অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি... - শীৰ্ষ দহটা বাতৰি

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 9 am
9 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Sep 24, 2021, 9:15 AM IST

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

সত্য প্ৰমাণিত হ'ল ই টিভিৰ বাতৰি : ৬০০ কোটি ঋণ লোৱাৰ আনুষ্ঠানিকতা আৰম্ভ চৰকাৰৰ

ৰাজ্য চৰকাৰে মুকলি বজাৰৰ পৰা ৬০০ কোটি টকা ঋণ ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলি যোৱা ১২ ছেপ্টেম্বৰতে ইটিভি ভাৰতে পৰিবেশন কৰিছিল বাতৰি ৷ বৰ্তমান এই কথাক সত্য প্ৰমাণ কৰিছে ৰাজ্য চৰকাৰৰ ঘোষণাই ৷ সবিশেষ জানো আহক ৷

গৰুখুটিৰ ঘটনাৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰেপ্তাৰ কেমেৰামেন বিজয় বনিয়াক

দৰঙৰ গৰুখুটিৰ উচ্ছেদ অভিযানত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়ালে প্ৰতিক্ৰিয়া ৷ আৰক্ষীক চৰকাৰে দিয়া দায়িত্ব আৰক্ষীয়ে পালন কৰাৰ কথা উল্লেখ কৰি আৰক্ষীৰ ওপৰত প্ৰতিবাতকাৰীয়ে আক্ৰমণ কৰাৰ কথাও অৱগত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উচ্ছেদ অভিযান অব্যাহত থাকিব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

আৰক্ষীৰে সংঘৰ্ষত নিহত জৌংছাৰ মুছাহাৰীৰ ঘৰত বিপিএফৰ প্ৰতিনিধি দল

বিপিএফৰ বিধায়ক ক্ৰমে ৰবিৰাম নাৰ্জাৰী, দূৰ্গাদাস বড়ো, চৰণ নাৰ্জাৰী আৰু বিপিএফৰ কেইবাগৰাকী পাৰিষদ সহ বিপিএফৰ প্ৰতিনিধি দল এটাই বৃহস্পতিবাৰে আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত জৌংছাৰ বসুমতাৰীৰ ঘৰত উপস্থিত হৈ মৃতকৰ পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে ।

গৰুখুটিৰ ঘটনা সন্দৰ্ভত কি ক’লে সাংসদ ৰিপুন বৰাই ?

দৰং জিলাৰ গৰুখুটিৰ কাণ্ডৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰিপুন বৰাই তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ছিপাঝাৰত উচ্ছেদ কাৰ্যৰ প্ৰতিবাদ কৰা লোকৰ ওপৰত আৰক্ষী বাহিনীয়ে কৰা আক্ৰমণক বৰ্বৰ আৰু অমানৱীয় আচৰণ হিচাপে আখ্যা দিছে তেওঁ ।

কাছাৰ বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

শিলচৰত কাছাৰ বন বিভাগ(Cachar Forest Department)ৰ অভিযানত জব্দ এটা কাঠফলা মেচিনৰ লগতে প্ৰায় এহেজাৰ চি এফ টি চেগুন কাঠ ৷ এক গোপন সূত্ৰৰ পম খেদি বন বিভাগৰ এটা দলে কনকপুৰৰ আলতাব হুছেইন নামৰ এজন লোকৰ ঘৰত অভিযান চলাই চোৰাং কাঠখিনি জব্দ কৰে ৷ জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় 20 লাখ টকা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে বৰ্তমানেও পলাতক অৱস্থাত আছে চোৰাং কাঠ ব্যৱসায়ী আলতাব ৷

বৃহৎ নদীবান্ধ বন্ধৰ দাবীত নলবাৰীত AJYCPৰ প্ৰতিবাদ

নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীক জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াত ৰাজপথতে বহি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ বৃহৎ নদীবান্ধ বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদ সাব্যস্ত কৰে । এন টি ৰ'ডৰ পৰা শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী সমদল বাহিৰ কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

খটখটীত গাঞ্জা সহ আটক 1

বৃহস্পতিবাৰে খটখটী থানাৰ অন্তৰ্গত খটখটী SBI ব্ৰাঞ্চৰ সন্মুখত চলোৱা নিয়মীয়া চালাচীত প্ৰায় 5 কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হয় ৷ ধৃত সৰৱৰাহকাৰীজন গোলাঘাটৰ পোণাকণ শইকীয়া বুলি চিনাক্ত কৰা হৈছে ৷

80 শতাংশলৈ হ্ৰাস পালে শিক্ষানুষ্ঠানসমূহৰ ওপৰত আৰোপ কৰা Patent fees

শিক্ষানুষ্ঠানসমূহৰ ওপৰত আৰোপ কৰা patent fees 80 শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ ৷ মিছন আত্মনিৰ্ভৰ ভাৰত(Mission Aatmanirbhar Bharat)ক আগুৱাই নিয়া পদক্ষেপৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ ওপৰত আৰোপ কৰা patent filing আৰু processing মাচুল 80 শতাংশ পৰ্যন্ত হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

চাৰ্ভিছ ৰাইফলেৰে নিজকে গুলীয়াই সেনাৰ আত্মহত্যা

জম্মু আৰু কাশ্মীৰৰ কুপৱাৰা জিলা(Kupwara district of Jammu and Kashmir)ত সেনা জোৱানৰ আত্মহত্যা ৷ চাৰ্ভিছ ৰাইফলেৰে নিজকে গুলীয়াই আত্মহত্যা সেনাৰ ৬ ৰাষ্ট্ৰীয় ৰাইফলছ(6 Rashtriya Rifles)ৰ লোকিন্দৰ সিঙৰ ৷

ICC Men's T20 World Cup 2021ৰ আনুষ্ঠানিক সংগীত মুকলি

মুকলি হ'ল ICC Men's T20 World Cup 2021ৰ আনুষ্ঠানিক সংগীত ৷ আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে(International Cricket Council) বৃহস্পতিবাৰে মুকলি কৰে ICC Men's T20 World Cup 2021ৰ আনুষ্ঠানিক সংগীত ৷

ABOUT THE AUTHOR

...view details