অসম

assam

By

Published : Nov 5, 2020, 9:15 AM IST

ETV Bharat / state

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

Top Ten News at 9
পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

নৱম মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি স্মৰণ সুধাকন্ঠ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাক

সুৰ, সংগীত আৰু মহান ব্যক্তিত্বৰে অসমীয়া সমাজ জীৱনক প্ৰতি নিয়ত উদ্বুদ্ধ কৰি ৰখা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ আজি নৱম সংখ্যক মৃত্যু বাৰ্ষিকী ৷ 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত জন্ম হৈছিল এইগৰাকী মহান শিল্পীৰ ৷ তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তি প্ৰিয়া হাজৰিকা ৷

14 দিনৰ ন্যায়িক জিম্মালৈ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী

অৰ্ণৱৰ লগতে আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে দুই অভিযুক্ত ফিৰোজ শ্বেইখ আৰু নীতিশ চৰ্দাক ৷ তদন্তৰ নামত সাংবাদিকগৰাকীক আটক কৰা সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱেই বে-আইনী বুলি মন্তব্য কৰে অধিবক্তা আবাদ পোণ্ডাই ৷

উত্তৰ-পূৱত অধিক বিনিয়োগৰ লক্ষ্য ইজৰাইলৰ

অসম আৰু মেঘালয় ভ্ৰমণৰ পিচতেই ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰ'ণ মালকাই পত্নী লিয়া মালকাৰ সৈতে আগৰতলাত উপস্থিত হয় ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ লগতে মুখ্য সচিব মনোজ কুমাৰৰ নেতৃত্বৰ চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় ৷

প্ৰথমবাৰলৈ জম্মুূ-কাশ্মীৰত অনুষ্ঠিত হ'ব জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন

জম্মু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰথমবাৰৰ বাবে জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন 28 নৱেম্বৰৰ পৰা 8 টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব ৷ মুঠ 280 খন আসনৰ বাবে 8 টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব জম্মু কাশ্মীৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন ৷

দেশত আৰম্ভ হ’ব দ্বিতীয় লানি কৃষক বিদ্ৰোহ

সমগ্ৰ দেশৰ কৃষকে শেহতীয়াকৈ বলৱৎ হোৱা কৃষি আইনৰ বিৰোধিতাৰে দ্বিতীয় লানি আন্দোলন কৰাৰ বাবে যো-জা চলাইছে ৷ এই আইন আৰু নতুন শক্তি বিধেয়ক 2020 বাতিলৰ দাবীত বৃহস্পতিবাৰে 4 ঘন্টীয়া ‘ৰাস্তা ৰোকো প্ৰতিবাদ’ আৰু 26-27 নবেম্বৰত ‘দিল্লী চলো’ কাৰ্যসূচী হাতত লৈছে কৃষক সকলে ৷

লক্ষ্য 2021 : দেওবাৰে কৰিমগঞ্জলৈ যাব বদৰুদ্দিন আজমল

দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে কৰিমগঞ্জত উপস্থিত হ’ব এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল ৷ বুধবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা প্ৰকাশ কৰে কৰিমগঞ্জৰ জিলা এ আই ইউ ডিএফৰ সভাপতি আজিজুৰ ৰহমান তালুকদাৰে ।

মধ্যপ্ৰদেশত দিপাৱলীৰ ধামাকা দিব বিজেপিয়ে : শিৱৰাজ

মধ্যপ্ৰদেশ উপনিৰ্বাচনত 28 খন আসনত প্ৰায় 70 শতাংশ ভোটদান হোৱাৰ পাচত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে বুধাবাৰে মত প্ৰকাশ কৰিছে যে, এই উপনিৰ্বাচনত ব্যাপক হাৰত ভোটদান হৈছে আৰু বিজেপিয়ে বিপুলভাৱে জয়লাভ কৰিবলৈ সক্ষম হ’ব ৷

ভাবুকি ভৰা ফোন ক’ল লাভ কৰাৰ পিচতে দিল্লী বিমান বন্দৰৰ সুৰক্ষা ব্যৱস্থা বৃদ্ধি

দিল্লীস্থিত ইন্দিৰা গান্ধি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সুৰক্ষালৈ ভাবুকি প্ৰদান কৰিছে কোনো দুষ্ট চক্ৰই ৷ উল্লেখযোগ্য যে, SFJ জীক্স ফ’ৰ যাষ্টিচ নামৰ এটা সংগঠনে ভাবুকি ভৰা ফোন ক’লৰ জৰিয়তে এয়াৰ ইণ্ডিয়া বাহন লণ্ডন নোপোৱাৰ আগতে ধব্বংস কৰি দিয়াৰ ভাবুকি প্ৰদান কিছিল ৷

ওড়িশাত সুৰক্ষা বাহিনীয়ে উৎখাত কৰিলে মাওবাদী শিৱিৰ

ওড়িশাৰ মালকানগিৰি জিলাৰ চিত্ৰাকোণ্ডা ব্লকৰ অন্তৰ্ভুক্ত স্বাভিমান আঁচলত বুধবাৰে এটি মাওবাদী শিৱিৰৰ উৎখাত কৰে ওড়িশা আৰক্ষী, অন্ধ্ৰপ্ৰদেশ আৰক্ষী আৰু বিএছএফ জোৱানে ৷ শিৱিৰটোৰ পৰা বহু পৰিমানৰ অস্ত্ৰ, গোলা-বাৰুদ আৰু অন্য সামগ্ৰী উদ্ধাৰ কৰে সুৰক্ষা বাহিনীয়ে ৷

দিল্লীত তৃতীয় স্তৰ অতিক্ৰম কৰিছে ক'ভিড-19 ৰ সংখ্যাই

দিল্লীত পুনৰ বৃদ্ধি পাইছে কৰ'ণা ৰোগীৰ সংখ্যা ৷ মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে তথ্য ৷ প্ৰদূষণ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য অৰবিন্দ কেজৰিৱালৰ ৷

ABOUT THE AUTHOR

...view details