জন্ম বাৰ্ষিকী উপলক্ষে ড৹ এপিজে আব্দুল কালাম আজাদলৈ দেশবাসীৰ শ্ৰদ্ধা
আজি ভাৰতৰ ‘মিছাইল মানৱ’ খ্যাত ড৹ এপিজে আব্দুল কালাম আজাদৰ জন্ম জয়ন্তী ৷ জন্মদিন উপলক্ষে সমগ্ৰ দেশে শ্ৰদ্ধাৰে স্মৰণ কৰিছে মিছাইল মানৱ গৰাকীক ৷
অগপৰ প্ৰতিষ্ঠা দিৱস পালন
ৰাজ্য়জুৰি অসম গণ পৰিষদ দলৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন । যোৰহাটত বৃহৎ জন সমাগমে প্ৰমাণ কৰিলে দলটোৰ প্ৰতি থকা ৰাইজৰ আস্থাৰ কথা ।
কলগাছিয়াৰ আবুল কালাম আজাদৰ মৃতদেহ উদ্ধাৰত ৰহস্যৰ গোন্ধ
কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলাৰ আবুল কালাম আজাদৰ মৃতদেহ উদ্ধাৰ ৷ 9 অক্টোবৰত কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি দাস আৰু হাউলী আৰক্ষী থানাৰ আৰক্ষীয়ে সুঁতিৰপাথাৰ বেঁকী নদীত উদ্ধাৰ কৰে মৃতদেহটো ৷ এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি বৰভিটা আৰক্ষী চকীৰ বিষয়া প্ৰণৱ হাজৰিকাই উল্লেখ কৰে ৷
বৰপেটাত মাৰণাস্ত্ৰসহ এজন গ্ৰেপ্তাৰ
চিৰাং জিলাৰ চিদলীৰ সমীপৰ মাজবাৰী গাঁৱৰ ছাইফুদ্দিন দেৱান (41) ৷ লোকজনৰ পৰা এটা হস্তনিৰ্মিত ৰিভলভাৰ আৰু ৬ জাই সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
প্ৰাপ্য আদায়ৰ দাবীত জীৱিকা সখীৰ ধৰ্ণা
প্ৰাপ্য আদায়ৰ দাবীত বকলীয়াঘাটত জীৱিকা সখীৰ ধৰ্ণা ৷ কামৰ মজুৰি বৃদ্ধি, চিকিৎসা আৰু ভ্ৰমণৰ ভাট্টা প্ৰদানকে ধৰি বিভিন্ন সা সুবিধা প্ৰদানৰ দাবী জীৱিকা সখী সকলৰ ৷ পাহাৰীয়া এলেকাৰ দুৰ্গম অঞ্চললৈ গৈ নিজ দায়িত্ব পালন কৰাৰ পিছতো চৰকাৰে তেনেই নূন্যতম মজুৰি প্ৰদান কৰাত ক্ষোভ এইসকল কৰ্মীৰ ৷