ত্ৰ, বৃহদান্ত্ৰ আৰু খাদ্যনলীত হোৱাইট ফাংগাছৰ সংক্ৰমণৰ ঘটনা ধৰা পৰিছে ৷

দিচাং নৈৰ গৰাখহনীয়াই ত্ৰাস সৃষ্টি কৰিছে খালৈঘুগুৰা বৰবামত

দিচাং নৈৰ ভয়াৱহ গৰাখহনীয়াই শংকিত কৰিছে মাহমৰা সমষ্টিৰ খালৈঘুগুৰা বৰবাম অঞ্চলবাসীক ৷ আজি পৰ্যন্ত কাৰ্যকৰী নহ'ল বান প্ৰতিৰোধ আঁচনি ৷

বাঁহৰ বান্ধেৰে নৈৰ গৰাখহনীয়া ৰোধৰ চেষ্টা ৰাইজৰ

গাঁঠিৰ ধন খৰচ কৰি গৰাখহনীয়া ৰোধ কৰিবলৈ চেষ্টা স্থানীয় ৰাইজৰ । কাণসাৰ নাই জন প্ৰতিনিধিৰ ।

নুমলীগড় শোধনাগাৰত অসম চৰকাৰৰ অংশীদাৰিত্ব ২৬ শতাংশলৈ বৃদ্ধি

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সভাকক্ষত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। অইল ইণ্ডিয়া লিমিটেডক দিলে বিনিয়োগৰ দ্বিতীয় কিস্তিৰ ৫০০ কোটি টকা। মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ অইল খণ্ডৰ ১২ কোটি টকাৰ আৰ্থিক সাহায্য।


চিকিৎসকে ধন সংগ্ৰহ কৰাৰ দৃশ্য বন্দী হ'ল গোপন কেমেৰাত

নগাঁও জিলাৰ দগাঁও প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক তথা এচডিএম জয়নাল আবেদিন ফাৰুকিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে চিকিৎসালয়খনৰ মাধৱেন্দ্ৰ ভূঞা নামৰ আন এজন চিকিৎসকে ৰোগীক ঔষধ দিয়াৰ নামত ধন সংগ্ৰহ কৰি থাকোতে সংবাদ মাধ্যমৰ কেমেৰাত বন্দী হ'ল সমগ্ৰ দৃশ্য ৷


চাকৰিত নিযুক্তিৰ দাবী: চি-টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদ

বৃহস্পতিবাৰে বৰপেটাৰোড ষ্টেডিয়ামত চি-টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ প্ৰতিবাদ ৷ প্ৰতিবাদত কেন্দ্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলকো নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক দাবী প্ৰাৰ্থীসকলৰ ৷

খটখটীত ড্ৰাগছ আৰু নগধ ধন সহ গ্ৰেপ্তাৰ তিনি ড্ৰাগছ ব্যৱসায়ী

কাৰ্বি-আংলং জিলাৰ বোকাজান মহকুমাৰ খটখটীত আৰক্ষীৰ অভিযানত তিনি ড্ৰাগছ ব্যৱসায়ী সহ ২০.৯০ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন, নগদ ধন ৩ লাখ ৬০ হাজাৰ টকা আৰু ১৪ টা ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

ABOUT THE AUTHOR

...view details