অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten news@9

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

9 বজাৰ শীৰ্ষ দহটা বাতৰি...
9 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : May 13, 2021, 9:05 AM IST

কঠোৰ হাতেৰে ক'ভিড-19 ৰ পৰিস্থিতি চম্ভালিব অসম আৰক্ষীয়ে: ভাস্কৰজ্যোতি মহন্ত

বৃহস্পতিবাৰৰ পৰা বলৱৎ হোৱাকৈ ৰাজ্য চৰকাৰে যিবিলাক নতুন বাধা-নিষেধ আৰোপ কৰিছে, সেইবিলাক যদি কোনো লোকে ভংগ কৰে, তেন্তে তেওঁৰ বিৰুদ্ধে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ জৰিয়তে ভাস্কৰজ্যোতি মহন্তই সকীয়নি প্ৰদান কৰে ৷

অজান দেশলৈ গ’লগৈ যুগদ্ৰষ্টা হোমেন বৰগোহাঞি...

সৌ সিদিনা ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈছিল প্ৰসিদ্ধ সাহিত্যিক গৰাকী ৷ যোৱা 7 মে’ত ক’ভিড মহামাৰীক জয় কৰি চিকিৎসালয়ৰ পৰা অব্যাহতি লৈ ঘৰলৈ গৈছিল বিশিষ্ট সাহিত্যিক গৰাকী ৷ কিন্তু হঠাৎ বুধবাৰে পুৱতি নিশা স্বাস্থ্যৰ অৱনতি ঘটে সাহিত্যিক গৰাকীৰ ৷ লগে লগেই তেখেতক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷ কিন্তু বিফল হ’ল চিকিৎসকৰ আপ্ৰাণ চেষ্টা ৷ নিয়তিৰ ওচৰত হাৰ মানিলে হোমেন বৰগোহাঞিয়ে ৷

ড৹ হোমেন বৰগোহাঞিৰ মৃত্যুত বাক্সা জিলা সাহিত্য সভাৰ শোক প্ৰকাশ

অসমৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক হোমেন বৰগোহাঞিৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ বাক্সা জিলা সাহিত্য সভাৰ ।

শিৱসাগৰত বৃক্ষ ৰোপনেৰে হোমেন বৰগোহাঞিলৈ শেষ শ্ৰদ্ধাঞ্জলি

স্বনামধন্য সাহিত্যিক, সাংবাদিক তথা বুদ্ধিজীৱি হোমেন বৰগোহাঞিৰ মৃত্যুত শোকত ভাগি পৰিছে সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাতো বৰগোহাঞিক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে সদৌ অসম বৰগোহাঁই বংশাৱলী উদযাপন সমিটিয়ে ৷

পুৰনিগুদামত চাৰি চোৰাং কাঠ সৰবৰাহকাৰী আটক

চোৰাং কাঠৰ বিৰুদ্ধে পুৰনিগুদাম আৰক্ষীৰ অভিযান ৷ বুধবাৰে নিশা অভিযান চলাই এখন মাৰুতি ৱেগ'নাৰ বাহনৰ পৰা 11 বস্তা আগৰ কাঠসহ পুৰণিগুদাম আৰক্ষীয়ে চাৰি সৰবৰাহকাৰীক আটক কৰে ৷ নগাঁৱৰ কোনো অজ্ঞাত স্থানলৈ সৰবৰাহৰ চেষ্টা চলোৱা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় 80 হাজাৰ ৷ সম্প্ৰতি জব্দ কৰা বাহন আৰু আগৰ কাঠসহ চাৰি সৰবৰাহকাৰীক পুৰণিগুদাম আৰক্ষীয়ে নগাঁও সদৰ আঞ্চলিক বন বিভাগক গটাই দিছে ৷

কলিয়াবৰত এটা আৱাসিক এলেকাক কণ্টেইনমেণ্ট জ'ন ঘোষণা

নিৰ্মীয়মান দ্বিতীয়খন কলিয়াভোমোৰা দলং নিৰ্মাণ প্ৰতিষ্ঠান 'গেমন ইঞ্জিনীয়াৰ আৰু কনষ্ট্ৰাকচন'ৰ আৱাসিক এলেকাত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে মহকুমা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে ৷

আমগুৰিত ধুমুহাত ক্ষতিগ্ৰস্তলৈ ত্ৰিপাল প্ৰদান

শিৱসাগৰ জিলাৰ দিখৌমুখত ধুমুহাত ক্ষতিগ্ৰস্ত লোকক সাহায্য বিতৰণ ৷ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ তৎপৰতাত বিতৰণ কৰা হয় এই সাহায্য ৷

উত্তৰাখণ্ডৰ কেঞ্চীধাম মন্দিৰৰ সমীপত ডাৱৰ বিস্ফোৰণ

উত্তৰাখণ্ডৰ নাইনিতালৰ ঐতিহাসিক বাবা নিম কৰোলী মহাৰাজ মন্দিৰৰ সমীপত বুধবাৰে ডাৱৰ বিস্ফোৰণ ঘটে ৷ উক্ত বিস্ফোৰণৰ ফলত অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে যথেষ্ট ক্ষতিসাধন হয় ৷ এই পৰ্যন্ত উক্ত ডাৱৰ বিস্ফোৰণত কোনো লোকৰ হতাহত হোৱাৰ খবৰ পোহৰলৈ অহা নাই ৷ ইফালে এই বিস্ফোৰণৰ ফলত মাটি-বোকা আদিৰে পৰিপূৰ্ণ হৈ নাইনিতালৰ-অল্মোড়া সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷ বৰ্তমান পৰ্যন্ত প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷

অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত ৰূপজ্যোতি কুৰ্মী

অপহৃত ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত হৈ আলফা(স্বা) ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ৰাজনীতিৰ পথাৰলৈ অহাৰ আহ্বান মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ অপহৃত ৰিতুল শইকীয়াৰ মুকলিৰ বাবে আলফাৰ লগত মধ্যস্থতাকাৰী হ’বলৈ সাজু মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ।

বজালীত ৰাইজৰ দৃষ্টি কাঢ়িছে এখন বিশেষ চাৰিচকীয়া বাহনে

অভাৱেই আৱিষ্কাৰৰ মূল-এই কথা আখৰে আখৰে সত্য প্ৰমাণিত কৰি দেখুৱাইছে বজালীৰ শৈলেন কলিতাই । বজালী জিলাৰ সীমান্তৱৰ্তী গাঁও কাৱৈমাৰীৰ এই গৰাকী ব্যক্তিয়ে প্ৰায় তিনিমাহ ধৰি কৰা এক প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ কৰি উলিয়ালে এখন বিশেষ চাৰিচকীয়া বাহন ৷

ABOUT THE AUTHOR

...view details