অসম

assam

By

Published : Mar 24, 2021, 9:21 AM IST

ETV Bharat / state

ন বজাৰ শীৰ্ষ দহটা বাতৰি...

ন বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 9 pm
ন বজাৰ শীৰ্ষ দহটা বাতৰি

কংগ্ৰেছৰ 5 টা গেৰাণ্টিৰ বিপৰীতে বিজেপিৰ 10 টা সংকল্প

10 টা সংকল্পৰে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷ এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, নৰেন্দ্ৰ সিং টোমৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ লগতে বিজেপিৰ বহু শীৰ্ষ নেতা ৷

কলিয়াবৰ শালনাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কলিয়াবৰৰ শালনাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী সভা ৷ কলিয়াবৰত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে চাহ বাগানত সোণোৱাল ৷ বাগানীয়া ভাষাতে চাহ জনগোষ্ঠী ৰাইজক সম্বোধন মুখ্যমন্ত্ৰীৰ ৷

মহাজোঁটৰ ভূতে খেদি ফুৰিছে বিজেপিক: অভিজিত হাজৰিকা

মহাজোঁটৰ ভূতে খেদি ফুৰিছে বিজেপিক- এই মন্তব্য ৭৪ নং ৰঙাপৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অভিজিত হাজৰিকাৰ । মঙলবাৰে ৰঙাপৰা সমষ্টিৰ খলিহামাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷

বিজেপি নেতা জে পি নাড্ডাৰ মন্তব্যই কপাঁইছে ৰাজ্য

মঙলবাৰে গুৱাহাটীত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ সভাত জে পি নাড্ডাই 'কা' আইন বলৱৎ কৰাৰ কথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সদম্ভে ঘোষনা কৰাৰ পাচতে ক্ষোভৰ জুই জ্বলিছে সৰ্বত্ৰে ৷ প্ৰতিখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ মাজতো উঠিছে প্ৰতিবাদৰ ঢৌ ৷

বৃদ্ধি হৈছে ৰাস্তাৰ সম্প্ৰসাৰণ ; নিৰ্মাণ হৈছে প্ৰতিদিনে ৩০ কিলোমিটাৰতকৈও অধিক ৰাষ্ট্ৰীয় ঘাইপথ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ মতে, সমগ্ৰ দেশজুৰি মুঠ ৬২ লাখ ১৫ হাজাৰ ৭৯৭ কিলোমিটাৰ দৈৰ্ঘৰ পথ আছে । ইয়াৰে ১ লাখ ৩৬ হাজাৰ কিলোমিটাৰ কেৱল ৰাষ্ট্ৰীয় ঘাইপথ ।

ভাৰতত অসম্পূৰ্ণ হৈ আছে ৮৮৮ টাৰো অধিক পথ প্ৰকল্পৰ কাম

এটা দশকৰো অধিক সময় ধৰি ভাৰতত নিৰ্মীয়মান অৱস্থাতে আছে বহু পথ প্ৰকল্পৰ কাম । কেন্দ্ৰীয় পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত ৬২,১৫,৭৯৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ আছে । ইয়াৰ ভিতৰত, ১,৩৬,০০০ কিলোমিটাৰ পথ হৈছে ৰাষ্ট্ৰীয় ঘাইপথ ।

ক’ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান অভিযানত কোন ৰাষ্ট্ৰ আছে আগুৱাই ?

ভাৰতবৰ্ষত ক’ভিড-১৯ ৰ বিৰুদ্ধে প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ হয় ২০২১ চনৰ ১৬ জানুৱাৰীত ৷ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ভাইৰাছ বিধৰ সংস্পৰ্শলৈ অহাৰ অধিক সম্ভাৱনীয়তা থকা অগ্ৰণী স্বাস্থ্যকৰ্মী সকলক অগ্ৰাধিকাৰ দিয়া হৈছিল ৷ মাৰ্চ মাহৰ পৰা এতিয়ালৈকে একাধিক ৰোগত ভূগি থকা ৪৫ বছৰ আৰু ষাঠি বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকলক প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰি দিয়া হৈছে ৷

পশ্চিমবংগ নিৰ্বাচনঃ পুনৰ ১৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে মঙলবাৰে পুনৰ ১৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে । বালুৰঘাট সমষ্টিত অৰ্থনীতিবিদ অশোক লাহিড়ীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে গেৰুৱা দলটোৱে । লাহিড়ীক প্ৰথমে আলিপুৰদুৱাৰত টিকট প্ৰদান কৰা হয় যদিও পিছত দলে সুমন কাঞ্জিলালক আলিপুৰদুৱাৰৰ পৰা প্ৰতিদ্বন্দিতা কৰাবলৈ সিদ্ধান্ত লয় ।

COVID-১৯ বিষয়ক নিৰ্দেশনা জাৰি উত্তৰ প্ৰদেশ চৰকাৰৰ

যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰে COVID-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে ফাকুৱাৰ পূৰ্বে নতুন নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনা অনুসৰি, ফাকুৱা উপলক্ষে যিকোনো ৰাজহুৱা অনুষ্ঠান অথবা শোভাযাত্ৰাৰ আয়োজন কৰিবলৈ পূৰ্বে অনুমতি ল'ব লাগিব ।

'থলাইৱী'ৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিলে কংগনা ৰাণাৱটে

নিজৰ জন্মদিনৰ শুভক্ষণতে বহু প্ৰতীক্ষিত ছবি 'থলাইৱী'ৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিলে বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটে । অভিনয় জগতৰ পৰা ৰাজনীতিৰ পথাৰত খোজ পেলোৱা তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী জয়া ললিতাৰ জীৱন কাহিনীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে ।

ABOUT THE AUTHOR

...view details