অসম

assam

By

Published : Mar 15, 2021, 9:00 AM IST

ETV Bharat / state

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

top ten news at 9 pm
পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি

এদিনীয়া ভ্ৰমণসূচীৰে অসমত বিজেপিৰ অধ্যক্ষ জে পি নাড্ডা

আজি এদিনীয়া ভ্ৰমণসূচীৰে অসমত আহি উপস্থিত হ'ব বিজেপিৰ অধ্যক্ষ জে পি নাড্ডা ৷ ঢকুৱাখনা, জামগুৰিহাট,বৰচলা আৰু শোণিতপুৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব নাড্ডাই ৷

নলবাৰীত আছু নেতাক আক্ৰমণ দূৰ্বৃত্তৰ

নলবাৰীৰ জাজিয়াবাৰীত ৩ আছু নেতাক আক্ৰমণৰ ঘটনা ৷ প্ৰায় ৮/১০ জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে ৩ আছু নেতাক। তামুলপুৰৰ পৰা আহি থকা অৱস্থাত খাতিকুছিত টেম্প' ভানত অহা দুৰ্বৃত্তৰ দলটোৱে আছু নেতাৰ বাহনখন আগভেটি ধৰি নেতা কেইজনক আক্ৰমণ কৰে ৷

দিছপুৰত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'ব: প্ৰদ্যুত বৰদলৈ

কোন দলে কিমান আসন লাভ কৰি দিছপুৰত গাদী দখল কৰিব তাক লৈ চৰ্চা চলাই থকাৰ সমান্তৰাল ভাৱে ৰাজনৈতিক দল সমূহে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ ৷ দেওবাৰে মৰাণ সমষ্টিৰ গাতে লাগি থকা থাওৰা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷

অসমৰ ৰাইজে ইতিমধ্যে বিজেপিক জয়ী কৰোৱাৰ সিদ্ধান্ত লৈছে : সোণোৱাল

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পুণাকন বৰুৱাৰ হৈ চাবুৱাত মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ ৷ অসমীয়া জাতিক সুৰক্ষিত কৰিবলৈ হ'লে বিজেপি চৰকাৰ প্ৰয়োজন আছে বুলি মন্তব্য সোণোৱালৰ ৷ বিনোদ হাজৰিকা, পুণাকন বৰুৱাক জয়যুক্ত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ৷

নাহৰকটীয়াত অগপৰ দুৰ্গত মোক্ষম আঘাত

ভেটি শক্তিশালী হৈছে নাহৰকটীয়াৰ বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ ৷ এজিপিৰ দুৰ্গ খ্যাত বৰবাম পঞ্চায়তত 200 অগপ কৰ্মীৰ বিজেপিত যোগদান ৷

লাডাখত প্ৰাণ হেৰুৱালে অসমৰ জোৱানে

লাডাখৰ চিয়াচেন গ্লেচিয়াৰত মৃত্যু খনামুখ টিপমীয়া গাঁৱৰ বীৰ জোৱান নিতুল গগৈৰ ৷ অষ্টম অসম ৰেজিমেন্টত কৰ্মৰত চুবেদাৰ নিতুল গগৈ(৪৩) নামৰ জোৱান জনৰ ১৩ মাৰ্চত মৃত্যু হোৱাত সমগ্ৰ খনামুখ চিন্তামণিগড় অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে ৷

সঞ্জয় কিষাণৰ হৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ

তিনিচুকীয়া জিলাৰ ১২২ নং তিনিচুকীয়া বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া চহৰৰ দহোতীয়াচুক বিহুতলিত বিজেপিৰ মনোনীত প্ৰাৰ্থী সঞ্জয় কিষাণৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

নিজে পতা জালত বন্দী মাওবাদী সদস্য

আৰক্ষীক লক্ষ্য কৰি আইইডি স্থাপন কৰিবলৈ লওঁতে আইইডিটো বিস্ফোৰণ হৈ মৃত্যু হয় সুনীল পদম নামৰ এজন মাওবাদী সদস্যৰ । গায়থাপাৰাৰ ওচৰত পশ্চিম বষ্টাৰ ডিভিজনৰ চিপিআই মাওবাদীজনে আইইডিটো স্থাপন কৰাৰ চেষ্টা কৰিছিল ।

মণিপুৰত PREPAK (PRO) ৰ এজন দুধৰ্ষ কেডাৰক আটক

অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযানত দেওবাৰে PREPAK (PRO) ৰ এজন দুৰ্ধৰ্ষ কেডাৰক আটক কৰিবলৈ সক্ষম হয় ৷ ইম্ফল পশ্চিমৰ লিলং চাজিং অঞ্চলত অভিযান চলাই আটক কৰে কেডাৰ জনক ৷

আকৌ প্ৰেমত পৰিছে ছুজেন খান !

২০১৪ চনত ঋত্বিক ৰোছন আৰু ছুজেন খানৰ বিবাহ বিচ্ছেদ ঘটিছিল । ছুজেন এতিয়া পুনৰ প্ৰেমত পৰাৰ বিষয়ত চৰ্চা আৰম্ভ হৈছে । এইবাৰ টেলিভিছন জগতৰ অভিনেতাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছে ছুজেন খানৰ ।

ABOUT THE AUTHOR

...view details